--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ ব্যস্ততাপূৰ্ণ সূচীৰ অংশ হিচাপে অহা ২২ জুলাইৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখনীয়া শৃংখলাত অৱতীৰ্ণ হ'ব ভাৰত। উক্ত শৃংখলাৰ বাবে আজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ১৬ জনীয়া দল ঘোষণা কৰিছে। উল্লেখ্য যে বৰ্তমান ভাৰতীয় ক্ৰিকেট দলটো ইংলেণ্ড ভ্ৰমণত আছে। যোৱা বৰ্ষৰ অৰ্ধসমাপ্ত টেষ্ট শৃংখলাৰ অংশ হিচাপে থকা একমাত্ৰ টেষ্ট খনত ইতিমধ্যে মঙলবাৰে ভাৰতীয় দল শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে। 

আনহাতে কাইলৈৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ আৰু তিনিখনীয়া এদিনীয়াৰ সীমিত অভাৰৰ শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰত। অহা ১৭ জুলাইত অন্ত পৰিবলগীয়া এই শৃংখলাৰ পাছতে ভাৰতীয় দল ৱেষ্ট ইণ্ডিজলৈ উৰা মাৰিব। অৱশ্যে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ বাবে দলত থকা কেইগৰাকীও জেষ্ঠ তাৰকা ৱেষ্ট ইণ্ডিজ ভ্ৰমণত দলত নাথাকিব। 

ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহৰ দৰে জ্যেষ্ঠ খেলুৱৈসকলক ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাত বিশ্ৰাম দিয়া হৈছে। ৰোহিতৰ স্থানত অভিজ্ঞ অপেনিং বেটাৰ শিখৰ ধাৱানে ভাৰতীয় দলটোক নেতৃত্ব দিব। আনহাতে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক সহ-অধিনায়ক হিচাপে মনোনীত কৰা হৈছে।

আজি বিচিচিআই- এ জাৰি কৰা এক আনুষ্ঠানিক বিজ্ঞপ্তিত কয়, "ত্ৰিনিদাদৰ পোৰ্ট অৱ স্পেইনৰ কুইন্স পাৰ্ক অভেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া তিনিখন এদিনীয়া শৃংখলাৰ বাবে সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে দল বাছনি কৰিছে।" 

সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে অভিজ্ঞ খেলুৱৈসকলৰ অনুপস্থিতিত দলত ৰুতুৰাজ গাইকোৱাড, দীপক হুডা, অৰ্শদ্বীপ সিং, আভেশ খান আৰু প্ৰসিদ কৃষ্ণৰ দৰে কেইবাজনো যুৱ খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰিছে। আনহাতে টেষ্ট দলৰ নিয়মীয়া খেলুৱৈত পৰিণত হোৱা শুভমন গিলক দীৰ্ঘদিনীয়া বিৰতিৰ পিছত সীমিত অভাৰৰ দলত স্থান দিয়া হৈছে। 

ইফালে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ বাবে দললৈ উভতি অহা অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াক পুনৰ এবাৰ বিশ্ৰাম দিয়া হৈছে। পেচাৰ মহম্মদ ছামিও ৱেষ্ট ইণ্ডিজ ভ্ৰমণত দলত নাথাকিব। আনহাতে উইকেটৰক্ষক বেটাৰ ঋষভ পণ্টকো শৃংখলাটোত বিশ্ৰাম দিয়াৰ সিদ্ধান্ত লয় বাছনি সমিতিয়ে। পণ্টৰ বিপৰীতে দলত অন্তৰ্ভুক্ত কৰা হৈছে সঞ্জু চেমচনক। আন এগৰাকী উইকেটৰক্ষক ঈশান কিষণো দলত থাকিব।

ঘোষিত ভাৰতীয় দল: শিখৰ ধাৱান (অধিনায়ক), ৰুতুৰাজ গায়কোৱাড, শুভমন গিল, দীপক হুডা, সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়স আয়াৰ, ঈশান কিষণ, সঞ্জু চেমচন, ৰবীন্দ্ৰ জাদেজা (সহ-অধিনায়ক), শাৰ্দুল ঠাকুৰ, যুজবেন্দ্ৰ চাহল, অক্সৰ পেটেল, আভেশ খান, প্ৰসিধ কৃষ্ণ, মহম্মদ চিৰাজ, অৰ্শদ্বীপ সিং।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু