--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানৱ জীৱন ঈশ্বৰৰ এক অনন্য আৰু অমূল্য উপহাৰ। মানৱ জীৱনৰ এই সময়ছোৱা এটি চক্ৰ, য’ত সুখ-দুখৰ অৱস্থাবোৰৰ সৈতে মানৱ জীৱনে সহাৱস্থান কৰে, কাৰণ জীৱনত সুখ-দুখ আহে আৰু যায় কিন্তু প্ৰত্যাহ্বানবোৰে আমাক অধিক শক্তিশালী কৰি তোলে। হিন্দুধৰ্মৰ ১৮টা মহাপুৰাণৰ ভিতৰত অন্যতম হ’ল গৰুড় পুৰাণ। এই পুৰাণে জীৱনৰ কঠিন পৰিস্থিতিত কি কৰা উচিত এই বিষয়ে অধিক শিক্ষা দিয়ে।

যেতিয়া আপোনাৰ পত্নীৰ স্বাস্থ্য বাৰে বাৰে অৱনতি ঘটে আৰু তেতিয়াই পৰিয়ালৰ সকলো সদস্যৰ ওপৰত মানসিক আৰু আৰ্থিক হেঁচা পৰিবলৈ ধৰে। এই সময় আপোনাৰ আত্মপ্ৰতিফলন আৰু সমৰ্থনৰ পৰীক্ষা। গৰুড় পুৰাণৰ মতে এই সময়ত পত্নীৰ সম্পূৰ্ণ যতন লোৱা উচিত, কাৰণ ইয়াতকৈ পূৰ্ণ্য কাম একোৱেই নাই।

সমাজত সন্মানৰ গুৰুত্ব অতি উচ্চ। আপোনাতকৈ সৰু কোনোবাই অপমান কৰিলে আত্মসন্মানক আঘাত কৰে। এনে পৰিস্থিতিত গৰুড় পুৰাণত উল্লেখ আছে যে ধৈৰ্য্য ধৰি এনে পৰিস্থিতিৰ পৰা সদায় আঁতৰি অহা উচিত।

স্বামী-স্ত্ৰীৰ সম্পৰ্কত বিশ্বাস আৰু সমৰ্থনৰ এক অনন্য স্থান আছে। এই সম্পৰ্কত যেতিয়া বিশ্বাস হেৰুৱায়, সেইখিনি জীৱনৰ আটাইতকৈ দুখৰ সময় বুলি কোৱা হয়। ইয়াৰ ফলত কেৱল ব্যক্তিগত জীৱনতে নহয়, সমগ্ৰ পৰিয়ালটোৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰে। গৰুড় পুৰাণৰ মতে স্বামী-স্ত্ৰীয়ে ইজনে-সিজনৰ অনুভৱক সন্মান দিয়া উচিত।


বাৰে বাৰে বিফল হোৱা-

বিফলতা হৈছে আত্মবিশ্লেষণৰ সময়। গৰুড় পুৰাণত কোৱা হৈছে যে বিফলতাই আমাৰ জীৱনত বহু কথাই শিকায়। কিন্তু গৰুড় পুৰাণৰ মতে জীৱনত বাৰে বাৰে হোৱা বিফলতাৰ পাছত এজন ব্যক্তি হতাশ হোৱাৰ সলনি বিফলতা কাৰণসমূহ বিশ্লেষণ কৰি নিজকে সংশোধন কৰা উচিত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ