--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ ক্ৰীড়াংগণত পুনৰ উজলি উঠিছে ভাৰতীয় খেলুৱৈ৷তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত চলি থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২২ ৰ ট্ৰিপল জাম্প ইভেণ্টৰ ফাইনেলত উপনীত হৈছে ভাৰতীয় খেলুৱৈ এলডোছ পলে৷ ট্ৰিপল জাম্প ইভেণ্টৰ ফাইনেলত উপনীত হোৱা পলেই হৈছে প্ৰথম ভাৰতীয় খেলুৱৈ হৈছিল।

 এলডোছে গ্ৰুপ ৰাউণ্ডত ১৬.৬৮ মিটাৰ জঁপিয়াই ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়৷  দুয়োটা গোটৰ পৰা শীৰ্ষ-১২ বা ১৭.০৫ মিটাৰ অতিক্ৰম কৰা খেলুৱৈসকলে ফাইনেলত প্ৰৱেশ পাৰিছে। এল্ডোছ পলক গ্ৰুপ এত ৰখা হৈছিল। ইয়াত তেওঁ ষষ্ঠ স্থান লাভ কৰিছিল। 

সামগ্ৰিকভাৱে, তেওঁ দ্বাদশ অৰ্থাৎ অন্তিম স্থান লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। ফাইনেল খন দেওবাৰে পুৱা ৬.৫০ বজাত অনুষ্ঠিত  হ'ব।  

তেওঁ চিজনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ (১৬.৯৯ মিটাৰ) ৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এলডোছে এই বছৰৰ এপ্ৰিল মাহত ফেডাৰেচন কাপতো অংশগ্ৰহণ কৰিছিল। ভাৰতৰ আৰু দুজন খেলুৱৈকো এই প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হৈছে৷ অৱশ্যে, তেওঁলোকে ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। 

ভাৰতৰ প্ৰবীণ চিত্ৰাৱাল (১৬.৪৯ মিটাৰ) আৰু আব্দুল্লাহ আবুবাকাৰে (১৬.৪৫ মিটাৰ) ক্ৰমান্বয়ে সামগ্ৰিক ১৭ সংখ্যক আৰু ১৯সংখ্যক  স্থানলৈ উধাবলৈ সক্ষম হৈছিল।

দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ট্ৰিপল জাম্প ইভেণ্টৰ ফাইনেলত এলডোছে ভাৰতৰ নাম উজলাই তুলিবলৈ সক্ষম হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ