--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোগান বিভাগৰ বিষয়াক মেনেজ কৰি ময়জুদ্দিন, সাইব আলী আৰু ৰমজান আলীয়ে মিলি চাউলৰ ৰমৰমীয়া বেহা চলাই গৈছে বুলি অভিযোগ উঠিছে।

ডিজিটেল ডেস্ক: ধুবুৰীত অব্যাহত আছে চোৰাং চাউলৰ ক’লা বেহা। নিতৌ ধুবুৰীৰ পৰা মেঘালয় আৰু ব্ৰহ্মপুত্ৰৰ বুকুয়েদি বাংলাদেশলৈ চোৰাং কৈ সৰবৰাহ হয় দুখীয়াৰ বাবে আৱণ্টিত সুলভ মূল্যৰ চাউল।


ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী নিউ পাণবাৰীৰ পৰা নিয়ন্ত্ৰণ হয় চোৰাং চাউলৰ ক’লা বেহা। যোগান বিভাগৰ বিষয়াক মেনেজ কৰি ময়জুদ্দিন, সাইব আলী আৰু ৰমজান আলীয়ে মিলি চাউলৰ ৰমৰমীয়া বেহা চলাই গৈছে বুলি অভিযোগ উঠিছে।


দিন দুপৰতে ৰাষ্ট্ৰীয় ঘাইপথেৰে AS 17 AC 0774 নম্বৰৰ বলেৰো বাহনেৰে চোৰাং চাউল সৰবৰাহ কৰাৰ দৃশ্য ধৰা পৰে৷ 


অভিযোগ অনুসৰি নিউ পাণবাৰীত অবৈধ গুদাম বনাই এই গুদামৰ পৰাই ট্ৰাকে ট্ৰাকে চাউল সৰবৰাহ কৰি আহিছে। ৰাষ্ট্ৰীয় ঘাইপথে দি চাউল সৰবৰাহ কৰি থাকোতে ৰাজপথত সাংবাদিকৰ গাড়ী দেখি চাউল ভৰ্তি বাহনখন দালানিৰআলগাৰ দিশে প্ৰৱেশ কৰি বাহন এৰি পলায়ন কৰে চোৰাং চাউল ভৰ্তি বাহনৰ চালক। 


ইফালে চালক পলায়ন কৰাত সাংবাদিকৰ দলটো উপস্থিত হয় চোৰাং চাউলৰ গুদামৰ সম্মুখত। সাংবাদিকৰ দলটো গুদামৰ সন্মুখত উপস্থিত হোৱাত গুদামৰ পৰা ওলাই আহে যোগান বিভাগৰ তিনিজনীয়া দল এটা। অভিযোগ অনুসৰি চোৰাং চাউল চোৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি যোগান বিভাগৰ বিষয়াই ধন সংগ্ৰহ কৰি আহিছে।


দুখীয়াৰ পেটৰ ভাত কাঢ়ি খোৱা চাউল চোৰক সুৰক্ষা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ বিলাসীপাৰা যোগান বিভাগৰ বিৰুদ্ধে।


সাংবাদিকে চাউল ভৰ্তি বাহনখনৰ কথা যোগান বিভাগৰ বিষয়া গৰাকীক অৱগত কৰাত ঘটনাস্থলীত যোগান বিভাগৰ লোক নিশা উপস্থিত হৈ চাউলখিনি জব্দ কৰে যদিও চোৰাং চাউল কঢ়িয়াই নিয়া বাহনখন জব্দ নকৰি এৰি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কিন্তু সংবাদ মাধ্যমৰ আগত বাহনখন জব্দ কৰা হব বুলি মন্তব্য কৰে। 


যোগান বিভাগৰ এনে কাণ্ডত ৰহস্য সৃষ্টি হোৱাৰ লগতে স্থানীয় ৰাইজে গুদামত আৰু চাউল আৰু চাউলৰ বস্তা, বস্তা চিলাই কৰা মেচিন থকাৰ কথা বাৰে বাৰে বিষয়াগৰাকীক উল্লেখ কৰে যদিও যোগান বিভাগৰ দলটোৱে অভিযান চলোৱাৰ পৰা বিৰত থাকে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ