--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ “আমি পাকিস্তানী হিন্দু, অৱশ্যেই মানুহে ভাবে যে পাকিস্তানত আমাৰ কোনো অস্তিত্ব নাই, আমি সুখী পাকিস্তানী হিন্দু।’’ পাকিস্তানৰ এগৰাকী হিন্দু যুৱতীৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। এটা ৰিলত এনেদৰে মন্তব্য কৰিছিল দীপনা ৰাজপুত নামৰ পাকিস্তানৰ হিন্দু যুৱতীগৰাকীয়ে। 

এনেদৰেই পাকিস্তানী হিন্দু যুৱতীগৰাকীয়ে নিজৰ দেশ পাকিস্তানৰ বিৰুদ্ধে থকা অভিযোগসমূহ খণ্ডন কৰিছে।

কৰাচীৰ বাসিন্দা দীপনাই কয় যে “পাকিস্তানী হিন্দুসকল সুখী।’’

ৰিলত তেওঁ আৰু আন কেইগৰাকীমান মহিলাই পাকিস্তানী হিন্দুসকলক কেন্দ্ৰ কৰি বিভিন্ন মন্তব্য কৰে।

“আমি পাকিস্তানী হিন্দু, অৱশ্যে মানুহে ইয়াত আমাক সুখী নহয় বুলি ভাবে কিন্তু আমি সুখী”

“আমি পাকিস্তানী হিন্দু, অৱশ্যেই মানুহে ভাবে যে আমি ক্ৰিকেট মেচত ভাৰতক সমৰ্থন কৰো।”

দীপনাৰ ৰিল এতিয়া ভাইৰেল হৈ পৰিছে। বেছিভাগেই ৰিলটোৰ শলাগ লৈছিল যদিও আন কিছুমানে সন্দেহ প্ৰকাশ কৰিছিল আৰু বিষয়বস্তুৰ ওপৰত ভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল। 

ভাইৰেল ৰিলটোৱে পাকিস্তানী খ্ৰীষ্টানসকলকো প্ৰভাৱিত কৰিছল। এগৰাকী পাকিস্তানী খ্ৰীষ্টানে কয় যে“আমি পাকিস্তানী খ্ৰীষ্টান, অৱশ্যেই মানুহে নাজানে যে আমাৰ অস্তিত্ব আছে।”

এক সাক্ষাৎকাৰত সিন্ধ প্ৰদেশৰ মিৰপুৰখাছ চহৰত জন্মগ্ৰহণ কৰা দীপনাই কয় যে জনসাধাৰণৰ সঁহাৰিয়ে তেওঁক আপ্লুত কৰিছে। “আমি মাত্ৰ ট্ৰেণ্ডিং ৰিল ফৰ্মেট ব্যৱহাৰ কৰিলোঁ আৰু ইয়াত আমাৰ ব্যক্তিগত মতামত যোগ কৰিলোঁ। আমি যি কথা ক’লোঁ সেয়া আমাৰ নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল।’-দীপনাই কয়।

দীপনাই অৱশ্যে স্পষ্টকৈ ক’ব বিচাৰে যে তেওঁ বা তেওঁৰ ৰিলত থকা আন মহিলাসকলে সমগ্ৰ পাকিস্তানী হিন্দু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰা নাই।

উল্লেখ্য যে ইছলামৰ পিছত পাকিস্তানৰ দ্বিতীয় জনবহুল ধৰ্ম হিন্দু ধৰ্ম। ২০১৭ চনৰ পাকিস্তানৰ লোকপিয়ল অনুসৰি পাকিস্তানৰ জনসংখ্যাৰ ২.১৪ শতাংশ বা প্ৰায় ৪৪ লাখ ব্যক্তি হিন্দু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি