--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ড'নাল্ড ট্রাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণ কৰাৰ পাছত অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিয়ে দেশখনত প্রৱেশ কৰা লোকসকলৰ বাবে কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত ভাৰতীয় লোকো আছে।

ট্রাম্পে দেশখনত প্ৰব্ৰজনকাৰীৰ সংখ্যা হ্ৰাস কৰাৰ কাৰণে কেইবাটাও কাৰ্যকৰী আদেশ প্রদান কৰিছে। ইয়াৰ ফলত আমেৰিকাত বাস কৰা আৰু দেশখনলৈ যাবলৈ বিচৰা ভাৰতীয়সকল উদ্বিগ্ন হৈ পৰিছে। নিউ-জাৰ্ছীৰ নেভার্ক বিমান বন্দৰত অলপতে ঘটা এটা ঘটনাই উদ্বেগ অধিক বৃদ্ধি কৰিছে। বি-১/বি-১২ ভিজিটৰ ভিছা থকা ভাৰতীয় পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক লগ ধৰাৰ বাবে আমেৰিকালৈ গৈছিল। কিন্তু তেওঁলোকৰ হাতত আমেৰিকাৰ পৰা উভতি অহাৰ টিকট নথকাৰ বাবে তেওঁলোকক বিমান বন্দৰৰ পৰাই ঘূৰাই পঠিওৱা হয়।

আমেৰিকাৰ বিষয়াসকলে তেওঁলোকক জনায় যে দেশখনত প্রযোজ্য কৰা নতুন প্ৰব্ৰজন নীতি অনুসৰি আমেৰিকাত প্ৰৱেশ কৰাৰ বাবে ভ্ৰমণৰ ভিছা থকাৰ লগতে দেশখনৰ পৰা উভতি অহাৰ টিকট থকাটো বাধ্যতামূলক। ইফালে ট্রাম্প প্রশাসনে দেশখনৰ পৰা প্ৰব্ৰজনকাৰীক ঘূৰাই পঠিওৱা কাম আৰম্ভ কৰিছে। আমেৰিকাই দেশখনত কোনো ধৰণৰ বৈধ নথি-পত্র নোহোৱাকৈ বাস কৰা প্ৰায় ১৮ হাজাৰ ভাৰতীয়ক চিনাক্ত কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। দেশখনৰ আইন বলৱৎকাৰী সংস্থাসমূহে অবৈধ প্ৰব্ৰজনকাৰীক বিচাৰি নিউয়ৰ্ক আৰু নিউ জাৰ্ছীৰ গুৰুদ্ধাৰাকো লক্ষ্য কৰি লয়। গুৰুদ্বাৰাত তালাচীৰ বাবে বিষয়াসকল উপস্থিত হোৱা কার্যক লৈ শিখ সংগঠনসমূহে তীব্র ক্ষোভ প্রকাশ কৰিছে আৰু এনে ধৰণৰ কাৰ্যক নিজৰ আস্থা আৰু পৱিত্ৰতাৰ বাবে ভাবুকি বুলি কয়।

 শিখ আমেৰিকান লিগেল ডিফেন্স এণ্ড এডুকেশ্যন ফাণ্ডে কয় যে গুৰুদ্বাৰাসমূহ কেৱল উপাসনাৰ স্থলেই নহয়, ই এক গুৰুত্বপূর্ণ সমূহীয়া কেন্দ্রও। এই গুৰুদ্বাৰাসমূহে শিখসকলক সহায় কৰে। উল্লেখযোগ্য যে আমেৰিকাত অবৈধভাৱে বাস কৰা একাংশ প্ৰব্ৰজনকাৰীয়ে নিউয়র্ক আৰু নিউ জাৰ্ছীৰ গুৰদ্বাৰা ব্যৱহাৰ কৰে বুলি আমেৰিকাৰ বিষয়াসকলে তথ্য লাভ কৰাৰ পাছত তাত তালাচী চলায়।

 ইফালে আমেৰিকাত পঢ়ি থকা একাংশ ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে ট্রাম্পৰ ঘোষণাৰ পাছতে দেশখনৰ পৰা বিতাড়িত হোৱাৰ আশংকাত তেওঁলোকে কৰি থকা অংশকালীন চাকৰি ত্যাগ কৰিছে। ট্রাম্পে অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাত শংকিত হৈ তেওঁলোকে চাকৰি ত্যাগ কৰিবলৈ লৈছে। ইফালে আমেৰিকাৰ পৰা দুখন জাহাজত প্ৰেৰণ কৰা অবৈধ প্ৰব্ৰজনকাৰীসকলক কলম্বিয়াই গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে। অৱশ্যে ট্রাম্পৰ এটা আদেশৰ পাছতে কলম্বিয়া সেও হৈ পৰে আৰু উক্ত প্ৰব্ৰজনকাৰীসকলক ঘূৰাই ল'বলৈ সন্মতি জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন