--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতৰ (আই চি চি) ওপৰত নিষেধাজ্ঞা জাৰি কৰি এটা আদেশত স্বাক্ষৰ কৰে। 

হোৱাইট হাউছৰ সূত্ৰই সদৰী কৰা অনুসৰি, আমেৰিকা আৰু ইয়াৰ ঘনিষ্ঠ মিত্র দেশ ইজৰাইলক লক্ষ্য কৰি আই চি চিয়ে চলোৱা তদন্তসমূহ 'ভিত্তিহীন' বুলি অভিহিত কৰি ট্রাম্প প্রশাসনে এই সিদ্ধান্ত লয়। ট্রাম্পৰ আদেশটোত কোৱা হয় যে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনাত ভাগ লোৱা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰি হেগস্থিত আন্তঃৰাষ্ট্ৰীয় আদালতখনে ইয়াৰ ক্ষমতাৰ 'অপব্যৱহাৰ' কৰিছে। 

আমেৰিকাৰ সেৱা প্ৰদানকাৰীসকলে আফগানিস্তানত আৰু গাজাত ইজৰাইলী সেনাই যুদ্ধ-অপৰাধ সংঘটিত কৰাৰ অভিযোগৰ বাবে আই চি চিয়ে ঘোষণা কৰা তদন্তৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ আদেশটোত কোৱা হয় যে আন্তঃৰাষ্ট্ৰীয় আদালতখনে আমেৰিকা আৰু তেওঁলোকৰ ঘনিষ্ঠ মিত্রদেশ ইজৰাইলক লক্ষ্য কৰি 'অবৈধ আৰু ভিত্তিহীন' কার্যপন্থা হাতত লৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে আই চি চিৰ বিষয়াবৰ্গ, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু আদালতখনৰ তদন্ত প্রক্রিয়াত সহায় কৰা যিকোনো লোকৰ সম্পত্তি জব্দ কৰা আৰু ভ্ৰমণত নিষেধাজ্ঞাকে ধৰি বিভিন্ন বিষয়ত নিষেধাজ্ঞা আৰোপ কৰি আদেশটো প্রদান কৰে। 

উল্লেখযোগ্য যে নেটান্যাহুৰ হোৱাইট হাউছ ভ্ৰমণৰ সময়ত ট্রাম্পে গাজা 'দখল' কৰাৰ আমেৰিকাৰ পৰিকল্পনাৰ লগতে পেলেষ্টাইনীসকলক গাজাৰ পৰা মধ্য প্রাচ্যৰ আন দেশলৈ স্থানান্তৰ কৰাৰ বিষয়ে দাম্ভিক ঘোষণা কৰিছিল আৰু আমেৰিকাৰ এই পৰিকল্পনাক নেটান্যাহুৱে সমর্থন জনাইছিল। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি ট্রাম্পে আই চি চিৰ বিৰুদ্ধে এই ব্যৱস্থা লয়। 

উল্লেখযোগ্য যে আমেৰিকা বা ইজৰাইল, দুয়োখনেই আন্তঃৰাষ্ট্ৰীয় আদালতৰ সদস্য নহয়। এতিয়ালৈকে আই চি চিৰ তৰফৰ পৰা কোনো ধৰণৰ তাৎক্ষণিক প্রতিক্রিয়া এই বিষয়ত অহা নাই।

(উৎস- দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি