--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ বিগত ডেৰটা বছৰে কৰ’না মহামাৰীয়ে বিশ্বৰ সৰ্বত্ৰে তোলপাৰ লগাইছে। চীন দেশৰ পৰা বিয়পা এইবিধ মাৰণ ভাইৰাছৰ উপদ্ৰৱত বিধ্বস্তপ্ৰায় বিশ্বৰ আগশাৰীৰ বহু দেশ। ভেকচিনকে প্ৰতিকাৰৰ একমাত্ৰ অস্ত্ৰ হিচাপে গ্ৰহণ কৰা হৈছে যদিও, স্বস্তিৰ নিশ্বাস পেলাব পৰা নাই মানৱকুলে। প্ৰণিধানযোগ্য যে, এই মাৰণ ভাইৰাছবিধ চীনা গৱেষণাগাৰটোৰ পৰাই বিয়পি পৰা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰিপাব্লিকানসকলৰ এক প্ৰতিবেদনে দাবী কৰিছিল।কেৱল সেয়াই নহয়, চীনা বিজ্ঞানীসকলে মানৱ শৰীৰত সংক্ৰমণৰ বাবে শেহতীয়াকৈ ভাইৰাছটোৰ প্ৰকৃতিও সলনি কৰিছে। প্ৰতিবেদনখনত প্ৰকাশিত এনে চাঞ্চল্যকৰ তথ্যই উদ্বিগ্ন কৰি তুলিছে সকলোকে।


হাউছ ফ’ৰেইন এফেয়াৰ্ছ কমিটীৰ শীৰ্ষ ৰিপাব্লিকান মাইক মেককাউলে কৰ’না ভাইৰাছৰ উৎসস্থানত ইয়াৰ তদন্তৰ বাবে আবেদন জনাইছে। চীনৰ য়ুহান চহৰৰ পৰীক্ষাগাৰৰ পৰা কৰ’না ভাইৰাছ বিয়পি পৰা বুলি আৰম্ভণিৰে পৰা দাবী কৰা হৈছে। অৱশ্যে, ড্ৰেগনৰ দেশখনে প্ৰথমতে এই অভিযোগ অস্বীকাৰ কৰিছিল। উল্লেখ্য যে, ২০১৯ চনত চীনত কৰ’না ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছিল। পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বতে ই তাণ্ডৱৰ সৃষ্টি কৰিছিল। ইফালে, চীনৰ য়ুহান পৰীক্ষাগাৰৰ পৰা কৰ’না ভাইৰাছ নিৰ্মূল হৈছে নে নাই তাৰ সম্ভেদ লব’লৈ বিশ্ব স্বাস্থ্য সংস্থাই পুনৰ চীনলৈ যাব বিচাৰিছিল। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ এই সিদ্ধান্তত চীন মুঠেও সুখী নহয়।

বেইজিঙৰ গৱেষকৰ এটা গোটে দাবী কৰিছে যে, কৰ’না ভাইৰাছ পশুকুলৰ পৰাহে মানৱ শৰীৰত প্ৰৱেশ কৰিছিল আৰু সোনকালে সংক্ৰমিত হ'বলৈ আৰম্ভ কৰিছিল। তেওঁলোকে এইটোও দাবী কৰিছিল যে কৰ’না ভাইৰাছ পৰীক্ষাগাৰৰ পৰা বিয়পাটো এক অসম্ভৱ কথা। বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে কাম কৰা চীনা গৱেষক লিয়াং ৱানিয়ানে সদৰী কৰে যে, ‘য়ুহানত কেতিয়াও কৰ’না ভাইৰাছ নাছিল। গতিকে, পুনৰ ইয়াৰ অনুসন্ধানৰ কোনো প্ৰয়োজন নাই।’
বিশ্ব স্বাস্থ্য সংস্থাৰ তদন্তৰ প্ৰতি চীনৰ সঁহাৰিৰ অভাৱে অনাগত সময়ত কি ৰূপ লয়, সেয়াহে হ’ব লক্ষ্যণীয় হ’ব!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ