--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে ত্ৰিনিদাদৰ পোৰ্ট অৱ স্পেইনৰ কুইন্স পাৰ্ক অভেলত অনুষ্ঠিত হোৱা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ৩ ৰানত জয়ী হৈ ১-০ ৰ অগ্ৰগতি লাভ কৰিছে ভাৰতে। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটাৰ শ্ৰেয়স আয়াৰে নিজৰ অৰ্ধশতকীয় ইনিংছৰ জৰিয়তে অৰ্জন কৰিছে এক ঈৰ্ষণীয় সাফল্য। ভাৰতৰ হৈ তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ অহা আয়াৰে ৫৪ ৰানৰ ইনিংছটোৰে এদিনীয়া কেৰিয়াৰত ১০০০ ৰান সম্পূৰ্ণ কৰে। 

নিজৰ এদিনীয়া কেৰিয়াৰত ১০০০ ৰান সম্পূৰ্ণ কৰিবলৈ আয়াৰক প্ৰয়োজন হয় ২৫ টা ইনিংছৰ। এইদৰে তেওঁ আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত ১০০০ ৰানৰ সীমা স্পৰ্শ কৰা ভাৰতীয় ক্ৰিকেটাৰৰ ক্ষেত্ৰত যুটীয়াভাৱে দ্বিতীয় দ্ৰুততম বেটাৰ হিচাপে পৰিগণিত হয়।

মেচখনত ভাৰতীয় অপেনাৰদ্বয় শিখৰ ধাৱান আৰু শুভমন গিলে দলক এক সুদৃঢ় আৰম্ভণি প্ৰদান কৰাৰ পিছত ৩ নম্বৰ স্থানত বেটিং কৰিবলৈ অহা আয়াৰে ৫৭ টা বলত ৫টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ৫৪ ৰাণ সংগ্ৰহ কৰে।  এই ইনিংছটোৰ পূৰ্বে ২৪ টা এদিনীয়া ইনিংছত আয়াৰে ৯৪৭ ৰান সংগ্ৰহ কৰিছিল। কালিৰ ইনিংছটোৰ ৫৩ ৰান সংগ্ৰহ কৰাৰ লগে লগেই আয়াৰৰ এদিনীয়া কেৰিয়াৰত ১০০০ ৰান সম্পূৰ্ণ হয়। 

উল্লেখ্য যে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০০ ৰান সংগ্ৰহ কৰা দ্ৰুততম ভাৰতীয়ৰ ৰেকৰ্ড আছে তাৰকা ক্ৰিকেটাৰ তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু অভিজ্ঞ অপেনাৰ শিখৰ ধাৱানৰ নামত। ধাৱান আৰু কোহলীয়ে ২৪ টা ইনিংছত ১০০০ ৰানৰ মাইলষ্ট’ন স্পৰ্শ কৰিছিল।

আনহাতে কালি আয়াৰে ২৫ টা ইনিংছত ১০০০ ৰানৰ সীমা অতিক্ৰম কৰাৰ লগে লগে এই তালিকাত প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোত সিং সিদ্ধুৰ সৈতে যুটীয়াভাৱে দ্বিতীয় দ্ৰুততম বেটাৰ হিচাপে স্বীকৃত হয়। 

তদুপৰি আয়াৰে মেচখনত আন এক কৃতিত্বও অৰ্জন কৰিছে। নিজৰ প্ৰথম ২৫ টা এদিনীয়া ইনিংছত ১০ টা অৰ্ধ-শতক আৰু এটা শতকসহ মুঠ ১১ বাৰ ৫০ উৰ্দ্ধৰ স্ক'ৰ অৰ্জন কৰিছে আয়াৰে। আন্ত:ৰাষ্ট্ৰীয় এদিনীয়াত প্ৰথম ২৫ খন মেচত এইদৰে সৰ্বাধিক পঞ্চাশোধিক ৰান সংগ্ৰহ কৰা ভাৰতী খেলুৱৈৰ ভিতৰত দ্বিতীয় স্থানলৈ উন্নীত হয় আয়াৰ। 

এই তালিকাত আয়াৰে অতিক্ৰম কৰে কোহলীৰ দৰে তাৰকাক। এই ক্ষেত্ৰত আয়াৰতকৈ আগত আছে কেৱল প্ৰাক্তন তাৰকা নৱজ্যোত সিং সিদ্ধু। সিদ্ধুৱে নিজৰ কেৰিয়াৰৰ প্ৰথম ২৫ খন মেচত ১২ বাৰ পঞ্চাশোধিক স্ক'ৰ অৰ্জন কৰিছিল।

উল্লেখ্য যে ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে ভাৰতীয় দলৰ সহ অধিনায়কৰ দায়িত্বত থকা ৰবীন্দ্ৰ জাদেজা আঁঠুৰ আঘাতৰ বাবে শুকুৰবাৰৰ মেচখনত অৱতীৰ্ণ হ’ব পৰা নাছিল। জাদেজাৰ অনুপস্থিতিত আয়াৰৰ হাতত অৰ্পণ কৰা কৰা হৈছিল সহ অধিনায়কৰ ভাৰ। 

তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ভাৰতীয় দলে প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজৰ সন্মুখত ৩০৯ ৰানৰ লক্ষ্য থিয় কৰাইছিল। দলক সমুখৰ পৰা নেতৃত্ব দি ধাৱানে ৯৭ ৰানৰ এক চমকপ্ৰদ ইনিংছ উপহাৰ দিয়ে। আনগৰাকী অপেনাৰ গিলে সংগ্ৰহ কৰে ৬৪ ৰান। অৱশ্যে মেচখনত ভাৰতে এক বৃহৎ স্ক’ৰ সংগ্ৰহ কৰাৰ সুযোগ আছিল যদিও মিডল অৰ্ডাৰ বেটাৰৰ ব্যৰ্থতাৰ বাবে ৩০৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। 

আনহাতে ৩০৯ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি ৱেষ্ট ইণ্ডিজে ৩০৫ ৰান সংগ্ৰহ কৰি মাত্ৰ ৩ ৰানৰ বাবে থমকি ৰয়। অন্তিম অভাৰত দলটোক জয়ৰ বাবে ১৫ ৰানৰ প্ৰয়োজন আছিল যদিও শীৰ্ষ বলাৰসকলৰ অনুপস্থিতিত ভাৰতীয় বলিং আক্ৰমণৰ কামান চম্ভালা মহম্মদ চিৰাজৰ অভাৰটোত ৱেষ্ট ইণ্ডিজৰ দুই বেটাৰ শ্বেফাৰ্ড আৰু আকিল হ’ছেইনে ১১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। 

মাত্ৰ তিনি ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হোৱা ভাৰতীয় অধিনায়ক ধাৱান মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। শৃংখলাৰ দ্বিতীয়খন খেল ২৪ জুলাইত কুইন্স পাৰ্ক অভেলতে অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ