--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতৰ (আই চি চি) ওপৰত নিষেধাজ্ঞা জাৰি কৰি এটা আদেশত স্বাক্ষৰ কৰে। 

হোৱাইট হাউছৰ সূত্ৰই সদৰী কৰা অনুসৰি, আমেৰিকা আৰু ইয়াৰ ঘনিষ্ঠ মিত্র দেশ ইজৰাইলক লক্ষ্য কৰি আই চি চিয়ে চলোৱা তদন্তসমূহ 'ভিত্তিহীন' বুলি অভিহিত কৰি ট্রাম্প প্রশাসনে এই সিদ্ধান্ত লয়। ট্রাম্পৰ আদেশটোত কোৱা হয় যে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনাত ভাগ লোৱা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰি হেগস্থিত আন্তঃৰাষ্ট্ৰীয় আদালতখনে ইয়াৰ ক্ষমতাৰ 'অপব্যৱহাৰ' কৰিছে। 

আমেৰিকাৰ সেৱা প্ৰদানকাৰীসকলে আফগানিস্তানত আৰু গাজাত ইজৰাইলী সেনাই যুদ্ধ-অপৰাধ সংঘটিত কৰাৰ অভিযোগৰ বাবে আই চি চিয়ে ঘোষণা কৰা তদন্তৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ আদেশটোত কোৱা হয় যে আন্তঃৰাষ্ট্ৰীয় আদালতখনে আমেৰিকা আৰু তেওঁলোকৰ ঘনিষ্ঠ মিত্রদেশ ইজৰাইলক লক্ষ্য কৰি 'অবৈধ আৰু ভিত্তিহীন' কার্যপন্থা হাতত লৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে আই চি চিৰ বিষয়াবৰ্গ, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু আদালতখনৰ তদন্ত প্রক্রিয়াত সহায় কৰা যিকোনো লোকৰ সম্পত্তি জব্দ কৰা আৰু ভ্ৰমণত নিষেধাজ্ঞাকে ধৰি বিভিন্ন বিষয়ত নিষেধাজ্ঞা আৰোপ কৰি আদেশটো প্রদান কৰে। 

উল্লেখযোগ্য যে নেটান্যাহুৰ হোৱাইট হাউছ ভ্ৰমণৰ সময়ত ট্রাম্পে গাজা 'দখল' কৰাৰ আমেৰিকাৰ পৰিকল্পনাৰ লগতে পেলেষ্টাইনীসকলক গাজাৰ পৰা মধ্য প্রাচ্যৰ আন দেশলৈ স্থানান্তৰ কৰাৰ বিষয়ে দাম্ভিক ঘোষণা কৰিছিল আৰু আমেৰিকাৰ এই পৰিকল্পনাক নেটান্যাহুৱে সমর্থন জনাইছিল। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি ট্রাম্পে আই চি চিৰ বিৰুদ্ধে এই ব্যৱস্থা লয়। 

উল্লেখযোগ্য যে আমেৰিকা বা ইজৰাইল, দুয়োখনেই আন্তঃৰাষ্ট্ৰীয় আদালতৰ সদস্য নহয়। এতিয়ালৈকে আই চি চিৰ তৰফৰ পৰা কোনো ধৰণৰ তাৎক্ষণিক প্রতিক্রিয়া এই বিষয়ত অহা নাই।

(উৎস- দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি