--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰমজান মাহত গাজলৈ  শান্তি আহিব! সেই আশাৰেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত গ্ৰহণ কৰা হৈছে যুদ্ধ বিৰতিৰ প্ৰস্তাৱ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ  ১৫ খন দেশৰ ভিতৰত ১৪ খন দেশে যুদ্ধবিৰতিৰ সপক্ষে ভোট দিছে, আনহাতে আমেৰিকাই ভোটত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। ইজৰাইল আৰু হামাছে যোৱা বছৰৰ অক্টোবৰ মাহৰ  পৰা যুদ্ধৰত হৈ আছে।  যুদ্ধৰ  আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিছে গাজাত । গাজাত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে আৰু লাখ লাখ লোক গৃহহীন হৈছে। 

গাজাত  খাদ্য, সংকটে দেখা দিছে। । ইফালে পবিত্ৰ ৰমজান মাহত গাজাত শান্তি স্থাপনৰ বাবে বিশ্বৰ  বহু কেইখন দেশে ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰস্তাৱ গ্ৰহণ কৰিছে।  ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে (ইউএনএছচি)  গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাই এক প্ৰস্তাৱ গৃহীত কৰিছে।
ইউএনএছচিয়ে মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহত গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ  প্ৰস্তাৱ গৃহীত কৰি শান্তি স্থাপনৰ বাবে সকলোকে আহ্বান জনাইছে। ইজৰাইল আৰু হামাছৰ মাজত সংঘৰ্ষ বন্ধ কৰিবলৈ  ৰাষ্ট্ৰসংঘৰ  নিৰাপত্তা পৰিষদে  এই প্ৰস্তাৱ গ্ৰহণ কৰিছে। ১৪  খন দেশে এই প্ৰস্তাৱৰ সপক্ষে ভোট দিছে,  আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ ভোটদানৰ পৰা বিৰত থাকে। 

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে এক্সৰ  এটা পোষ্টত কয়, "নিৰাপত্তা পৰিষদে গাজা সন্দৰ্ভত এক দীৰ্ঘ প্ৰতীক্ষিত প্ৰস্তাৱত অনুমোদন জনাইছে,  য'ত তাৎক্ষণিক যুদ্ধবিৰতি আৰু সকলো বন্দীক তাৎক্ষণিক আৰু চৰ্তহীনভাৱে মুক্তি দিয়াৰ আহ্বান জনোৱা হৈছে।" 

ৰাষ্ট্ৰসংঘত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছ গ্ৰীণফিল্ডে কয়  যে ৰমজান মাহত আমি শান্তিৰ বাবে নিজকে পুনৰ প্ৰতিশ্ৰুতিবদ্ধ কৰিব লাগিব।" তেওঁ কয়, " আমি হামাছৰ ওপৰত সেয়া কৰিবলৈ হেঁচা দিব লাগিব।"ৰাষ্ট্ৰসংঘত ব্ৰিটেইনৰ স্থায়ী ৰাষ্ট্ৰদূত বাৰবাৰা উডৱাৰ্ডে কয়  যে তেওঁৰ দেশে দীৰ্ঘম্যাদী যুদ্ধবিৰতিৰ বাবে তাৎক্ষণিক যুদ্ধ বন্ধৰ আহ্বান জনাইছে। তেওঁ হামাছে বন্দী কৰি ৰখাসকলক তাৎক্ষণিকভাৱে মুক্তি দিয়াৰ বিষয়তো জোৰ দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক