--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ আন এক বৃৎ সফলতা! বুধবাৰে পুৱা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শ্ৰীহৰিকোটাৰ মহাকাশ কেন্দ্ৰৰ পৰা জিএছএলভি ৰকেটৰ জৰিয়তে নেভিগেচন উপগ্ৰহ এনভিএছ-২ সফলতাৰে উৎক্ষেপণ কৰে। এইটো আছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ১০০ সংখ্যক মিছন। ইছৰোৰ মুৰব্বী ভি নাৰায়ণনৰ লগতে অভিযানটোৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়াই অভিযানটোৰ সফলতাক লৈ আনন্দ প্ৰকাশ কৰে। 

বুধবাৰে পুৱা ৬:২৩ বজাত কৃত্ৰিম উপগ্ৰহ এনভিএছ-২ কঢ়িয়াই অনা জিএছএলভি এফ-১৫ ৰকেট সফলতাৰে উৎক্ষেপণ কৰি ইতিহাস ৰচিলে ইছৰ’ই। জিঅ’চিনক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল চমুকৈ জিএছএলভি এফ-১৫ হৈছে থলুৱা ক্ৰাইজেনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত ত্ৰিস্তৰীয় ৰকেট। এই ৰকেটৰ জড়িয়তে এনভিএছ-২  নেভিগেচন উপগ্ৰহৰ পৃথিৱীৰ কক্ষপথত স্থাপন কৰে। 

মন কৰিবলগীয়া যে ইছৰোৱে ১৯৭৯ চনৰ ১০ আগষ্টত শ্ৰীহৰিকোটাৰ পৰা প্ৰথম এছএলভি-৩ ৰকেট উৎক্ষেপণ কৰিছিল। কাৰিকৰী বিজুতিৰ বাবে ই বংগোপসাগৰত ভাঙিপৰিছিল। সেই ঘটনাই এতিয়া ৪৫ অতিক্ৰম কৰিলে। প্ৰথম বিফলতাৰ পিছত ইছৰ’ই বহু সফলতাৰ নিদৰ্শন দাঙি ধৰিছে। চন্দ্ৰযান, মংগলায়ন, আদিত্য এল-১ উৎক্ষেপণ, আদি বহুতো! জিএছএলভি এফ-১৫ ৰকেট সফলতাৰে উৎক্ষেপণৰ পাতে ইছৰোৰ এই সফলতাৰ তালিকাত সংযোজন হ’ল আন এটা মিছন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু