--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বন্দুকধাৰীৰ আক্ৰমণত কঁপি উঠিল আমেৰিকা। এজন বন্দুকধাৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিদ্যালয়ত কৰা আক্ৰমণত ছজন লোকৰ মৃত্যু ঘটিছে।  নেছভিলৰ এখন প্ৰাথমিক বিদ্যালয়ত এজন বন্দুকধাৰীয়ে গুলীচালনা কৰাৰ ফলত তিনিটা শিশুসহ ছয়জন লোক নিহত হয়। আৰক্ষীয়ে এতিয়াও আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

 জানিব পৰা মতে বন্দুকধাৰীজনে দীৰ্ঘদিন ধৰি আক্ৰমণৰ  পৰিকল্পনা কৰিছিল আৰু বিদ্যালয়খনৰ এখন মানচিত্ৰ অংকন কৰিছিল সেই মতে আক্ৰমণ সংঘটিত কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ঘটনাটোক তীব্ৰ গৰিহণা দিছে।

স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১০ বজাত নেছভিলৰ কোৱানেণ্ট স্কুলত বন্দুকধাৰী লোক জনে প্ৰৱেশ কৰি গুলীচালনা কৰিবলৈ  আৰম্ভ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি আক্ৰমণকাৰীজনে বিদ্যালয়ৰ সন্মুখৰ  এখন সৰু দুৱাৰেৰে প্ৰৱেশ কৰিছিল আৰু গুলীবৰ্ষণ আৰম্ভ কৰিছিল।লোক জনে কেইবাটাও  শ্ৰেণীকোঠাত প্ৰৱেশ কৰি গুলীবৰ্ষণ কৰিছিল। বহু শিক্ষাৰ্থী আৰু শিক্ষকে নিজকে বচাবলৈ আলমাৰীত প্ৰৱেশ কৰিছিল।  গুলীচালনা কৰিয়েই বন্দুকধাৰীজনে বিদ্যালয়ৰ পৰা পলায়ন কৰে। 

নিহতসকলৰ ভিতৰত তিনিজন আঠ বছৰীয়া শিশুও আছে। বিদ্যালয়খনৰ অধ্যক্ষকে  ধৰি আন দুজন  শিক্ষকৰো ঘটনাটোত মৃত্যু হয়।

২৮ বছৰীয়া বন্দুকধাৰীজনক অড্ৰে হেল বুলি চিনাক্ত কৰা হৈছিল। অড্ৰি, এগৰাকী ট্ৰেন্সজেণ্ডাৰ লোক আৰু সেই  বিদ্যালয় খনৰে  প্ৰাক্তন ছাত্ৰ আছিল। উল্লেখ্য আমেৰিকা যুক্তৰাষ্ট্ৰত কিছু দিনৰ  পৰা এনে  আক্ৰমণৰ ঘটনা  বৃদ্ধি পাইছে। বিদ্যালয়ৰ পৰা উপাসনাস্থলীলৈকে , আক্ৰমণৰ পৰা একো বাদ পৰা নাই।  আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে  এই ঘটনাৰ পিছত মুখ খুলিছে। তেওঁ কৈছে : "এনে ঘটনাক সহজভাবে  গ্ৰহণ কৰিব নোৱাৰি। মই গোটেই বিষয়টোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো।  সাধাৰণ লোকে অস্ত্ৰ-শস্ত্ৰ ৰখাটো নিষিদ্ধ কৰাৰ কথাও চিন্তা কৰা হৈছে’’।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা