--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিত্তীয় সংকটে জুৰুলা কৰা দেশ খনত এতিয়া বহুৃতৰে হাতত নাই নগদ ধন।  এক কথাত ক’বলৈ গ’লে  পাকিস্তানৰ অৰ্থনৈতিক পৰিস্থিতি অধিক বেয়া হৈ গৈ আছে। দেশ খনত মুদ্ৰাস্ফীতিৰ হাৰ ৪৭ শতাংশলৈ বৃদ্ধি পাইছে। সেই দেশৰ নাগৰিকসকলে দৈনন্দিন প্ৰয়োজনীয়তাৰ চাহিদা পূৰণ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।

এই পৰিস্থিতিত এজন শীৰ্ষ বিষয়াই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফলৈ এখন পত্ৰ লিখি ঘৰ চলোৱাৰ ধন উলিয়াবলৈ   দুৰ্নীতি কৰাৰ অনুমতি বিচাৰিছে।দেশ খনৰ বহু কৰ্মচাৰীয়ে বহু দিন ধৰি নিয়মীয়াকৈ দৰমহাও পোৱা নাই।

কৰ বিভাগৰ বিষয়াজনে পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা  পত্ৰত লিখিছে যে তেওঁ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ দুৰ্নীতিত জড়িত হ'ব বিচাৰে।নহ’লে তেওঁৰ ঘৰ নচলে। সেয়ে তেওঁক  দুৰ্নীতিত লিপ্ত হ'বলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে অনুমতি দিব লাগে। চিঠিখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।  

চিঠি খনত তেওঁ লিখিছে "এই মুহূৰ্তত, মই আমাৰ প্ৰিয় দেশৰ বিপজ্জনক অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ে অৱগত। আপোনাৰ চৰকাৰে দেশৰ অৰ্থনীতিৰ স্থিতি পুনৰুদ্ধাৰ কৰিবলৈ কোনো প্ৰচেষ্টা গ্ৰহণ  কৰা নাই’’। পত্ৰখনত তেওঁ লগতে লিখিছিল যে তেওঁ যোৱা চাৰি বছৰ ধৰি কৰ বিভাগৰ বিষয়া হিচাপে কাম কৰি আছে। কিন্তু তেওঁ কেতিয়াও দুৰ্নীতিত নিজকে জড়িত কৰা নাই। অৱশ্যে দেশৰ সাম্প্ৰতিক পৰিস্থিতিত দুৰ্নীতিত লিপ্ত হোৱাৰ বাহিৰে তেওঁৰ ওচৰত কোনো বিকল্প পথ নাই। 

পাকিস্তানে যোৱা কেইমাহমানধৰি বিত্তীয় সংকটৰ সন্মুখীন হৈ আছে। চৰকাৰী পৰিসংখ্যা অনুসৰি যোৱা কেইদিনমানত পাকিস্তানত পিয়াজৰ মূল্য ২২৮.৮৮ শতাংশ বৃদ্ধি পাইছে। চিগাৰেটৰ মূল্য ১৬৫.৮৮ শতাংশ বৃদ্ধি পাইছে। ডিজেল আৰু কলৰ মূল্য ক্ৰমান্বয়ে ১০২.৮৯ শতাংশ আৰু ৮৯.১৭ শতাংশ বৃদ্ধি পাইছে। সাধাৰণ মানুহে দৈনন্দিন জীৱনত এই সংকটৰ মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰি আছে। এনে পৰিস্থিতিত দেশৰ এগৰাকী কৰ বিষয়াই পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ নূন্যতম প্ৰয়োজন পূৰণৰ বাবে দুৰ্নীতি কৰিব  বিচাৰি লিখা পত্ৰখনক লৈ হুলস্থূলৰ সৃষ্টি হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন