ডিজিটেল ডেস্ক: অহা ১০ বছৰৰ ভিতৰত কেঞ্চাৰ ৰোগ ইতিহাস হৈ পৰিব। কৃত্রিম বুদ্ধিমত্তা (এ আই)ৰ দ্রুত বিকাশৰ ফলত অহা এটা দশকৰ ভিতৰত জটিল ৰোগ কেঞ্চাৰ নির্মূল কৰিব পৰা যাব। এই বৃহৎ আৰু আশাব্যঞ্জক দাবী কৰিছে বিশ্বৰ অগ্ৰণী এ আই প্রতিষ্ঠান এনথ্র'পিকৰ মুখ্য কাৰ্যবাহী বিষয়া (চিই অ') ডাৰিঅ' আমোডেই। বিশ্বৰ কোটি কোটি কেঞ্চাৰ ৰোগীলৈ আশাৰ বতৰা কঢ়িয়াই অনা এনথ্র'পিকৰ মুৰব্বী আমোডেইৰ মতে, সঠিকভাবে ব্যৱহাৰ কৰিলে এ আই এ চিকিৎসা বিজ্ঞানত এক অভূতপূর্ব বিপ্লৱ আনিব পাৰে। ডাৰিঅ' আমোডেই দাবী কৰা অনুসৰি, অহা এটা দশক বা তাতকৈ কম সময়ৰ ভিতৰত কেৱল কেঞ্চাৰেই নহয়, বৰঞ্চ এলজাইমাৰ্ছ, হৃদৰোগ আৰু মানসিক অসুস্থতাৰ দৰে জটিল সমস্যাবোৰৰো সমাধান হ'ব।
আমোডেই কয় যে এ আই প্রযুক্তিৰ সহায়ত মানবজাতিয়ে এনে এটা 'অলৌকিক যুগ'ত প্রৱেশ কৰিব, য'ত হাজাৰ হাজৰ বছৰ ধৰি সমাধান নোহোৱা চিকিৎসা বিজ্ঞানৰ জটিল সমস্যাসমূহ সমাধান কৰা সম্ভৱ হ'ব। আমোডেই প্রকাশ কৰা মতে, কৃত্রিম বুদ্ধিমত্তাৰ প্ৰযুক্তিৰে ইতিমধ্যে এই বিষয়ত গবেষণা ক্ষিপ্ৰতাৰে আগবাঢ়িছে। এ আই প্রযুক্তিয়ে জৈৱিক গবেষণা, ঔষধ আবিষ্কাৰ আৰু চিকিৎসা বিজ্ঞানৰ উন্নতিৰ গতি বহুগুণে বৃদ্ধি কৰিছে।
আনহাতে, ডাৰিঅ' আমোডেইৰ উপৰি বিশ্বৰ অন্যান্য প্রযুক্তিবিদসকলেও এই ক্ষেত্রত আশা প্রকাশ কৰিছে। ইলন মাস্কে দাবী কৰিছে যে এ আইৰ দ্রুত বিকাশৰ ফলত ভৱিষ্যতে সাধাৰণ জনতায়ো আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে বিশ্বৰ শ্রেষ্ঠ চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব।
গুগল এ আইৰ মুৰব্বী ডেমীছ হাছাবিছে উল্লেখ কৰিছে যে এ আইৰ জৰিয়তে ঔষধৰ গৱেষণাৰ বাবে লগা সময় হ্রাস কৰিব পাৰিব। অৱশ্যে, এ আইৰ বিশেষজ্ঞসকল এই বিষয়ত যথেষ্ট আশাবাদী যদিও চিকিৎসা বিজ্ঞানী আৰু ঔষধ নির্মাতা কোম্পানীবোৰ এই ১০বছৰীয়া সময়সীমাৰ সৈতে একমত নহয়। ঔষধ প্রস্তুতকাৰী বিশেষজ্ঞসকলৰ মতে, এ আই এ কম্পিউটাৰ স্ক্ৰীনত নতুন ঔষধৰ উপাদান অতি সোনকালে বিচাৰি উলিয়াব পাৰিলেও, সেইসমূহ মানৱ বা জীৱ-জন্তুৰ বাবে সুৰক্ষিত হয় নে নহয় তাক পৰীক্ষা কৰিবলৈ কমেও ১০-১২ বছৰৰ প্ৰয়োজন হ'ব।
উৎস: দৈনিক জনমভূমি