--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসম চৰকাৰেও ৰাজ্যখনৰ বান ব্যৱস্থাপনা, কৃষি আৰু নিৰাপত্তা ব্যৱস্থাৰ বাবে নিজাববীয়াকৈ 'AssamSAT' নামৰ এটা পৃথিৱী নিৰীক্ষণ উপগ্রহ নিৰ্মাণ কৰাৰ বাবে কাম কৰি আছে।

ডিজিটেল ডেস্ক: কৃত্রিম বুদ্ধিমত্তা (এ আই) চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে। আমেৰিকা, চীন, ইউৰোপীয় ইউনিয়নৰ পাছত ভাৰতে এই সফলতা অৰ্জন কৰিছে। হায়দৰাবাদস্থিত মহাকাশ প্রযুক্তি ষ্টার্ট আপ 'টেকমি টু স্পে'চ'-এ নিৰ্মাণ কৰি উলিওৱা 'এম অ' আই-১ এ' নামৰ কৃত্ৰিম উপগ্ৰহটো স্পে'চ এক্সৰ ট্রান্সপৰ্টাৰ-১৮ মিছনৰ জৰিয়তে সফলতাৰে মহাকাশলৈ কালি প্ৰেৰণ কৰা হয়। 


কেলিফর্নিয়াৰ ভান্দেনবাৰ্গ মহাকাশ উৎক্ষেপণ কেন্দ্ৰৰ পৰা শুকুৰবাৰে পুৱা স্পে'চ এক্সৰ ফেলকন ৯ ৰকেটৰ জৰিয়তে ১৩০টা পে'ল'ডৰ অন্যতম এটা হিচাপে এই ভাৰতীয় এম অ' আই-১এ কৃত্রিম উপগ্রহটো মহাকাশলৈ প্ৰেৰণ কৰা হয়। ভাৰতৰ প্ৰথমটো এ আই ভিত্তিক 'অর্বিটেল কম্পিউটিং' উপগ্ৰহটোৱে কেৱল পৃথিৱীৰ ছবি তুলিয়েই ক্ষান্ত নাথাকিব, বৰঞ্চ মহাকাশত থাকিয়েই কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত ছবি আৰু তথ্যসমূহৰ বিশ্লেষণ কৰিব পাৰিব। ইয়াৰ ফলত পৃথিৱীলৈ অনাৱশ্যকীয় ডাটা পঠোৱাৰ প্ৰয়োজন নহ'ব আৰু কেৱল প্রয়োজনীয় তথ্যসমূহে অতি কম সময়ৰ ভিতৰত পৃথিৱীলৈ প্ৰেৰণ কৰিব পৰা যাব। 


সাধাৰণতে কৃত্রিম উপগ্ৰহবোৰে মহাকাশৰ পৰা বিশাল পৰিমাণৰ 'ৰ' (কেঁচা) ডাটা পৃথিৱীৰ ষ্টেছনলৈ প্ৰেৰণ কৰে, যিবোৰ পৰীক্ষা কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। কিন্তু উৎক্ষেপণ কৰা নতুন উপগ্ৰহটোৱে 'ইন বিল্ট' এ আই প্রযুক্তি ব্যৱহাৰ কৰি মহাকাশতে ডাটাবোৰ পৰীক্ষা কৰিব আৰু কেৱল গুৰুত্বপূৰ্ণ তথ্যখিনিহে পৃথিৱীলৈ পঠিয়াব। 


উদাহৰণ স্বৰূপে, উপগ্ৰহটোৱে সংগ্ৰহ কৰা ৩০০ জিবি ডাটাৰ ভিতৰত যদি মাত্র ৫ জিবি ডাটা প্রয়োজনীয় হয়, তেন্তে ই কেৱল সেই ৫ জিবি ডাটায়েই পৃথিৱীলৈ প্ৰেৰণ কৰিব, যাৰ ফলত সময় আৰু ব্যয় দুয়োটাই ৰাহি হ'ব। এই মহাকাশ প্রযুক্তিৰ সহায়ত সীমান্ত অঞ্চলৰ নিৰীক্ষণ, বান বা প্রাকৃতিক দুৰ্যোগৰ আগজাননী, বনাঞ্চলৰ সুৰক্ষা, কৃষি আৰু খনি অঞ্চলৰ সঠিক পৰ্যবেক্ষণ কৰাটো সম্ভৱ হৈ উঠিব। 


প্রসংগক্রমে উল্লেখ কৰিব পাৰিব যে অসম চৰকাৰেও ৰাজ্যখনৰ বান ব্যৱস্থাপনা, কৃষি আৰু নিৰাপত্তা ব্যৱস্থাৰ বাবে নিজাববীয়াকৈ 'AssamSAT' নামৰ এটা পৃথিৱী নিৰীক্ষণ উপগ্রহ নিৰ্মাণ কৰাৰ বাবে কাম কৰি আছে। অসম চৰকাৰে ইছৰ' আৰু ইন-স্পে'চৰ সহযোগত এই উপগ্ৰহটো নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা