--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী শ্বেখ হাছিনাই বুধবাৰে নিশা এটা ভিডিঅ'যোগে আৱামী লীগৰ কৰ্মীসকলক প্ৰতিবাদৰ আহ্বান জনোৱাৰ পাছতেই দেশখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হাছিনাৰ পিতৃ তথা 'বংগবন্ধু' মুজিবুৰ ৰহমানৰ ঘৰত অগ্নিসংযোগ কৰে উন্মত্ত জনতাই। উন্মত্ত প্ৰতিবাদকাৰীসকলে সমগ্র দেশখনতে শ্বেখ হাছিনাৰ আৱামী লীগৰ নেতাসকলৰ ঘৰত অগ্নিসংযোগ কৰাৰ লগতে আক্রমণো সংঘটিত কৰে। 

দেশখনৰ প্ৰায় ২৪খন জিলাত থকা মুজিবুৰ ৰহমানৰ প্ৰতিচ্ছবি বিকৃত কৰে আৰু তেওঁৰ স্মৃতি বিজড়িত সামগ্ৰীবোৰ প্রতিবাদকাৰীসকলে ধ্বংস কৰে। শুকুৰবাৰে পুৱতি নিশা ঢাকাৰ বনানীস্থিত আবামী লীগৰ নেতা শ্বেখ ছেলিমৰ বাসগৃহত প্রতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে। শ্বেখ মুজিবুৰৰ ঘৰত অগ্নিসংযোগ আৰু লণ্ডভণ্ড কৰাৰ এদিনৰ পাছতে উন্মত্ত প্ৰতিবাদকাৰীয়ে আৱামী লীগৰ সাধাৰণ সম্পাদক অবাইডুল কাদেৰৰ ঘৰতো অগ্নিসংযোগ কৰি লণ্ডভণ্ড কৰে। প্ৰত্যক্ষদর্শীৰ মতে, বাঘা আৰু চৰহাটৰ পৰা মটৰচাইকেলেৰে অহা প্রায় ১০০ লোকে আৱামী লীগৰ নেতা শ্বৰীহৰ আলমৰ ঘৰতো অগ্নিসংযোগ কৰে। বৃহস্পতিবাৰে কামিল্লাত প্ৰতিবাদকাৰীয়ে শ্বেখ মুজিবৰৰ দুটা প্রতিমূর্তি ধ্বংস কৰে। 

বৈষম্যৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ কামিল্লা শাখাৰ সচিব ৰক্ষ্মীদুল হকে কয় যে তেওঁলোকে ফেচিবাদৰ সকলো চিহ্ন ধ্বংস কৰিব। আনহাতে, এই ক্ষেত্ৰত দেশখনৰ প্ৰশাসন যন্ত্রসমূহো পিছ পৰি থকা নাই। নাৰায়ণগঞ্জত বি এন পি পন্থী অধিবক্তাসকলে আদালতৰ চৌহদত থকা শ্বেখ মুজিবুৰৰ প্ৰতিচ্ছবি ধ্বংস কৰে। জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত থকা মুজিবুৰৰ স্মৃতিচিহ্নসমূহো ধ্বংস কৰা হয়। এইবোৰ ধ্বংসৰ বাবে সংশ্লিষ্ট কাৰ্যালয়সমূহৰ পৰা শ্রমিকসকলক নির্দেশ দিয়া হয়। আনহাতে, নতুন দিল্লীৰ পৰা পোৱা বাতৰি অনুসৰি, বাংলাদেশৰ সাম্প্রতিক পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিছে ভাৰতে। 

বিগত ৫ ফেব্ৰুৱাৰীত উন্মত্ত প্রতিবাদকাৰীয়ে 'বংগবন্ধু'ৰ ঐতিহাসিক বাসগৃহতো অগ্নিসংযোগ কৰি লণ্ডভণ্ড কৰাৰ ঘটনাক কঠোৰভাৱে গৰিহণা দিছে ভাৰতে। ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই ঘটনাক 'বৰ্বৰতাৰ কাৰ্য' বুলি অভিহিত কৰে। তেওঁ কয় যে প্রয়াত 'বংগবন্ধু' শ্বেখ মুজিবুৰ ৰহমানৰ ঐতিহাসিক বাসগৃহটো হৈছে বাংলাদেশৰ আগ্রাসন আৰু শোষণৰ বিৰুদ্ধে দেশখনৰ নাগৰিকৰ বীৰত্বপূৰ্ণ প্ৰতিৰোধৰ প্ৰতীক আৰু সেই ঐতিহাসিক বাসগৃহটো ধ্বংস কৰি দেশখনৰ উন্মত্ত জনতাই বৰ্বৰতাৰ পৰিচয় দিলে।

(উৎস- দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু