--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গল আমেৰিকা যুক্তৰাষ্ট্ৰক। ৰোগী কঢ়িয়াই নিয়া এখন এয়াৰ এম্বুলেঞ্চ মাজ আকাশত বিস্ফোৰিত হৈ ভাঙি পৰিল জনবসতি অঞ্চল।

বিমানখন ভাঙি পৰাত দপদপকৈ জ্বলি উঠিল ফিলাডেলফিয়াৰ এটা ডাঙৰ অঞ্চল। এই ঘটনাত বহু কেইজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। 

শুকুৰবাৰে বিয়লি সংঘটিত হয় এই কৰুণ ঘটনা। দুৰ্ঘটনাগ্ৰস্ত এয়াৰ এম্বুলেন্সখনত গুৰুতৰভাৱে অসুস্থ এটি শিশুক লৈ যোৱা হৈছিল। বিমানখনে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬:০৬ বজাত বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। তাত আছিল আন পাঁচজন যাত্ৰীও। 

কিন্তু যাত্ৰাৰ ৩০ ছেকেণ্ডৰ পিছত, বিমানখন হঠাতে ৰাডাৰৰ পৰা অদৃশ্য হৈ যায়। জানিব পৰা মতে বিমানখন ১,৬০০ ফুট উচ্চতাত উপনীত হৈছিল। তাৰ পাছতে খবৰ আহে বিমানখন ফিলাডেলফিয়া বিমানবন্দৰৰ পৰা প্ৰায় ৪.৮ কিলোমিটাৰ দূৰত্বত এটা ঘন বসতিপূৰ্ণ এলেকাত দুৰ্ঘটনাগ্ৰস্ত হৈছে।

বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত অঞ্চলটোত এটা প্ৰচণ্ড বিস্ফোৰণ হয়। ফলস্বৰূপে, ওচৰৰ কেইবাটাও ঘৰত জুই লাগে।

অৱশ্যে, এই দুৰ্ঘটনাত প্ৰকৃততে কিমান জন লোকৰ মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বিমান সংস্থাটোৱেও হতাহতৰ সংখ্যা প্ৰকাশ কৰা নাই। উদ্ধাৰ অভিযানো চলাই থকা হৈছে।

ঘটনাটোত গভীৰভাৱে দুখ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু