--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে ত্ৰিনিদাদৰ পোৰ্ট অৱ স্পেইনৰ কুইন্স পাৰ্ক অভেলত অনুষ্ঠিত হোৱা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ৩ ৰানত জয়ী হৈ ১-০ ৰ অগ্ৰগতি লাভ কৰিছে ভাৰতে। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটাৰ শ্ৰেয়স আয়াৰে নিজৰ অৰ্ধশতকীয় ইনিংছৰ জৰিয়তে অৰ্জন কৰিছে এক ঈৰ্ষণীয় সাফল্য। ভাৰতৰ হৈ তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ অহা আয়াৰে ৫৪ ৰানৰ ইনিংছটোৰে এদিনীয়া কেৰিয়াৰত ১০০০ ৰান সম্পূৰ্ণ কৰে। 

নিজৰ এদিনীয়া কেৰিয়াৰত ১০০০ ৰান সম্পূৰ্ণ কৰিবলৈ আয়াৰক প্ৰয়োজন হয় ২৫ টা ইনিংছৰ। এইদৰে তেওঁ আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত ১০০০ ৰানৰ সীমা স্পৰ্শ কৰা ভাৰতীয় ক্ৰিকেটাৰৰ ক্ষেত্ৰত যুটীয়াভাৱে দ্বিতীয় দ্ৰুততম বেটাৰ হিচাপে পৰিগণিত হয়।

মেচখনত ভাৰতীয় অপেনাৰদ্বয় শিখৰ ধাৱান আৰু শুভমন গিলে দলক এক সুদৃঢ় আৰম্ভণি প্ৰদান কৰাৰ পিছত ৩ নম্বৰ স্থানত বেটিং কৰিবলৈ অহা আয়াৰে ৫৭ টা বলত ৫টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ৫৪ ৰাণ সংগ্ৰহ কৰে।  এই ইনিংছটোৰ পূৰ্বে ২৪ টা এদিনীয়া ইনিংছত আয়াৰে ৯৪৭ ৰান সংগ্ৰহ কৰিছিল। কালিৰ ইনিংছটোৰ ৫৩ ৰান সংগ্ৰহ কৰাৰ লগে লগেই আয়াৰৰ এদিনীয়া কেৰিয়াৰত ১০০০ ৰান সম্পূৰ্ণ হয়। 

উল্লেখ্য যে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০০ ৰান সংগ্ৰহ কৰা দ্ৰুততম ভাৰতীয়ৰ ৰেকৰ্ড আছে তাৰকা ক্ৰিকেটাৰ তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু অভিজ্ঞ অপেনাৰ শিখৰ ধাৱানৰ নামত। ধাৱান আৰু কোহলীয়ে ২৪ টা ইনিংছত ১০০০ ৰানৰ মাইলষ্ট’ন স্পৰ্শ কৰিছিল।

আনহাতে কালি আয়াৰে ২৫ টা ইনিংছত ১০০০ ৰানৰ সীমা অতিক্ৰম কৰাৰ লগে লগে এই তালিকাত প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোত সিং সিদ্ধুৰ সৈতে যুটীয়াভাৱে দ্বিতীয় দ্ৰুততম বেটাৰ হিচাপে স্বীকৃত হয়। 

তদুপৰি আয়াৰে মেচখনত আন এক কৃতিত্বও অৰ্জন কৰিছে। নিজৰ প্ৰথম ২৫ টা এদিনীয়া ইনিংছত ১০ টা অৰ্ধ-শতক আৰু এটা শতকসহ মুঠ ১১ বাৰ ৫০ উৰ্দ্ধৰ স্ক'ৰ অৰ্জন কৰিছে আয়াৰে। আন্ত:ৰাষ্ট্ৰীয় এদিনীয়াত প্ৰথম ২৫ খন মেচত এইদৰে সৰ্বাধিক পঞ্চাশোধিক ৰান সংগ্ৰহ কৰা ভাৰতী খেলুৱৈৰ ভিতৰত দ্বিতীয় স্থানলৈ উন্নীত হয় আয়াৰ। 

এই তালিকাত আয়াৰে অতিক্ৰম কৰে কোহলীৰ দৰে তাৰকাক। এই ক্ষেত্ৰত আয়াৰতকৈ আগত আছে কেৱল প্ৰাক্তন তাৰকা নৱজ্যোত সিং সিদ্ধু। সিদ্ধুৱে নিজৰ কেৰিয়াৰৰ প্ৰথম ২৫ খন মেচত ১২ বাৰ পঞ্চাশোধিক স্ক'ৰ অৰ্জন কৰিছিল।

উল্লেখ্য যে ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে ভাৰতীয় দলৰ সহ অধিনায়কৰ দায়িত্বত থকা ৰবীন্দ্ৰ জাদেজা আঁঠুৰ আঘাতৰ বাবে শুকুৰবাৰৰ মেচখনত অৱতীৰ্ণ হ’ব পৰা নাছিল। জাদেজাৰ অনুপস্থিতিত আয়াৰৰ হাতত অৰ্পণ কৰা কৰা হৈছিল সহ অধিনায়কৰ ভাৰ। 

তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ভাৰতীয় দলে প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজৰ সন্মুখত ৩০৯ ৰানৰ লক্ষ্য থিয় কৰাইছিল। দলক সমুখৰ পৰা নেতৃত্ব দি ধাৱানে ৯৭ ৰানৰ এক চমকপ্ৰদ ইনিংছ উপহাৰ দিয়ে। আনগৰাকী অপেনাৰ গিলে সংগ্ৰহ কৰে ৬৪ ৰান। অৱশ্যে মেচখনত ভাৰতে এক বৃহৎ স্ক’ৰ সংগ্ৰহ কৰাৰ সুযোগ আছিল যদিও মিডল অৰ্ডাৰ বেটাৰৰ ব্যৰ্থতাৰ বাবে ৩০৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। 

আনহাতে ৩০৯ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি ৱেষ্ট ইণ্ডিজে ৩০৫ ৰান সংগ্ৰহ কৰি মাত্ৰ ৩ ৰানৰ বাবে থমকি ৰয়। অন্তিম অভাৰত দলটোক জয়ৰ বাবে ১৫ ৰানৰ প্ৰয়োজন আছিল যদিও শীৰ্ষ বলাৰসকলৰ অনুপস্থিতিত ভাৰতীয় বলিং আক্ৰমণৰ কামান চম্ভালা মহম্মদ চিৰাজৰ অভাৰটোত ৱেষ্ট ইণ্ডিজৰ দুই বেটাৰ শ্বেফাৰ্ড আৰু আকিল হ’ছেইনে ১১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। 

মাত্ৰ তিনি ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হোৱা ভাৰতীয় অধিনায়ক ধাৱান মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। শৃংখলাৰ দ্বিতীয়খন খেল ২৪ জুলাইত কুইন্স পাৰ্ক অভেলতে অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু