--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাৰ বিষয়া শুভাংশু শুল্কাক আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ এজিয়ম অভিযান-৪ ৰ বাবে পাইলটৰূপে বাছনি কৰা হৈছে। এই অভিযানৰ অধীনত তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাব। 

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রলৈ যোৱা তেওঁ প্ৰথম ভাৰতীয় মহাকাশচাৰীৰূপে পৰিগণিত হ'ব। তেওঁ অচিৰেই স্পেচ এক্সৰ ফেল্কন-৯ ৰকেট আৰু ড্রেগন মহাকাশ যানৰ জৰিয়তে মহাকাশ কেন্দ্রত উপনীত হ'ব। এই ড্রেগন মহাকাশযানখনত ফ্লৰিডাৰ পৰা মহাকাশ কেন্দ্র অভিমুখে উরা মাৰিব। উল্লেখযোগ্য যে শুল্কাক অলপতে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্রই গগনযান অভিযানৰ মূল মহাকাশযাত্রীৰূপে নির্বাচিত কৰিছিল। তেওঁ ১৯৮৪ চনৰ পাছত 'মহাকাশলৈ যোৱা প্রথমজন মহাকাশচাৰী হ'ব। তেওঁ ২০০৬ চনত ভাৰতীয় বায়ু সেনা বাহিনীত যুঁজাৰু বিমান শাখাত যোেগ দিছিল। তেওঁ বিভিন্ন বিমান ২ হাজাৰ ঘণ্টাতকৈ অধিক সময় উৰুৱাৰ অভিজ্ঞতা আছে। তেওঁৰ লগত আমেৰিকাৰ কমাণ্ডাৰ পেগী হুইটছন, পোলেণ্ডৰ ইউৰোপীয়ান মহাকাশ সংস্থাৰ বিশেষজ্ঞ শ্লাভেশ উজানস্কী আৰু হাংগেৰীৰ তিবোৰ কাপুও মহাকাশ কেন্দ্রলৈ যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি