--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিত্তীয় সংকটে জুৰুলা কৰা দেশ খনত এতিয়া বহুৃতৰে হাতত নাই নগদ ধন।  এক কথাত ক’বলৈ গ’লে  পাকিস্তানৰ অৰ্থনৈতিক পৰিস্থিতি অধিক বেয়া হৈ গৈ আছে। দেশ খনত মুদ্ৰাস্ফীতিৰ হাৰ ৪৭ শতাংশলৈ বৃদ্ধি পাইছে। সেই দেশৰ নাগৰিকসকলে দৈনন্দিন প্ৰয়োজনীয়তাৰ চাহিদা পূৰণ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।

এই পৰিস্থিতিত এজন শীৰ্ষ বিষয়াই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফলৈ এখন পত্ৰ লিখি ঘৰ চলোৱাৰ ধন উলিয়াবলৈ   দুৰ্নীতি কৰাৰ অনুমতি বিচাৰিছে।দেশ খনৰ বহু কৰ্মচাৰীয়ে বহু দিন ধৰি নিয়মীয়াকৈ দৰমহাও পোৱা নাই।

কৰ বিভাগৰ বিষয়াজনে পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা  পত্ৰত লিখিছে যে তেওঁ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ দুৰ্নীতিত জড়িত হ'ব বিচাৰে।নহ’লে তেওঁৰ ঘৰ নচলে। সেয়ে তেওঁক  দুৰ্নীতিত লিপ্ত হ'বলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে অনুমতি দিব লাগে। চিঠিখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।  

চিঠি খনত তেওঁ লিখিছে "এই মুহূৰ্তত, মই আমাৰ প্ৰিয় দেশৰ বিপজ্জনক অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ে অৱগত। আপোনাৰ চৰকাৰে দেশৰ অৰ্থনীতিৰ স্থিতি পুনৰুদ্ধাৰ কৰিবলৈ কোনো প্ৰচেষ্টা গ্ৰহণ  কৰা নাই’’। পত্ৰখনত তেওঁ লগতে লিখিছিল যে তেওঁ যোৱা চাৰি বছৰ ধৰি কৰ বিভাগৰ বিষয়া হিচাপে কাম কৰি আছে। কিন্তু তেওঁ কেতিয়াও দুৰ্নীতিত নিজকে জড়িত কৰা নাই। অৱশ্যে দেশৰ সাম্প্ৰতিক পৰিস্থিতিত দুৰ্নীতিত লিপ্ত হোৱাৰ বাহিৰে তেওঁৰ ওচৰত কোনো বিকল্প পথ নাই। 

পাকিস্তানে যোৱা কেইমাহমানধৰি বিত্তীয় সংকটৰ সন্মুখীন হৈ আছে। চৰকাৰী পৰিসংখ্যা অনুসৰি যোৱা কেইদিনমানত পাকিস্তানত পিয়াজৰ মূল্য ২২৮.৮৮ শতাংশ বৃদ্ধি পাইছে। চিগাৰেটৰ মূল্য ১৬৫.৮৮ শতাংশ বৃদ্ধি পাইছে। ডিজেল আৰু কলৰ মূল্য ক্ৰমান্বয়ে ১০২.৮৯ শতাংশ আৰু ৮৯.১৭ শতাংশ বৃদ্ধি পাইছে। সাধাৰণ মানুহে দৈনন্দিন জীৱনত এই সংকটৰ মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰি আছে। এনে পৰিস্থিতিত দেশৰ এগৰাকী কৰ বিষয়াই পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ নূন্যতম প্ৰয়োজন পূৰণৰ বাবে দুৰ্নীতি কৰিব  বিচাৰি লিখা পত্ৰখনক লৈ হুলস্থূলৰ সৃষ্টি হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা