--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোগান বিভাগৰ বিষয়াক মেনেজ কৰি ময়জুদ্দিন, সাইব আলী আৰু ৰমজান আলীয়ে মিলি চাউলৰ ৰমৰমীয়া বেহা চলাই গৈছে বুলি অভিযোগ উঠিছে।

ডিজিটেল ডেস্ক: ধুবুৰীত অব্যাহত আছে চোৰাং চাউলৰ ক’লা বেহা। নিতৌ ধুবুৰীৰ পৰা মেঘালয় আৰু ব্ৰহ্মপুত্ৰৰ বুকুয়েদি বাংলাদেশলৈ চোৰাং কৈ সৰবৰাহ হয় দুখীয়াৰ বাবে আৱণ্টিত সুলভ মূল্যৰ চাউল।


ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী নিউ পাণবাৰীৰ পৰা নিয়ন্ত্ৰণ হয় চোৰাং চাউলৰ ক’লা বেহা। যোগান বিভাগৰ বিষয়াক মেনেজ কৰি ময়জুদ্দিন, সাইব আলী আৰু ৰমজান আলীয়ে মিলি চাউলৰ ৰমৰমীয়া বেহা চলাই গৈছে বুলি অভিযোগ উঠিছে।


দিন দুপৰতে ৰাষ্ট্ৰীয় ঘাইপথেৰে AS 17 AC 0774 নম্বৰৰ বলেৰো বাহনেৰে চোৰাং চাউল সৰবৰাহ কৰাৰ দৃশ্য ধৰা পৰে৷ 


অভিযোগ অনুসৰি নিউ পাণবাৰীত অবৈধ গুদাম বনাই এই গুদামৰ পৰাই ট্ৰাকে ট্ৰাকে চাউল সৰবৰাহ কৰি আহিছে। ৰাষ্ট্ৰীয় ঘাইপথে দি চাউল সৰবৰাহ কৰি থাকোতে ৰাজপথত সাংবাদিকৰ গাড়ী দেখি চাউল ভৰ্তি বাহনখন দালানিৰআলগাৰ দিশে প্ৰৱেশ কৰি বাহন এৰি পলায়ন কৰে চোৰাং চাউল ভৰ্তি বাহনৰ চালক। 


ইফালে চালক পলায়ন কৰাত সাংবাদিকৰ দলটো উপস্থিত হয় চোৰাং চাউলৰ গুদামৰ সম্মুখত। সাংবাদিকৰ দলটো গুদামৰ সন্মুখত উপস্থিত হোৱাত গুদামৰ পৰা ওলাই আহে যোগান বিভাগৰ তিনিজনীয়া দল এটা। অভিযোগ অনুসৰি চোৰাং চাউল চোৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি যোগান বিভাগৰ বিষয়াই ধন সংগ্ৰহ কৰি আহিছে।


দুখীয়াৰ পেটৰ ভাত কাঢ়ি খোৱা চাউল চোৰক সুৰক্ষা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ বিলাসীপাৰা যোগান বিভাগৰ বিৰুদ্ধে।


সাংবাদিকে চাউল ভৰ্তি বাহনখনৰ কথা যোগান বিভাগৰ বিষয়া গৰাকীক অৱগত কৰাত ঘটনাস্থলীত যোগান বিভাগৰ লোক নিশা উপস্থিত হৈ চাউলখিনি জব্দ কৰে যদিও চোৰাং চাউল কঢ়িয়াই নিয়া বাহনখন জব্দ নকৰি এৰি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কিন্তু সংবাদ মাধ্যমৰ আগত বাহনখন জব্দ কৰা হব বুলি মন্তব্য কৰে। 


যোগান বিভাগৰ এনে কাণ্ডত ৰহস্য সৃষ্টি হোৱাৰ লগতে স্থানীয় ৰাইজে গুদামত আৰু চাউল আৰু চাউলৰ বস্তা, বস্তা চিলাই কৰা মেচিন থকাৰ কথা বাৰে বাৰে বিষয়াগৰাকীক উল্লেখ কৰে যদিও যোগান বিভাগৰ দলটোৱে অভিযান চলোৱাৰ পৰা বিৰত থাকে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু