ডিজিটেল ডেস্ক: অমৃতসৰৰ কেণ্টনমেণ্ট থানাৰ অধীনস্থ জুঝাৰ সিং এভিনিউত এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। এজন যুৱকে প্ৰথমে নিজৰ মাতৃ আৰু দুটা পোহনীয়া কুকুৰক গুলীয়াই হত্যা কৰে আৰু তাৰ পিছত নিজেও নিজকে গুলীয়াই আত্মহত্যা কৰে। ঘটনাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
প্ৰাথমিক তথ্য অনুসৰি, যুৱকজনক হৰপ্ৰীত সিং বুলি চিনাক্ত কৰা হৈছে। যুৱকজনে প্ৰথমে নিজৰ পোহনীয়া দুটা কুকুৰক গুলীয়াই মাৰে আৰু তাৰ পিছত মাতৃক হত্যা কৰে। অৱশেষত অভিযুক্তজনে নিজকে গুলীয়াই আত্মহত্যা কৰে।
প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে যুৱকজন ব্ৰিটেইনৰ বাসিন্দা আছিল। তেওঁ কিছুদিন পূৰ্বেহে ব্ৰিটেইনৰ পৰা ঘৰলৈ উভতি আহিছিল। ফোনযোগে তেওঁৰ মাতৃৰ সৈতে সঘনাই কথা-বতৰা হৈছিল আৰু বহুবাৰ ফোনতে দুয়োৰে মাজত তৰ্কাতৰ্কিও হৈছিল। ঘৰলৈ উভতি অহাৰ পিছতো মাতৃ-পুত্ৰৰ মাজত বিবাদ হৈছিল, ই ইমানেই বৃদ্ধি পায় যে পুত্ৰই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে।
প্ৰাথমিক তদন্তত এই ঘটনাটোক সম্পত্তিৰ বিবাদৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। দুয়োৰে মাজত হোৱা কাজিয়াৰ মূল কাৰণ সম্পত্তি বুলিয়েই জানিব পৰা গৈছে। সম্পত্তিৰ ভাগ-বটোৱাৰাক লৈয়ে দুয়োৰে মাজত প্ৰায়ে বাক-বিতণ্ডা হৈছিল আৰু যুৱকজনে অৱশেষত এই ভয়ংকৰ কাণ্ড কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰু সকলো দিশৰ পৰা পৰীক্ষা কৰি আছে।