--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ড'নাল্ড ট্রাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণ কৰাৰ পাছত অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিয়ে দেশখনত প্রৱেশ কৰা লোকসকলৰ বাবে কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত ভাৰতীয় লোকো আছে।

ট্রাম্পে দেশখনত প্ৰব্ৰজনকাৰীৰ সংখ্যা হ্ৰাস কৰাৰ কাৰণে কেইবাটাও কাৰ্যকৰী আদেশ প্রদান কৰিছে। ইয়াৰ ফলত আমেৰিকাত বাস কৰা আৰু দেশখনলৈ যাবলৈ বিচৰা ভাৰতীয়সকল উদ্বিগ্ন হৈ পৰিছে। নিউ-জাৰ্ছীৰ নেভার্ক বিমান বন্দৰত অলপতে ঘটা এটা ঘটনাই উদ্বেগ অধিক বৃদ্ধি কৰিছে। বি-১/বি-১২ ভিজিটৰ ভিছা থকা ভাৰতীয় পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক লগ ধৰাৰ বাবে আমেৰিকালৈ গৈছিল। কিন্তু তেওঁলোকৰ হাতত আমেৰিকাৰ পৰা উভতি অহাৰ টিকট নথকাৰ বাবে তেওঁলোকক বিমান বন্দৰৰ পৰাই ঘূৰাই পঠিওৱা হয়।

আমেৰিকাৰ বিষয়াসকলে তেওঁলোকক জনায় যে দেশখনত প্রযোজ্য কৰা নতুন প্ৰব্ৰজন নীতি অনুসৰি আমেৰিকাত প্ৰৱেশ কৰাৰ বাবে ভ্ৰমণৰ ভিছা থকাৰ লগতে দেশখনৰ পৰা উভতি অহাৰ টিকট থকাটো বাধ্যতামূলক। ইফালে ট্রাম্প প্রশাসনে দেশখনৰ পৰা প্ৰব্ৰজনকাৰীক ঘূৰাই পঠিওৱা কাম আৰম্ভ কৰিছে। আমেৰিকাই দেশখনত কোনো ধৰণৰ বৈধ নথি-পত্র নোহোৱাকৈ বাস কৰা প্ৰায় ১৮ হাজাৰ ভাৰতীয়ক চিনাক্ত কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। দেশখনৰ আইন বলৱৎকাৰী সংস্থাসমূহে অবৈধ প্ৰব্ৰজনকাৰীক বিচাৰি নিউয়ৰ্ক আৰু নিউ জাৰ্ছীৰ গুৰুদ্ধাৰাকো লক্ষ্য কৰি লয়। গুৰুদ্বাৰাত তালাচীৰ বাবে বিষয়াসকল উপস্থিত হোৱা কার্যক লৈ শিখ সংগঠনসমূহে তীব্র ক্ষোভ প্রকাশ কৰিছে আৰু এনে ধৰণৰ কাৰ্যক নিজৰ আস্থা আৰু পৱিত্ৰতাৰ বাবে ভাবুকি বুলি কয়।

 শিখ আমেৰিকান লিগেল ডিফেন্স এণ্ড এডুকেশ্যন ফাণ্ডে কয় যে গুৰুদ্বাৰাসমূহ কেৱল উপাসনাৰ স্থলেই নহয়, ই এক গুৰুত্বপূর্ণ সমূহীয়া কেন্দ্রও। এই গুৰুদ্বাৰাসমূহে শিখসকলক সহায় কৰে। উল্লেখযোগ্য যে আমেৰিকাত অবৈধভাৱে বাস কৰা একাংশ প্ৰব্ৰজনকাৰীয়ে নিউয়র্ক আৰু নিউ জাৰ্ছীৰ গুৰদ্বাৰা ব্যৱহাৰ কৰে বুলি আমেৰিকাৰ বিষয়াসকলে তথ্য লাভ কৰাৰ পাছত তাত তালাচী চলায়।

 ইফালে আমেৰিকাত পঢ়ি থকা একাংশ ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে ট্রাম্পৰ ঘোষণাৰ পাছতে দেশখনৰ পৰা বিতাড়িত হোৱাৰ আশংকাত তেওঁলোকে কৰি থকা অংশকালীন চাকৰি ত্যাগ কৰিছে। ট্রাম্পে অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাত শংকিত হৈ তেওঁলোকে চাকৰি ত্যাগ কৰিবলৈ লৈছে। ইফালে আমেৰিকাৰ পৰা দুখন জাহাজত প্ৰেৰণ কৰা অবৈধ প্ৰব্ৰজনকাৰীসকলক কলম্বিয়াই গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে। অৱশ্যে ট্রাম্পৰ এটা আদেশৰ পাছতে কলম্বিয়া সেও হৈ পৰে আৰু উক্ত প্ৰব্ৰজনকাৰীসকলক ঘূৰাই ল'বলৈ সন্মতি জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক