--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ ব্যস্ততাপূৰ্ণ সূচীৰ অংশ হিচাপে অহা ২২ জুলাইৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখনীয়া শৃংখলাত অৱতীৰ্ণ হ'ব ভাৰত। উক্ত শৃংখলাৰ বাবে আজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ১৬ জনীয়া দল ঘোষণা কৰিছে। উল্লেখ্য যে বৰ্তমান ভাৰতীয় ক্ৰিকেট দলটো ইংলেণ্ড ভ্ৰমণত আছে। যোৱা বৰ্ষৰ অৰ্ধসমাপ্ত টেষ্ট শৃংখলাৰ অংশ হিচাপে থকা একমাত্ৰ টেষ্ট খনত ইতিমধ্যে মঙলবাৰে ভাৰতীয় দল শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে। 

আনহাতে কাইলৈৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ আৰু তিনিখনীয়া এদিনীয়াৰ সীমিত অভাৰৰ শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰত। অহা ১৭ জুলাইত অন্ত পৰিবলগীয়া এই শৃংখলাৰ পাছতে ভাৰতীয় দল ৱেষ্ট ইণ্ডিজলৈ উৰা মাৰিব। অৱশ্যে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ বাবে দলত থকা কেইগৰাকীও জেষ্ঠ তাৰকা ৱেষ্ট ইণ্ডিজ ভ্ৰমণত দলত নাথাকিব। 

ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহৰ দৰে জ্যেষ্ঠ খেলুৱৈসকলক ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাত বিশ্ৰাম দিয়া হৈছে। ৰোহিতৰ স্থানত অভিজ্ঞ অপেনিং বেটাৰ শিখৰ ধাৱানে ভাৰতীয় দলটোক নেতৃত্ব দিব। আনহাতে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক সহ-অধিনায়ক হিচাপে মনোনীত কৰা হৈছে।

আজি বিচিচিআই- এ জাৰি কৰা এক আনুষ্ঠানিক বিজ্ঞপ্তিত কয়, "ত্ৰিনিদাদৰ পোৰ্ট অৱ স্পেইনৰ কুইন্স পাৰ্ক অভেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া তিনিখন এদিনীয়া শৃংখলাৰ বাবে সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে দল বাছনি কৰিছে।" 

সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে অভিজ্ঞ খেলুৱৈসকলৰ অনুপস্থিতিত দলত ৰুতুৰাজ গাইকোৱাড, দীপক হুডা, অৰ্শদ্বীপ সিং, আভেশ খান আৰু প্ৰসিদ কৃষ্ণৰ দৰে কেইবাজনো যুৱ খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰিছে। আনহাতে টেষ্ট দলৰ নিয়মীয়া খেলুৱৈত পৰিণত হোৱা শুভমন গিলক দীৰ্ঘদিনীয়া বিৰতিৰ পিছত সীমিত অভাৰৰ দলত স্থান দিয়া হৈছে। 

ইফালে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ বাবে দললৈ উভতি অহা অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াক পুনৰ এবাৰ বিশ্ৰাম দিয়া হৈছে। পেচাৰ মহম্মদ ছামিও ৱেষ্ট ইণ্ডিজ ভ্ৰমণত দলত নাথাকিব। আনহাতে উইকেটৰক্ষক বেটাৰ ঋষভ পণ্টকো শৃংখলাটোত বিশ্ৰাম দিয়াৰ সিদ্ধান্ত লয় বাছনি সমিতিয়ে। পণ্টৰ বিপৰীতে দলত অন্তৰ্ভুক্ত কৰা হৈছে সঞ্জু চেমচনক। আন এগৰাকী উইকেটৰক্ষক ঈশান কিষণো দলত থাকিব।

ঘোষিত ভাৰতীয় দল: শিখৰ ধাৱান (অধিনায়ক), ৰুতুৰাজ গায়কোৱাড, শুভমন গিল, দীপক হুডা, সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়স আয়াৰ, ঈশান কিষণ, সঞ্জু চেমচন, ৰবীন্দ্ৰ জাদেজা (সহ-অধিনায়ক), শাৰ্দুল ঠাকুৰ, যুজবেন্দ্ৰ চাহল, অক্সৰ পেটেল, আভেশ খান, প্ৰসিধ কৃষ্ণ, মহম্মদ চিৰাজ, অৰ্শদ্বীপ সিং।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ