--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তাচপাতৰ ঘৰৰ দৰে খহি পৰিল এখন বিশাল দলং। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ডৰ বাল্টিমোৰত এখন মালবাহী জাহাজৰ খুন্দাত দলংখন খহি পৰে। ফ্ৰান্সিছ স্কট  ব্ৰীজ আমেৰিকাৰ অন্যতম বিখ্যাত দলং। এই দুৰ্যোগৰ ফলত বহুলোকে প্ৰাণ হেৰুওৱাৰ আশংকা কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দলংখন খহি পৰাৰ লগে লগে বহুতো গাড়ী আৰু মানুহ  পানীত  পৰে।

খবৰ অনুসৰি জাহাজখনে বাল্টিমোৰ বন্দৰ এৰি যোৱাৰ সময়তে  দুৰ্ঘটনাটো ঘটিছিল  । জাহাজ খনে এখন দলঙত খুন্দা মাৰিছিল।  লগে লগে পাটাপস্কো নদীত বিশাল দলংখন খহি পৰে। এই দুৰ্ঘটনাৰ পিছত জাহাজখনো  দলঙৰ ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ পৰে। স্থানীয় সময় অনুসৰি মঙলবাৰে পুৱা দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ প্ৰশাসনে ৰাজহুৱা কৰা নাই। অৱশ্যে বহু  সংবাদ মাধ্যমে দাবী কৰিছে যে কমেও ২০ জন লোক সন্ধানহীন হৈ আছে। 
 


দলংখন খহি পৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ’ত দেখা গৈছে জাহাজখনে খুন্দা মৰাৰ লগে লগে চকুৰ পলকতে দলংখন কেনেকৈ খহি পৰিছে।  ১.৬ কিলোমিয়াৰ দীঘল দলংখনৰ সৈতে সংলগ্ন সকলো পথ বন্ধ কৰি দিয়া হৈছে। আনকি দলংখনৰ কাষেৰে জাহাজৰ চলাচলো নিষিদ্ধ কৰা হৈছে। উদ্ধাৰ অভিযান এতিয়াও চলি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনী দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে। বাল্টিমোৰ আৰক্ষীৰ এটা দলো ঘটনাস্থলীত  উপস্থিত হৈ  উদ্ধাৰ অভিযানত সহায় কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক