--°C
Loading...
Listen to Article
2 min read
80%

ৱাছিংটনঃ বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তি বিল গেটছ আৰু মেলিণ্ডা ফ্ৰেঞ্চ গেটছৰ বিবাহৰ ২৭ বছৰৰ পাছত আনুষ্ঠানিকভাৱে আজি বিবাহ বিচ্ছেদ ঘটে। তেওঁলোকে তিনি মাহৰ পূৰ্বে বিবাহ বিচ্ছেদ কথা ঘোষণা কৰিছিল। আদালতৰ তথ্য অনুসৰি সোমবাৰে ৱাশ্বিংটনৰ কিং কাউণ্টিত এজন ন্যায়াধীশে বিবাহ ভংগৰ সিদ্ধান্ত লয়, য'ত কোনো পক্ষই ‘স্পাউচাল সমৰ্থন’ প্ৰাপ্ত নকৰে বা তেওঁলোকৰ নাম সলনি নকৰে বুলি বিৱৰণ দিয়া হৈছিল। বিচাৰকে পৃথকীকৰণ চুক্তিৰ চৰ্ত অনুসৰি তেওঁলোকৰ সম্পত্তি বিভাজন কৰিবলৈ নিৰ্দেশ দিছিল, যি চৰ্তৰ অধীনত সকলো তথ্য গোপনীয় হৈ থাকে। 

ৱাশ্বিংটনৰ আইন অনুসৰি বিবাহ বিচ্ছেদৰ প্ৰস্তাব দাখিল কৰা আৰু চূড়ান্ত কৰাৰ মাজত ৯০ দিনৰ অপেক্ষাৰ ম্যাদ নিৰ্ধাৰণ কৰা হৈছে। গেটছ দম্পত্তিহালে মে’ মাহত তেওঁলোকৰ বিচ্ছেদৰ কথা প্ৰকাশ হোৱাৰ পাছত, গেটছৰ কেচকেড ইনভেষ্টমেণ্টৰ হাতত থকা ৩ বিলিয়নতকৈয়ো অধিক মূল্যৰ সম্পত্তি ফ্ৰেঞ্চ গেটছৰ নামলৈ স্থানান্তৰ কৰে। 

তথ্য অনুসৰি ৬৫ বছৰীয়া গেটছৰ সম্পত্তিৰ মূল্য বৰ্তমান ১৫০ বিলিয়নৰো অধিক। সোমবাৰে দাখিল কৰা ন্যায়াধীশে সম্পত্তি বিভাজনৰ পৰিকল্পনাক ‘ন্যায়সংগত’ বুলি অভিহিত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ