--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘অনলি ৱান এণ্ড ডান’- ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জনৰ বাবে অনুষ্ঠিত হোৱা কোৱালিফাই ৰাউণ্ডত এই চাৰিটা শব্দকে বাস্তৱায়িত কৰি তুলিলে ভাৰতৰ গোল্ডেন বয় নীৰজ চোপ্ৰাই। যোৱা বৰ্ষত টকিঅ' অলিম্পিকত স্বৰ্ণ জয়েৰে ভাৰতবাসীৰ প্ৰত্যাশাৰ নায়ক হৈ পৰা নীৰজ চোপ্ৰাই পুনৰ এবাৰ কোটি কোটি ভাৰতীয়ক গৌৰৱান্বিত কৰি তোলাৰ পথত আগবাঢ়িছে। অৰেগনত অনুষ্ঠিত ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপৰ কোৱালিফাই ৰাউণ্ডত প্ৰথম প্ৰচেষ্টাতে ৮৮.৩৯ মিটাৰ থ্ৰ’ কৰি গ্ৰুপত প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে ফাইনেলত প্ৰৱেশ কৰে। 

উল্লেখ্য যে তাৰকা জেভেলিন খেলুৱৈ নীৰজে টকিঅ' অলিম্পিকতো কোৱালিফাই ৰাউণ্ডত মাত্ৰ এটা থ্ৰ’তে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল। তাৰ পিছতে নীৰজে সৃষ্টি কৰিছিল ইতিহাস। হৈ পৰিছিল অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ডত স্বৰ্ণ অৰ্জন কৰা প্ৰথম ভাৰতীয় তথা অলিম্পিকৰ ইতিহাসত স্বৰ্ণ জয়ী দ্বিতীয়গৰাকী ভাৰতীয়।

২০১৭ চনত লণ্ডনত প্ৰথম বাৰৰ বাবে ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপত অৱতীৰ্ণ হোৱা নীৰজ চোপ্ৰাই সেইবাৰ ৮২.২৬ মিটাৰ থ্ৰ’ কৰিছিল যদিও ফাইনেলত প্ৰৱেশত ব্যৰ্থ হৈছিল। আজি এই প্ৰদৰ্শনৰ পাছত কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে চোপ্ৰাই।

আনহাতে টকিঅ' অলিম্পিকত নীৰজ চোপ্ৰাৰ নিকটতম প্ৰতিদ্বন্দী তথা ৰূপৰ পদক বিজয়ী জাকুব ভাদলেজচেও ৮৫.২৩ মিটাৰ থ্ৰ’ কৰি প্ৰথম প্ৰচেষ্টাতে ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। গতিকে টকিঅ’ অলিম্পিকৰ দৰেই পুনৰ এবাৰ যে দুয়োগৰাকী খেলুৱৈৰ মাজতে স্বৰ্ণ জয়ৰ মূল যুঁজখন হ’ব, ই প্ৰায় নিশ্চিত হৈ পৰিছে।

উল্লেখ্য যে ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ সৰ্বকালৰ পদক তালিকাত মাত্ৰ এটা পদকেই আছে।  ২০০৩ চনত অঞ্জু ববি জৰ্জে মহিলাৰ লং জাম্পত জয় কৰা ব্ৰঞ্জ পদকেই ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ একমাত্ৰ পদক। 

এইবাৰ নীৰজে প্ৰতিযোগিতাখনত ভাৰতৰ এই পদকৰ খৰাঙক অন্ত পেলাব বুলি আশা কৰিছে কোটি কোটি ভাৰতীয়ই। প্ৰতিগৰাকী ভাৰতীয়ৰ আশা বিশ্ব ক্ৰীড়াৰ মানচিত্ৰত আকৌ এবাৰ গৌৰৱেৰে উৰক ত্ৰিৰংগ পতাকা। এই স্বপ্নক সাকাৰ ৰূপ দিয়ক প্ৰত্যাশাৰ নায়ক নীৰজ চোপ্ৰাই।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ