--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘অনলি ৱান এণ্ড ডান’- ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জনৰ বাবে অনুষ্ঠিত হোৱা কোৱালিফাই ৰাউণ্ডত এই চাৰিটা শব্দকে বাস্তৱায়িত কৰি তুলিলে ভাৰতৰ গোল্ডেন বয় নীৰজ চোপ্ৰাই। যোৱা বৰ্ষত টকিঅ' অলিম্পিকত স্বৰ্ণ জয়েৰে ভাৰতবাসীৰ প্ৰত্যাশাৰ নায়ক হৈ পৰা নীৰজ চোপ্ৰাই পুনৰ এবাৰ কোটি কোটি ভাৰতীয়ক গৌৰৱান্বিত কৰি তোলাৰ পথত আগবাঢ়িছে। অৰেগনত অনুষ্ঠিত ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপৰ কোৱালিফাই ৰাউণ্ডত প্ৰথম প্ৰচেষ্টাতে ৮৮.৩৯ মিটাৰ থ্ৰ’ কৰি গ্ৰুপত প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে ফাইনেলত প্ৰৱেশ কৰে। 

উল্লেখ্য যে তাৰকা জেভেলিন খেলুৱৈ নীৰজে টকিঅ' অলিম্পিকতো কোৱালিফাই ৰাউণ্ডত মাত্ৰ এটা থ্ৰ’তে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল। তাৰ পিছতে নীৰজে সৃষ্টি কৰিছিল ইতিহাস। হৈ পৰিছিল অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ডত স্বৰ্ণ অৰ্জন কৰা প্ৰথম ভাৰতীয় তথা অলিম্পিকৰ ইতিহাসত স্বৰ্ণ জয়ী দ্বিতীয়গৰাকী ভাৰতীয়।

২০১৭ চনত লণ্ডনত প্ৰথম বাৰৰ বাবে ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপত অৱতীৰ্ণ হোৱা নীৰজ চোপ্ৰাই সেইবাৰ ৮২.২৬ মিটাৰ থ্ৰ’ কৰিছিল যদিও ফাইনেলত প্ৰৱেশত ব্যৰ্থ হৈছিল। আজি এই প্ৰদৰ্শনৰ পাছত কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে চোপ্ৰাই।

আনহাতে টকিঅ' অলিম্পিকত নীৰজ চোপ্ৰাৰ নিকটতম প্ৰতিদ্বন্দী তথা ৰূপৰ পদক বিজয়ী জাকুব ভাদলেজচেও ৮৫.২৩ মিটাৰ থ্ৰ’ কৰি প্ৰথম প্ৰচেষ্টাতে ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। গতিকে টকিঅ’ অলিম্পিকৰ দৰেই পুনৰ এবাৰ যে দুয়োগৰাকী খেলুৱৈৰ মাজতে স্বৰ্ণ জয়ৰ মূল যুঁজখন হ’ব, ই প্ৰায় নিশ্চিত হৈ পৰিছে।

উল্লেখ্য যে ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ সৰ্বকালৰ পদক তালিকাত মাত্ৰ এটা পদকেই আছে।  ২০০৩ চনত অঞ্জু ববি জৰ্জে মহিলাৰ লং জাম্পত জয় কৰা ব্ৰঞ্জ পদকেই ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ একমাত্ৰ পদক। 

এইবাৰ নীৰজে প্ৰতিযোগিতাখনত ভাৰতৰ এই পদকৰ খৰাঙক অন্ত পেলাব বুলি আশা কৰিছে কোটি কোটি ভাৰতীয়ই। প্ৰতিগৰাকী ভাৰতীয়ৰ আশা বিশ্ব ক্ৰীড়াৰ মানচিত্ৰত আকৌ এবাৰ গৌৰৱেৰে উৰক ত্ৰিৰংগ পতাকা। এই স্বপ্নক সাকাৰ ৰূপ দিয়ক প্ৰত্যাশাৰ নায়ক নীৰজ চোপ্ৰাই।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু