--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গল আমেৰিকা যুক্তৰাষ্ট্ৰক। ৰোগী কঢ়িয়াই নিয়া এখন এয়াৰ এম্বুলেঞ্চ মাজ আকাশত বিস্ফোৰিত হৈ ভাঙি পৰিল জনবসতি অঞ্চল।

বিমানখন ভাঙি পৰাত দপদপকৈ জ্বলি উঠিল ফিলাডেলফিয়াৰ এটা ডাঙৰ অঞ্চল। এই ঘটনাত বহু কেইজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। 

শুকুৰবাৰে বিয়লি সংঘটিত হয় এই কৰুণ ঘটনা। দুৰ্ঘটনাগ্ৰস্ত এয়াৰ এম্বুলেন্সখনত গুৰুতৰভাৱে অসুস্থ এটি শিশুক লৈ যোৱা হৈছিল। বিমানখনে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬:০৬ বজাত বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। তাত আছিল আন পাঁচজন যাত্ৰীও। 

কিন্তু যাত্ৰাৰ ৩০ ছেকেণ্ডৰ পিছত, বিমানখন হঠাতে ৰাডাৰৰ পৰা অদৃশ্য হৈ যায়। জানিব পৰা মতে বিমানখন ১,৬০০ ফুট উচ্চতাত উপনীত হৈছিল। তাৰ পাছতে খবৰ আহে বিমানখন ফিলাডেলফিয়া বিমানবন্দৰৰ পৰা প্ৰায় ৪.৮ কিলোমিটাৰ দূৰত্বত এটা ঘন বসতিপূৰ্ণ এলেকাত দুৰ্ঘটনাগ্ৰস্ত হৈছে।

বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত অঞ্চলটোত এটা প্ৰচণ্ড বিস্ফোৰণ হয়। ফলস্বৰূপে, ওচৰৰ কেইবাটাও ঘৰত জুই লাগে।

অৱশ্যে, এই দুৰ্ঘটনাত প্ৰকৃততে কিমান জন লোকৰ মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বিমান সংস্থাটোৱেও হতাহতৰ সংখ্যা প্ৰকাশ কৰা নাই। উদ্ধাৰ অভিযানো চলাই থকা হৈছে।

ঘটনাটোত গভীৰভাৱে দুখ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ