--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সীমান্তত   হাৰিয়ানাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে অব্যাহত ৰাখিছে প্ৰতিবাদ। কৃষকসকলৰ সমস্যাৰ এতিয়াও সমাধান হোৱা নাই। সংযুক্ত কিষাণ মৰ্চাকে ধৰি কেইবাটাও কৃষক সংগঠনে শুকুৰবাৰে ভাৰত বন্ধৰো আহ্বান জনাইছে। কৃষকৰ প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাত এক  ৰেলী সম্বোধন কৰে। ৰেলীত মোদীয়ে  কয়  যে কেন্দ্ৰই কৃষকসকলৰ স্বাৰ্থত নতুন আঁচনি ৰূপায়ণ কৰাৰ  পৰিকল্পনা কৰিছে। একে সময়তে তেওঁ ঘোষণা কৰে , "আব কি বাৰ ৪০০ পাৰ। "মোদীয়ে এনে মন্তব্যৰ জৰিয়তে লোকসভা নিৰ্বাচনত এনডিএই ৪০০ৰো অধিক আসন লাভ কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰে। 

এইমছ ৰেৱাৰীৰ আধাৰশিলা স্থাপন কৰি  মোদীয়ে কংগ্ৰেছক তীব্ৰ  আক্ৰমণ কৰে। মোদীয়ে কয় "২০১৪ চনৰ পূৰ্বে  হাৰিয়ানাত ৰে'লপথৰ উন্নয়নৰ বাবে গড়ে ৩০০ কোটি টকা আৱণ্টন কৰা হৈছিল। এই বছৰৰ বাজেট হৈছে ৩,০০০ কোটি টকাৰ। মাত্ৰ ১০ বছৰত এয়াই পাৰ্থক্য’’। মোদীয়ে এইবুলিও  দাবী কৰে  যে কৃষকসকলক ঋণ দিয়াৰ ক্ষেত্ৰত মোদী চৰকাৰ পূৰ্বৰ চৰকাৰতকৈ অধিক সক্ৰিয় । মোদীয়ে "আমি কৃষকসকলক মোদীৰ গেৰাণ্টি দিছো। বেঙ্কে ঋণ দিয়া নাছিল। কিন্তু আমি কৃষকসকলক গেৰাণ্টি দিছো। কৃষকসকলৰ বাবে নতুন আঁচনি অনা হ’ব।’’

 
বিগত ১০ বছৰত  হোৱা দেশৰ উন্নয়নৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে এই চৰকাৰৰ দিনতে সফল চন্দ্ৰ অভিযান সম্পন্ন হৈছে। মোদীয়ে কয় "জি-২০ সন্মিলন সফল হোৱাটো আপোনাৰ বাবে এক আশীৰ্বাদ। ভাৰতৰ পতাকা চন্দ্ৰত উৰিছে। যোৱা ১০ বছৰত, ভাৰত ১১ সংখ্যক  স্থানৰ পৰা  বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হৈ পৰিছে। মই বিচাৰো যে আপোনাৰ আশীৰ্বাদৰ সৈতে ভাৰত বিশ্বৰ তৃতীয় শক্তিশালী অৰ্থনীতি হৈ পৰিব। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক