--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখ সুখ বুলি মানুহ বলিয়া... হয়, সুখৰ সন্ধানতে সকলোৱে দৌৰিছে। কিন্তু সকলোৱে সমানভাবে সুখী হ’ব পৰা নাই। বিশ্বৰ আটাইতকৈ সুখী লোকসকলে কোন খন দেশ বাস কৰে বাৰু? নিঃসন্দেহে ফিনলেণ্ডত। সপ্তমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাবে  পুনৰ পৰিগণিত হৈছে ফিনলেণ্ড।

 আনহাতে সুখৰ ক্ষেত্ৰত ১৪৬ খন দেশৰ তালিকাত ভাৰত ১২৬ সংখ্যক  স্থানত আছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে পাকিস্তানৰ লোকসকল ভাৰততকৈ অধিক সুখী! তালিকাৰ শীৰ্ষত আছে ফিনলেণ্ড। ফিনলেণ্ডে  একেৰাহে সপ্তমবাৰৰ বাবে  তালিকাত  এক নম্বৰ স্থান বজাই ৰাখিবলৈ সক্ষম হৈছে।  

ৰাষ্ট্ৰসংঘই এক দশকৰো অধিক কাল  ধৰি এই সুখৰ এই তালিকা প্ৰকাশ কৰি আহিছে। ফিনলেণ্ড, ডেনমাৰ্ক, আইচলেণ্ড, চুইডেন আৰু ইজৰাইলে শীৰ্ষ পাঁচটা স্থান দখল কৰিছে। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানী শীৰ্ষ ২০ত নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান হৈছে  ২৩ । ২৪ সংখ্যক স্থানত আছে  জাৰ্মানী। ব্ৰিটেইন ২০ সংখ্যক  স্থানত আছে। ভাৰতৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত নেপাল ৯৩ সংখ্যক স্থানত আছে। পাকিস্তানৰ স্থান ১০৮ । 

আনহাতে, শ্ৰীলংকা আৰু বাংলাদেশৰ স্থান  ভাৰতৰ তলত আছে। এই দেশ দুখনৰ স্থান ক্ৰমান্বয়ে ১২৮ আৰু ১২৯ নম্বৰত আছে। তালিকাৰ একেোৰে তলত তালিবান শাসিত  আফগানিস্তান আছে। আফগানিস্তান  ১৪৩ নম্বৰত আছে। আফগানিস্তানৰ উপৰি লেবানন আৰু জৰ্ডানৰ অৱস্থানৰো যথেষ্ট অৱনতি ঘটিছে। "সুখ" কেনেকৈ জোখা হয়? গৱেষকসকলে জিডিপি, সামাজিক উন্নয়ন, ব্যক্তিগত স্বাধীনতা আৰু দুৰ্নীতিৰ হাৰৰ ক্ষেত্ৰত জৰীপ চলাইছিল। বিভিন্ন কাৰক বিশ্লেষণ কৰি  আটাইতকৈ সুখী দেশখন নিৰ্বাচন কৰা হৈছে।

 গৱেষকসকলে কৈছে যে যি খন দেশত মানুহে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে, সকলোৰে সৈতে সুখ ভাগ বতৰা কৰে, ইজনে সিজনক বিশ্বাস কৰে, সেই দেশখনকে আটাইতকৈ সুখী দেশখন হিচাপে নিৰ্বাচন কৰা  হয়।ফিনলেণ্ডৰ হেলচিঙ্কি বিশ্ববিদ্যালয়ৰ গৱেষক জেনিফাৰ ডি পাওলাই  সংবাদ মাধ্যমক কয়  যে ফিনলেণ্ডৰ লোকসকলৰ প্ৰকৃতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আৰু কাম তথা  ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত এক  'সুন্দৰ ভাৰসাম্য' ৰক্ষা কৰিবলৈ সক্ষম হৈছে। সেয়া তেওঁলোকৰ জীৱনৰ সন্তুষ্টিৰ আটাইতকৈ ডাঙৰ কাৰণ। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত ৩৫৮২টা, পাকিস্তানত ৩৩৪টা সংখ্যালঘু উৎপীড়নৰ ঘটনা
ডিব্ৰুগড়ৰ চাও পাৰ্থ বৰগোহাঁইৰ পৰিচালিত 'হিৰাইথ' নির্বাচিত
বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনী ; কোন হয় আটাইতকৈ ধনী ক্ৰিকেটাৰ ?
গেৰুকামুখ প্রকল্প বিপজ্জনক বুলি স্বীকাৰ কেন্দ্ৰৰ
‘অপাৰেচন সিন্দূৰ’ত ভাৰতীয় বায়ুসেনাই ধ্বংস কৰিছিল পাকিস্তানৰ ৬খন যুঁজাৰু বিমান!  বায়ুসেনাৰ মুৰব্বীৰ দাবী
নিষিদ্ধ চেং মাছক কেন্দ্ৰ কৰি উত্তপ্ত ডিব্ৰুগড় বিমানবন্দৰ
এচিয়া কাপ ২০২৫ৰ স্থান ঘোষণা এচিচিৰ ; ডুবাইত অনুষ্ঠিত হ'ব ভাৰত-পাকিস্তানৰ মেচ
অহা সপ্তাহত মুম্বাইত ভাৰতৰ প্ৰথমটো চাৰ্জিং ষ্টেচন মুকলি কৰিব টেছলাই
সুধাকণ্ঠ স্মাৰক মুদ্রাক লৈ সামাজিক মাধ্যমত বিতর্ক
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ