--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৃক্ক আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। বৃক্কয়ে আমাৰ শৰীৰৰ দূষিত পদাৰ্থবোৰ ফিল্টাৰ কৰি শৰীৰৰ পৰা বাহিৰ কৰে। কিন্তু কোনবোৰ লক্ষণৰ দ্বাৰা আমি গম পাব পাৰো যে আমাৰ বৃক্কয়ে সঠিকভাৱে কাম কৰা নাই জানি লওক।

 বৃক্কই তেজ বিশুদ্ধ কৰি শৰীৰৰ পৰা অতিৰিক্ত তৰল পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। কিন্তু যেতিয়া আপোনাৰ বৃক্কয়ে সঠিকভাৱে কাম নকৰে তেতিয়া আপোনাৰ শৰীৰত বহুতো লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে।

১. অধিক ভাগৰুৱা অনুভৱ কৰাঃ-আয়ুৰ্বেদিক কিডনী বিশেষজ্ঞ তথা সাই সঞ্জীৱনীৰ প্ৰতিষ্ঠাপক ডাঃ পুৰু ধাৱনে কয় যে বৃক্কৰ কাৰ্যক্ষমতা তীব্ৰভাৱে হ্ৰাস পালে তেজত বিষাক্ত পদাৰ্থ আৰু অশুদ্ধি জমা হ’ব পাৰে। ইয়াৰ ফলত মানুহে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে।

২. ছালৰ খজুৱতি আৰু শুকান হোৱাঃ-ডাঃ পুৰু ধাৱনৰ মতে সুস্থ বৃক্কয়ে বহুতো গুৰুত্বপূৰ্ণ কাম কৰে। ই আপোনাৰ শৰীৰৰ পৰা আৱৰ্জনা আৰু অতিৰিক্ত তৰল পদাৰ্থ আঁতৰাই ৰক্তকণিকা গঠন কৰাত সহায় কৰে, হাড়ক শক্তিশালী কৰি ৰখাত সহায় কৰে আৰু তেজত সঠিক পৰিমাণৰ খনিজ পদাৰ্থ বজাই ৰাখিবলৈ কাম কৰে। শুকান আৰু খজুৱতি হোৱা ছালখন খনিজ আৰু হাড়ৰ ৰোগৰ লক্ষণ হ’ব পাৰে যিটো প্ৰায়ে বৃক্কৰ ৰোগৰ লগত দেখা দিয়ে, যেতিয়া বৃক্কই তেজত খনিজ পদাৰ্থ আৰু পুষ্টিকৰ উপাদানৰ সঠিক ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে।

৩. প্ৰস্ৰাৱত তেজ নিৰ্গত হোৱাঃ-ডাঃ ধাৱানে লগতে কয় যে সুস্থ বৃক্কই সাধাৰণতে শৰীৰত ৰক্তকণিকা ধৰি ৰাখে আৰু তেজৰ পৰা আৱৰ্জনা ফিল্টাৰ কৰি প্ৰস্ৰাৱ তৈয়াৰ কৰে, কিন্তু যেতিয়া বৃক্কৰ ফিল্টাৰে সঠিকভাৱে কাম কৰিব নোৱাৰা হয় তেতিয়া এই ৰক্তকণিকাবোৰ প্ৰস্ৰাৱত ‘লিক’ হ’বলৈ আৰম্ভ কৰে। ই অসুস্থ বৃক্কৰ সংকেত দিয়াৰ উপৰি প্ৰস্ৰাৱত তেজ টিউমাৰ, বৃক্কৰ পাথৰ বা সংক্ৰমণৰ লক্ষণ হ’ব পাৰে।

৪. ফেনাযুক্ত প্ৰস্ৰাৱঃ-প্ৰস্ৰাৱত ফেন ওলোৱাঃ-প্ৰস্ৰাৱে প্ৰটিনক সূচায়, এই ফেনটো কণী ফাটিলে দেখা ফেনৰ দৰে হ’ব পাৰে, কাৰণ প্ৰস্ৰাৱত পোৱা এটা সাধাৰণ প্ৰ’টিন এলবুমিন হৈছে কণীত পোৱা একেটা প্ৰ’টিন।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু