--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখ সুখ বুলি মানুহ বলিয়া... হয়, সুখৰ সন্ধানতে সকলোৱে দৌৰিছে। কিন্তু সকলোৱে সমানভাবে সুখী হ’ব পৰা নাই। বিশ্বৰ আটাইতকৈ সুখী লোকসকলে কোন খন দেশ বাস কৰে বাৰু? নিঃসন্দেহে ফিনলেণ্ডত। সপ্তমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাবে  পুনৰ পৰিগণিত হৈছে ফিনলেণ্ড।

 আনহাতে সুখৰ ক্ষেত্ৰত ১৪৬ খন দেশৰ তালিকাত ভাৰত ১২৬ সংখ্যক  স্থানত আছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে পাকিস্তানৰ লোকসকল ভাৰততকৈ অধিক সুখী! তালিকাৰ শীৰ্ষত আছে ফিনলেণ্ড। ফিনলেণ্ডে  একেৰাহে সপ্তমবাৰৰ বাবে  তালিকাত  এক নম্বৰ স্থান বজাই ৰাখিবলৈ সক্ষম হৈছে।  

ৰাষ্ট্ৰসংঘই এক দশকৰো অধিক কাল  ধৰি এই সুখৰ এই তালিকা প্ৰকাশ কৰি আহিছে। ফিনলেণ্ড, ডেনমাৰ্ক, আইচলেণ্ড, চুইডেন আৰু ইজৰাইলে শীৰ্ষ পাঁচটা স্থান দখল কৰিছে। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানী শীৰ্ষ ২০ত নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান হৈছে  ২৩ । ২৪ সংখ্যক স্থানত আছে  জাৰ্মানী। ব্ৰিটেইন ২০ সংখ্যক  স্থানত আছে। ভাৰতৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত নেপাল ৯৩ সংখ্যক স্থানত আছে। পাকিস্তানৰ স্থান ১০৮ । 

আনহাতে, শ্ৰীলংকা আৰু বাংলাদেশৰ স্থান  ভাৰতৰ তলত আছে। এই দেশ দুখনৰ স্থান ক্ৰমান্বয়ে ১২৮ আৰু ১২৯ নম্বৰত আছে। তালিকাৰ একেোৰে তলত তালিবান শাসিত  আফগানিস্তান আছে। আফগানিস্তান  ১৪৩ নম্বৰত আছে। আফগানিস্তানৰ উপৰি লেবানন আৰু জৰ্ডানৰ অৱস্থানৰো যথেষ্ট অৱনতি ঘটিছে। "সুখ" কেনেকৈ জোখা হয়? গৱেষকসকলে জিডিপি, সামাজিক উন্নয়ন, ব্যক্তিগত স্বাধীনতা আৰু দুৰ্নীতিৰ হাৰৰ ক্ষেত্ৰত জৰীপ চলাইছিল। বিভিন্ন কাৰক বিশ্লেষণ কৰি  আটাইতকৈ সুখী দেশখন নিৰ্বাচন কৰা হৈছে।

 গৱেষকসকলে কৈছে যে যি খন দেশত মানুহে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে, সকলোৰে সৈতে সুখ ভাগ বতৰা কৰে, ইজনে সিজনক বিশ্বাস কৰে, সেই দেশখনকে আটাইতকৈ সুখী দেশখন হিচাপে নিৰ্বাচন কৰা  হয়।ফিনলেণ্ডৰ হেলচিঙ্কি বিশ্ববিদ্যালয়ৰ গৱেষক জেনিফাৰ ডি পাওলাই  সংবাদ মাধ্যমক কয়  যে ফিনলেণ্ডৰ লোকসকলৰ প্ৰকৃতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আৰু কাম তথা  ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত এক  'সুন্দৰ ভাৰসাম্য' ৰক্ষা কৰিবলৈ সক্ষম হৈছে। সেয়া তেওঁলোকৰ জীৱনৰ সন্তুষ্টিৰ আটাইতকৈ ডাঙৰ কাৰণ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক