--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এতিয়াও যুদ্ধ চলি আছে। যুদ্ধৰ বাবেই দেশ এৰি পলাবলৈ বাধ্য হৈছে বহু ইউক্ৰেনিয়ান৷ যুদ্ধ বিভিষীকা দিনে দিনে বৃদ্ধি পাই গৈ আছে। যোৱা চাৰি-পাঁচ মাহ ধৰি চলি থকা বিধ্বংসী আক্ৰমণত হাজাৰ-বিজাৰ লোকে প্ৰাণ হেৰুৱাইছে। এইবাৰ আহিছে এটা দুখৰ খবৰ। ৰাছিয়াৰ গুলীচালনাত নিহত হ’ল ইউক্ৰেইনৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈৰ।
 ডান্স স্পৰ্টছৰ চেম্পিয়ন ডাৰিয়া কুৰডেলে ৰাছিয়াৰ ইউক্ৰেইনৰ ক্ৰাইভী ৰিহৰ গুলীচালনাত হেৰুৱালে প্ৰাণ। পাহি মেলি ফুলি উঠা এপাহ ফুল হঠাতে মৰহি গ’ল। ৯ জুলাইত এই অঞ্চলত ৰাছিয়াই বিমান আক্ৰমণ চলাইছিল, য’ত ডাৰিয়া আহত হৈছিল। অশেষ চেষ্টাৰ অন্ততো তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল। ২০ বছৰীয়া ডাৰিয়া কুৰডেল ডান্স স্পৰ্টছৰ বিশেষজ্ঞ আছিল। তেওঁ এই ক্ষেত্ৰখনত চেম্পিয়নৰ খিতাপো অৰ্জন কৰিছে। ডান্স স্পৰ্টছ ৰাছিয়া আৰু ইউক্ৰেইন অঞ্চলৰ এক অতি বিখ্যাত খেল, যিটো সদায় শিৰোনামত থাকে।

উল্লেখ্য যে চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হৈছিল আৰু এতিয়ালৈকে যুদ্ধ চলি আছে। ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ বহু চহৰ ধ্বংস হোৱাৰ লগতে হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়। ৰাছিয়াৰ এই আক্ৰমণৰ বাবে বিশ্বৰ বহু দেশে ৰাছিয়াক নিষিদ্ধ কৰিছিল যদিও ৰাছিয়াই এই পদক্ষেপৰ পৰা একেবাৰেই পিছুৱাই নাহিল। ইফালে ইউক্ৰেইনে বিভিন্ন দেশ আৰু সংগঠনৰ পৰা অহৰহ সমৰ্থন বিচাৰি আছে। শেহতীয়াকৈ ইউক্ৰেইনেও ভাৰতকে ধৰি মুঠ ৯খন দেশৰ পৰা নিজৰ ৰাষ্ট্ৰদূতক অপসাৰণ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ