--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : আফগানিস্তানত তালিবানৰ সন্ত্ৰাসে অনিয়ন্ত্ৰিত ৰূপ লৈছে। তালিবানৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে আফগান চৰকাৰৰ ‘মিডিয়া ইনফৰ্মেচন চেণ্টাৰ’ৰ মুৰব্বীগৰাকীয়ে। আফগান চৰকাৰে সদৰি কৰা মতে আজি দেশখনৰ ৰাজধানীত থকা এটা মছজিদত তেওঁক তালিবানে গুলীয়াই হত্যা কৰে। চৰকাৰৰ প্ৰতিনিধি আৰু শীৰ্ষ বিষয়াবৰ্গক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সতৰ্কবাণী প্ৰেৰণৰ পাছতে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে ইছলামিক মৌলবাদী অতি নৃশংস এই সংগঠনটোৱে।

এই ঘটনাৰ পাছতে দেশখনৰ গৃহমন্ত্ৰনালয়ৰ মুখপাত্ৰ মিৰৱাইছ ষ্টানিকজায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তালিবানৰ এই আক্ৰমণক কাপুৰুষালি আখ্যা দিয়ে। তেওঁ কয়, ‘দুৰ্ভাগ্যজনকভাৱে এই নৃশংস সন্ত্ৰাসবাদী সংগঠনটোৱে আন এটা কাপুৰষালিভৰা কাণ্ড সংঘটিত কৰিলে আৰু এগৰাকী দেশপ্ৰেমিক আফগান শ্বহীদ হ’বলগীয়া হ’ল।’ তালিবানৰ গুলীত প্ৰাণ হেৰুওৱা আফগান শীর্ষ বিষয়াগৰাকী হৈছে দাৱা খান মেনাপল। তালিবানে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে সংবাদ মাধ্যমলৈ এটা বাৰ্তা প্ৰেৰণ কৰি কয় যে, মুজাহিদিনৰ এটা বিশেষ আক্ৰমণত তেওঁক হত্যা কৰা হৈছে। উল্লেখ্য যে, বিগত মে’ মাহৰ পৰা তালিবানে আফগানিস্তানত নিজৰ সন্ত্ৰাস বৃদ্ধি কৰিছে আৰু দেশখনৰ সীমান্তৱৰ্তী আৰু প্ৰান্তীয় অঞ্চলবোৰৰ নিয়ন্ত্ৰণ নিজৰ দখললৈ আনিছে। কেৱল এয়াই নহয় সম্প্ৰতি দেশখনৰ ভালেমান বৃহৎ মহানগৰতো তালিবানে আফগান সামৰিক বাহিনীক প্ৰত্যাহ্বান জনাবলৈ আৰম্ভ কৰিছে। আফগানিস্তানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ পাছতে দেশখনৰ পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ