--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সীমান্তত   হাৰিয়ানাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে অব্যাহত ৰাখিছে প্ৰতিবাদ। কৃষকসকলৰ সমস্যাৰ এতিয়াও সমাধান হোৱা নাই। সংযুক্ত কিষাণ মৰ্চাকে ধৰি কেইবাটাও কৃষক সংগঠনে শুকুৰবাৰে ভাৰত বন্ধৰো আহ্বান জনাইছে। কৃষকৰ প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাত এক  ৰেলী সম্বোধন কৰে। ৰেলীত মোদীয়ে  কয়  যে কেন্দ্ৰই কৃষকসকলৰ স্বাৰ্থত নতুন আঁচনি ৰূপায়ণ কৰাৰ  পৰিকল্পনা কৰিছে। একে সময়তে তেওঁ ঘোষণা কৰে , "আব কি বাৰ ৪০০ পাৰ। "মোদীয়ে এনে মন্তব্যৰ জৰিয়তে লোকসভা নিৰ্বাচনত এনডিএই ৪০০ৰো অধিক আসন লাভ কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰে। 

এইমছ ৰেৱাৰীৰ আধাৰশিলা স্থাপন কৰি  মোদীয়ে কংগ্ৰেছক তীব্ৰ  আক্ৰমণ কৰে। মোদীয়ে কয় "২০১৪ চনৰ পূৰ্বে  হাৰিয়ানাত ৰে'লপথৰ উন্নয়নৰ বাবে গড়ে ৩০০ কোটি টকা আৱণ্টন কৰা হৈছিল। এই বছৰৰ বাজেট হৈছে ৩,০০০ কোটি টকাৰ। মাত্ৰ ১০ বছৰত এয়াই পাৰ্থক্য’’। মোদীয়ে এইবুলিও  দাবী কৰে  যে কৃষকসকলক ঋণ দিয়াৰ ক্ষেত্ৰত মোদী চৰকাৰ পূৰ্বৰ চৰকাৰতকৈ অধিক সক্ৰিয় । মোদীয়ে "আমি কৃষকসকলক মোদীৰ গেৰাণ্টি দিছো। বেঙ্কে ঋণ দিয়া নাছিল। কিন্তু আমি কৃষকসকলক গেৰাণ্টি দিছো। কৃষকসকলৰ বাবে নতুন আঁচনি অনা হ’ব।’’

 
বিগত ১০ বছৰত  হোৱা দেশৰ উন্নয়নৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে এই চৰকাৰৰ দিনতে সফল চন্দ্ৰ অভিযান সম্পন্ন হৈছে। মোদীয়ে কয় "জি-২০ সন্মিলন সফল হোৱাটো আপোনাৰ বাবে এক আশীৰ্বাদ। ভাৰতৰ পতাকা চন্দ্ৰত উৰিছে। যোৱা ১০ বছৰত, ভাৰত ১১ সংখ্যক  স্থানৰ পৰা  বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হৈ পৰিছে। মই বিচাৰো যে আপোনাৰ আশীৰ্বাদৰ সৈতে ভাৰত বিশ্বৰ তৃতীয় শক্তিশালী অৰ্থনীতি হৈ পৰিব। "
FOLLOW US F
POPULAR
FEATURE
TRENDY
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
শিৱসাগৰৰ দিখৌ নদীত মৃতদেহ উদ্ধাৰ