--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বন্দুকধাৰীৰ আক্ৰমণত কঁপি উঠিল আমেৰিকা। এজন বন্দুকধাৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিদ্যালয়ত কৰা আক্ৰমণত ছজন লোকৰ মৃত্যু ঘটিছে।  নেছভিলৰ এখন প্ৰাথমিক বিদ্যালয়ত এজন বন্দুকধাৰীয়ে গুলীচালনা কৰাৰ ফলত তিনিটা শিশুসহ ছয়জন লোক নিহত হয়। আৰক্ষীয়ে এতিয়াও আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

 জানিব পৰা মতে বন্দুকধাৰীজনে দীৰ্ঘদিন ধৰি আক্ৰমণৰ  পৰিকল্পনা কৰিছিল আৰু বিদ্যালয়খনৰ এখন মানচিত্ৰ অংকন কৰিছিল সেই মতে আক্ৰমণ সংঘটিত কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ঘটনাটোক তীব্ৰ গৰিহণা দিছে।

স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১০ বজাত নেছভিলৰ কোৱানেণ্ট স্কুলত বন্দুকধাৰী লোক জনে প্ৰৱেশ কৰি গুলীচালনা কৰিবলৈ  আৰম্ভ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি আক্ৰমণকাৰীজনে বিদ্যালয়ৰ সন্মুখৰ  এখন সৰু দুৱাৰেৰে প্ৰৱেশ কৰিছিল আৰু গুলীবৰ্ষণ আৰম্ভ কৰিছিল।লোক জনে কেইবাটাও  শ্ৰেণীকোঠাত প্ৰৱেশ কৰি গুলীবৰ্ষণ কৰিছিল। বহু শিক্ষাৰ্থী আৰু শিক্ষকে নিজকে বচাবলৈ আলমাৰীত প্ৰৱেশ কৰিছিল।  গুলীচালনা কৰিয়েই বন্দুকধাৰীজনে বিদ্যালয়ৰ পৰা পলায়ন কৰে। 

নিহতসকলৰ ভিতৰত তিনিজন আঠ বছৰীয়া শিশুও আছে। বিদ্যালয়খনৰ অধ্যক্ষকে  ধৰি আন দুজন  শিক্ষকৰো ঘটনাটোত মৃত্যু হয়।

২৮ বছৰীয়া বন্দুকধাৰীজনক অড্ৰে হেল বুলি চিনাক্ত কৰা হৈছিল। অড্ৰি, এগৰাকী ট্ৰেন্সজেণ্ডাৰ লোক আৰু সেই  বিদ্যালয় খনৰে  প্ৰাক্তন ছাত্ৰ আছিল। উল্লেখ্য আমেৰিকা যুক্তৰাষ্ট্ৰত কিছু দিনৰ  পৰা এনে  আক্ৰমণৰ ঘটনা  বৃদ্ধি পাইছে। বিদ্যালয়ৰ পৰা উপাসনাস্থলীলৈকে , আক্ৰমণৰ পৰা একো বাদ পৰা নাই।  আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে  এই ঘটনাৰ পিছত মুখ খুলিছে। তেওঁ কৈছে : "এনে ঘটনাক সহজভাবে  গ্ৰহণ কৰিব নোৱাৰি। মই গোটেই বিষয়টোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো।  সাধাৰণ লোকে অস্ত্ৰ-শস্ত্ৰ ৰখাটো নিষিদ্ধ কৰাৰ কথাও চিন্তা কৰা হৈছে’’।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement