--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰমজান মাহত গাজলৈ  শান্তি আহিব! সেই আশাৰেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত গ্ৰহণ কৰা হৈছে যুদ্ধ বিৰতিৰ প্ৰস্তাৱ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ  ১৫ খন দেশৰ ভিতৰত ১৪ খন দেশে যুদ্ধবিৰতিৰ সপক্ষে ভোট দিছে, আনহাতে আমেৰিকাই ভোটত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। ইজৰাইল আৰু হামাছে যোৱা বছৰৰ অক্টোবৰ মাহৰ  পৰা যুদ্ধৰত হৈ আছে।  যুদ্ধৰ  আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিছে গাজাত । গাজাত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে আৰু লাখ লাখ লোক গৃহহীন হৈছে। 

গাজাত  খাদ্য, সংকটে দেখা দিছে। । ইফালে পবিত্ৰ ৰমজান মাহত গাজাত শান্তি স্থাপনৰ বাবে বিশ্বৰ  বহু কেইখন দেশে ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰস্তাৱ গ্ৰহণ কৰিছে।  ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে (ইউএনএছচি)  গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাই এক প্ৰস্তাৱ গৃহীত কৰিছে।
ইউএনএছচিয়ে মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহত গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ  প্ৰস্তাৱ গৃহীত কৰি শান্তি স্থাপনৰ বাবে সকলোকে আহ্বান জনাইছে। ইজৰাইল আৰু হামাছৰ মাজত সংঘৰ্ষ বন্ধ কৰিবলৈ  ৰাষ্ট্ৰসংঘৰ  নিৰাপত্তা পৰিষদে  এই প্ৰস্তাৱ গ্ৰহণ কৰিছে। ১৪  খন দেশে এই প্ৰস্তাৱৰ সপক্ষে ভোট দিছে,  আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ ভোটদানৰ পৰা বিৰত থাকে। 

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে এক্সৰ  এটা পোষ্টত কয়, "নিৰাপত্তা পৰিষদে গাজা সন্দৰ্ভত এক দীৰ্ঘ প্ৰতীক্ষিত প্ৰস্তাৱত অনুমোদন জনাইছে,  য'ত তাৎক্ষণিক যুদ্ধবিৰতি আৰু সকলো বন্দীক তাৎক্ষণিক আৰু চৰ্তহীনভাৱে মুক্তি দিয়াৰ আহ্বান জনোৱা হৈছে।" 

ৰাষ্ট্ৰসংঘত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছ গ্ৰীণফিল্ডে কয়  যে ৰমজান মাহত আমি শান্তিৰ বাবে নিজকে পুনৰ প্ৰতিশ্ৰুতিবদ্ধ কৰিব লাগিব।" তেওঁ কয়, " আমি হামাছৰ ওপৰত সেয়া কৰিবলৈ হেঁচা দিব লাগিব।"ৰাষ্ট্ৰসংঘত ব্ৰিটেইনৰ স্থায়ী ৰাষ্ট্ৰদূত বাৰবাৰা উডৱাৰ্ডে কয়  যে তেওঁৰ দেশে দীৰ্ঘম্যাদী যুদ্ধবিৰতিৰ বাবে তাৎক্ষণিক যুদ্ধ বন্ধৰ আহ্বান জনাইছে। তেওঁ হামাছে বন্দী কৰি ৰখাসকলক তাৎক্ষণিকভাৱে মুক্তি দিয়াৰ বিষয়তো জোৰ দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ