--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তাচপাতৰ ঘৰৰ দৰে খহি পৰিল এখন বিশাল দলং। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ডৰ বাল্টিমোৰত এখন মালবাহী জাহাজৰ খুন্দাত দলংখন খহি পৰে। ফ্ৰান্সিছ স্কট  ব্ৰীজ আমেৰিকাৰ অন্যতম বিখ্যাত দলং। এই দুৰ্যোগৰ ফলত বহুলোকে প্ৰাণ হেৰুওৱাৰ আশংকা কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দলংখন খহি পৰাৰ লগে লগে বহুতো গাড়ী আৰু মানুহ  পানীত  পৰে।

খবৰ অনুসৰি জাহাজখনে বাল্টিমোৰ বন্দৰ এৰি যোৱাৰ সময়তে  দুৰ্ঘটনাটো ঘটিছিল  । জাহাজ খনে এখন দলঙত খুন্দা মাৰিছিল।  লগে লগে পাটাপস্কো নদীত বিশাল দলংখন খহি পৰে। এই দুৰ্ঘটনাৰ পিছত জাহাজখনো  দলঙৰ ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ পৰে। স্থানীয় সময় অনুসৰি মঙলবাৰে পুৱা দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ প্ৰশাসনে ৰাজহুৱা কৰা নাই। অৱশ্যে বহু  সংবাদ মাধ্যমে দাবী কৰিছে যে কমেও ২০ জন লোক সন্ধানহীন হৈ আছে। 
 


দলংখন খহি পৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ’ত দেখা গৈছে জাহাজখনে খুন্দা মৰাৰ লগে লগে চকুৰ পলকতে দলংখন কেনেকৈ খহি পৰিছে।  ১.৬ কিলোমিয়াৰ দীঘল দলংখনৰ সৈতে সংলগ্ন সকলো পথ বন্ধ কৰি দিয়া হৈছে। আনকি দলংখনৰ কাষেৰে জাহাজৰ চলাচলো নিষিদ্ধ কৰা হৈছে। উদ্ধাৰ অভিযান এতিয়াও চলি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনী দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে। বাল্টিমোৰ আৰক্ষীৰ এটা দলো ঘটনাস্থলীত  উপস্থিত হৈ  উদ্ধাৰ অভিযানত সহায় কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ