--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এতিয়াও যুদ্ধ চলি আছে। যুদ্ধৰ বাবেই দেশ এৰি পলাবলৈ বাধ্য হৈছে বহু ইউক্ৰেনিয়ান৷ যুদ্ধ বিভিষীকা দিনে দিনে বৃদ্ধি পাই গৈ আছে। যোৱা চাৰি-পাঁচ মাহ ধৰি চলি থকা বিধ্বংসী আক্ৰমণত হাজাৰ-বিজাৰ লোকে প্ৰাণ হেৰুৱাইছে। এইবাৰ আহিছে এটা দুখৰ খবৰ। ৰাছিয়াৰ গুলীচালনাত নিহত হ’ল ইউক্ৰেইনৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈৰ।
 ডান্স স্পৰ্টছৰ চেম্পিয়ন ডাৰিয়া কুৰডেলে ৰাছিয়াৰ ইউক্ৰেইনৰ ক্ৰাইভী ৰিহৰ গুলীচালনাত হেৰুৱালে প্ৰাণ। পাহি মেলি ফুলি উঠা এপাহ ফুল হঠাতে মৰহি গ’ল। ৯ জুলাইত এই অঞ্চলত ৰাছিয়াই বিমান আক্ৰমণ চলাইছিল, য’ত ডাৰিয়া আহত হৈছিল। অশেষ চেষ্টাৰ অন্ততো তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল। ২০ বছৰীয়া ডাৰিয়া কুৰডেল ডান্স স্পৰ্টছৰ বিশেষজ্ঞ আছিল। তেওঁ এই ক্ষেত্ৰখনত চেম্পিয়নৰ খিতাপো অৰ্জন কৰিছে। ডান্স স্পৰ্টছ ৰাছিয়া আৰু ইউক্ৰেইন অঞ্চলৰ এক অতি বিখ্যাত খেল, যিটো সদায় শিৰোনামত থাকে।

উল্লেখ্য যে চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হৈছিল আৰু এতিয়ালৈকে যুদ্ধ চলি আছে। ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ বহু চহৰ ধ্বংস হোৱাৰ লগতে হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়। ৰাছিয়াৰ এই আক্ৰমণৰ বাবে বিশ্বৰ বহু দেশে ৰাছিয়াক নিষিদ্ধ কৰিছিল যদিও ৰাছিয়াই এই পদক্ষেপৰ পৰা একেবাৰেই পিছুৱাই নাহিল। ইফালে ইউক্ৰেইনে বিভিন্ন দেশ আৰু সংগঠনৰ পৰা অহৰহ সমৰ্থন বিচাৰি আছে। শেহতীয়াকৈ ইউক্ৰেইনেও ভাৰতকে ধৰি মুঠ ৯খন দেশৰ পৰা নিজৰ ৰাষ্ট্ৰদূতক অপসাৰণ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু