--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অভিযুক্ত দুটাই কেশৱ গগৈক পিছফালৰ পৰা কাঁচৰ বটলেৰে মূৰত আক্ৰমণ কৰাৰ ওপৰিও মুখমণ্ডলৰ লগতে সমগ্ৰ শৰীৰত উপৰ্যুপৰি আক্ৰমণ কৰে।

ডিজিটেল ডেস্ক: আমগুৰিত পুনৰ সংঘটিত বহিৰাগতৰ দ্বাৰা খিলঞ্জীয়া লোকৰ আক্ৰমণৰ ঘটনা। আমগুৰিৰ লাহদৈগড় মিচিং গাঁৱৰ সমীপৰ এখন ধাবাত সংঘটিত হয় এই ঘটনা।


হালোৱাটিং জকাই পদুলী গাঁৱৰ নিৱাসী কেশৱ গগৈ নামৰ লোকজনক বহিৰাগত জাহাঙ্গীৰ আলম আৰু ৱাজিদ গুজ্জৰ নামৰ দুটা অভিযুক্ত‌ই আক্ৰমণ কৰে।


অভিযুক্ত দুটাই কেশৱ গগৈক পিছফালৰ পৰা কাঁচৰ বটলেৰে মূৰত আক্ৰমণ কৰাৰ ওপৰিও মুখমণ্ডলৰ লগতে সমগ্ৰ শৰীৰত উপৰ্যুপৰি আক্ৰমণ কৰে।


আক্ৰমণৰ ফলত কেশৱ গগৈৰ সমগ্ৰ শৰীৰৰ বিভিন্ন স্থানত আঘাত পোৱাৰ লগতে বাওঁ ভৰিৰ আঁঠুৰ ঘিলা ভাঙি যায়। 


স্থানীয় ৰাইজৰ সহযোগত হালোৱাটিং আৰক্ষীয়ে দুই অভিযুক্ত জাহাঙ্গীৰ আলম আৰু ৱাজিদ গুজ্জৰক আটক কৰাৰ লগতে কেশৱ গগৈক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।


পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে কেশৱ গগৈৰ অৱস্থা সংকটজনক।


ইতিমধ্যে হালোৱাটিং আৰক্ষীয়ে দুই অভিযুক্তক গোচৰ নং ৬/২৬ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।


টাইপা, আটাছু আৰু বীৰ লাচিত সেনাৰ দ্বাৰা সমগ্ৰ ঘটনাৰ গৰিহণা দিয়াৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ