--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ “আমি পাকিস্তানী হিন্দু, অৱশ্যেই মানুহে ভাবে যে পাকিস্তানত আমাৰ কোনো অস্তিত্ব নাই, আমি সুখী পাকিস্তানী হিন্দু।’’ পাকিস্তানৰ এগৰাকী হিন্দু যুৱতীৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। এটা ৰিলত এনেদৰে মন্তব্য কৰিছিল দীপনা ৰাজপুত নামৰ পাকিস্তানৰ হিন্দু যুৱতীগৰাকীয়ে। 

এনেদৰেই পাকিস্তানী হিন্দু যুৱতীগৰাকীয়ে নিজৰ দেশ পাকিস্তানৰ বিৰুদ্ধে থকা অভিযোগসমূহ খণ্ডন কৰিছে।

কৰাচীৰ বাসিন্দা দীপনাই কয় যে “পাকিস্তানী হিন্দুসকল সুখী।’’

ৰিলত তেওঁ আৰু আন কেইগৰাকীমান মহিলাই পাকিস্তানী হিন্দুসকলক কেন্দ্ৰ কৰি বিভিন্ন মন্তব্য কৰে।

“আমি পাকিস্তানী হিন্দু, অৱশ্যে মানুহে ইয়াত আমাক সুখী নহয় বুলি ভাবে কিন্তু আমি সুখী”

“আমি পাকিস্তানী হিন্দু, অৱশ্যেই মানুহে ভাবে যে আমি ক্ৰিকেট মেচত ভাৰতক সমৰ্থন কৰো।”

দীপনাৰ ৰিল এতিয়া ভাইৰেল হৈ পৰিছে। বেছিভাগেই ৰিলটোৰ শলাগ লৈছিল যদিও আন কিছুমানে সন্দেহ প্ৰকাশ কৰিছিল আৰু বিষয়বস্তুৰ ওপৰত ভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল। 

ভাইৰেল ৰিলটোৱে পাকিস্তানী খ্ৰীষ্টানসকলকো প্ৰভাৱিত কৰিছল। এগৰাকী পাকিস্তানী খ্ৰীষ্টানে কয় যে“আমি পাকিস্তানী খ্ৰীষ্টান, অৱশ্যেই মানুহে নাজানে যে আমাৰ অস্তিত্ব আছে।”

এক সাক্ষাৎকাৰত সিন্ধ প্ৰদেশৰ মিৰপুৰখাছ চহৰত জন্মগ্ৰহণ কৰা দীপনাই কয় যে জনসাধাৰণৰ সঁহাৰিয়ে তেওঁক আপ্লুত কৰিছে। “আমি মাত্ৰ ট্ৰেণ্ডিং ৰিল ফৰ্মেট ব্যৱহাৰ কৰিলোঁ আৰু ইয়াত আমাৰ ব্যক্তিগত মতামত যোগ কৰিলোঁ। আমি যি কথা ক’লোঁ সেয়া আমাৰ নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল।’-দীপনাই কয়।

দীপনাই অৱশ্যে স্পষ্টকৈ ক’ব বিচাৰে যে তেওঁ বা তেওঁৰ ৰিলত থকা আন মহিলাসকলে সমগ্ৰ পাকিস্তানী হিন্দু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰা নাই।

উল্লেখ্য যে ইছলামৰ পিছত পাকিস্তানৰ দ্বিতীয় জনবহুল ধৰ্ম হিন্দু ধৰ্ম। ২০১৭ চনৰ পাকিস্তানৰ লোকপিয়ল অনুসৰি পাকিস্তানৰ জনসংখ্যাৰ ২.১৪ শতাংশ বা প্ৰায় ৪৪ লাখ ব্যক্তি হিন্দু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক