--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ আন এক বৃৎ সফলতা! বুধবাৰে পুৱা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শ্ৰীহৰিকোটাৰ মহাকাশ কেন্দ্ৰৰ পৰা জিএছএলভি ৰকেটৰ জৰিয়তে নেভিগেচন উপগ্ৰহ এনভিএছ-২ সফলতাৰে উৎক্ষেপণ কৰে। এইটো আছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ১০০ সংখ্যক মিছন। ইছৰোৰ মুৰব্বী ভি নাৰায়ণনৰ লগতে অভিযানটোৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়াই অভিযানটোৰ সফলতাক লৈ আনন্দ প্ৰকাশ কৰে। 

বুধবাৰে পুৱা ৬:২৩ বজাত কৃত্ৰিম উপগ্ৰহ এনভিএছ-২ কঢ়িয়াই অনা জিএছএলভি এফ-১৫ ৰকেট সফলতাৰে উৎক্ষেপণ কৰি ইতিহাস ৰচিলে ইছৰ’ই। জিঅ’চিনক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল চমুকৈ জিএছএলভি এফ-১৫ হৈছে থলুৱা ক্ৰাইজেনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত ত্ৰিস্তৰীয় ৰকেট। এই ৰকেটৰ জড়িয়তে এনভিএছ-২  নেভিগেচন উপগ্ৰহৰ পৃথিৱীৰ কক্ষপথত স্থাপন কৰে। 

মন কৰিবলগীয়া যে ইছৰোৱে ১৯৭৯ চনৰ ১০ আগষ্টত শ্ৰীহৰিকোটাৰ পৰা প্ৰথম এছএলভি-৩ ৰকেট উৎক্ষেপণ কৰিছিল। কাৰিকৰী বিজুতিৰ বাবে ই বংগোপসাগৰত ভাঙিপৰিছিল। সেই ঘটনাই এতিয়া ৪৫ অতিক্ৰম কৰিলে। প্ৰথম বিফলতাৰ পিছত ইছৰ’ই বহু সফলতাৰ নিদৰ্শন দাঙি ধৰিছে। চন্দ্ৰযান, মংগলায়ন, আদিত্য এল-১ উৎক্ষেপণ, আদি বহুতো! জিএছএলভি এফ-১৫ ৰকেট সফলতাৰে উৎক্ষেপণৰ পাতে ইছৰোৰ এই সফলতাৰ তালিকাত সংযোজন হ’ল আন এটা মিছন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ