--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাৰ বিষয়া শুভাংশু শুল্কাক আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ এজিয়ম অভিযান-৪ ৰ বাবে পাইলটৰূপে বাছনি কৰা হৈছে। এই অভিযানৰ অধীনত তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাব। 

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রলৈ যোৱা তেওঁ প্ৰথম ভাৰতীয় মহাকাশচাৰীৰূপে পৰিগণিত হ'ব। তেওঁ অচিৰেই স্পেচ এক্সৰ ফেল্কন-৯ ৰকেট আৰু ড্রেগন মহাকাশ যানৰ জৰিয়তে মহাকাশ কেন্দ্রত উপনীত হ'ব। এই ড্রেগন মহাকাশযানখনত ফ্লৰিডাৰ পৰা মহাকাশ কেন্দ্র অভিমুখে উরা মাৰিব। উল্লেখযোগ্য যে শুল্কাক অলপতে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্রই গগনযান অভিযানৰ মূল মহাকাশযাত্রীৰূপে নির্বাচিত কৰিছিল। তেওঁ ১৯৮৪ চনৰ পাছত 'মহাকাশলৈ যোৱা প্রথমজন মহাকাশচাৰী হ'ব। তেওঁ ২০০৬ চনত ভাৰতীয় বায়ু সেনা বাহিনীত যুঁজাৰু বিমান শাখাত যোেগ দিছিল। তেওঁ বিভিন্ন বিমান ২ হাজাৰ ঘণ্টাতকৈ অধিক সময় উৰুৱাৰ অভিজ্ঞতা আছে। তেওঁৰ লগত আমেৰিকাৰ কমাণ্ডাৰ পেগী হুইটছন, পোলেণ্ডৰ ইউৰোপীয়ান মহাকাশ সংস্থাৰ বিশেষজ্ঞ শ্লাভেশ উজানস্কী আৰু হাংগেৰীৰ তিবোৰ কাপুও মহাকাশ কেন্দ্রলৈ যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ