--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী শ্বেখ হাছিনাই বুধবাৰে নিশা এটা ভিডিঅ'যোগে আৱামী লীগৰ কৰ্মীসকলক প্ৰতিবাদৰ আহ্বান জনোৱাৰ পাছতেই দেশখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হাছিনাৰ পিতৃ তথা 'বংগবন্ধু' মুজিবুৰ ৰহমানৰ ঘৰত অগ্নিসংযোগ কৰে উন্মত্ত জনতাই। উন্মত্ত প্ৰতিবাদকাৰীসকলে সমগ্র দেশখনতে শ্বেখ হাছিনাৰ আৱামী লীগৰ নেতাসকলৰ ঘৰত অগ্নিসংযোগ কৰাৰ লগতে আক্রমণো সংঘটিত কৰে। 

দেশখনৰ প্ৰায় ২৪খন জিলাত থকা মুজিবুৰ ৰহমানৰ প্ৰতিচ্ছবি বিকৃত কৰে আৰু তেওঁৰ স্মৃতি বিজড়িত সামগ্ৰীবোৰ প্রতিবাদকাৰীসকলে ধ্বংস কৰে। শুকুৰবাৰে পুৱতি নিশা ঢাকাৰ বনানীস্থিত আবামী লীগৰ নেতা শ্বেখ ছেলিমৰ বাসগৃহত প্রতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে। শ্বেখ মুজিবুৰৰ ঘৰত অগ্নিসংযোগ আৰু লণ্ডভণ্ড কৰাৰ এদিনৰ পাছতে উন্মত্ত প্ৰতিবাদকাৰীয়ে আৱামী লীগৰ সাধাৰণ সম্পাদক অবাইডুল কাদেৰৰ ঘৰতো অগ্নিসংযোগ কৰি লণ্ডভণ্ড কৰে। প্ৰত্যক্ষদর্শীৰ মতে, বাঘা আৰু চৰহাটৰ পৰা মটৰচাইকেলেৰে অহা প্রায় ১০০ লোকে আৱামী লীগৰ নেতা শ্বৰীহৰ আলমৰ ঘৰতো অগ্নিসংযোগ কৰে। বৃহস্পতিবাৰে কামিল্লাত প্ৰতিবাদকাৰীয়ে শ্বেখ মুজিবৰৰ দুটা প্রতিমূর্তি ধ্বংস কৰে। 

বৈষম্যৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ কামিল্লা শাখাৰ সচিব ৰক্ষ্মীদুল হকে কয় যে তেওঁলোকে ফেচিবাদৰ সকলো চিহ্ন ধ্বংস কৰিব। আনহাতে, এই ক্ষেত্ৰত দেশখনৰ প্ৰশাসন যন্ত্রসমূহো পিছ পৰি থকা নাই। নাৰায়ণগঞ্জত বি এন পি পন্থী অধিবক্তাসকলে আদালতৰ চৌহদত থকা শ্বেখ মুজিবুৰৰ প্ৰতিচ্ছবি ধ্বংস কৰে। জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত থকা মুজিবুৰৰ স্মৃতিচিহ্নসমূহো ধ্বংস কৰা হয়। এইবোৰ ধ্বংসৰ বাবে সংশ্লিষ্ট কাৰ্যালয়সমূহৰ পৰা শ্রমিকসকলক নির্দেশ দিয়া হয়। আনহাতে, নতুন দিল্লীৰ পৰা পোৱা বাতৰি অনুসৰি, বাংলাদেশৰ সাম্প্রতিক পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিছে ভাৰতে। 

বিগত ৫ ফেব্ৰুৱাৰীত উন্মত্ত প্রতিবাদকাৰীয়ে 'বংগবন্ধু'ৰ ঐতিহাসিক বাসগৃহতো অগ্নিসংযোগ কৰি লণ্ডভণ্ড কৰাৰ ঘটনাক কঠোৰভাৱে গৰিহণা দিছে ভাৰতে। ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই ঘটনাক 'বৰ্বৰতাৰ কাৰ্য' বুলি অভিহিত কৰে। তেওঁ কয় যে প্রয়াত 'বংগবন্ধু' শ্বেখ মুজিবুৰ ৰহমানৰ ঐতিহাসিক বাসগৃহটো হৈছে বাংলাদেশৰ আগ্রাসন আৰু শোষণৰ বিৰুদ্ধে দেশখনৰ নাগৰিকৰ বীৰত্বপূৰ্ণ প্ৰতিৰোধৰ প্ৰতীক আৰু সেই ঐতিহাসিক বাসগৃহটো ধ্বংস কৰি দেশখনৰ উন্মত্ত জনতাই বৰ্বৰতাৰ পৰিচয় দিলে।

(উৎস- দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি