--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৃক্ক আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। বৃক্কয়ে আমাৰ শৰীৰৰ দূষিত পদাৰ্থবোৰ ফিল্টাৰ কৰি শৰীৰৰ পৰা বাহিৰ কৰে। কিন্তু কোনবোৰ লক্ষণৰ দ্বাৰা আমি গম পাব পাৰো যে আমাৰ বৃক্কয়ে সঠিকভাৱে কাম কৰা নাই জানি লওক।

 বৃক্কই তেজ বিশুদ্ধ কৰি শৰীৰৰ পৰা অতিৰিক্ত তৰল পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। কিন্তু যেতিয়া আপোনাৰ বৃক্কয়ে সঠিকভাৱে কাম নকৰে তেতিয়া আপোনাৰ শৰীৰত বহুতো লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে।

১. অধিক ভাগৰুৱা অনুভৱ কৰাঃ-আয়ুৰ্বেদিক কিডনী বিশেষজ্ঞ তথা সাই সঞ্জীৱনীৰ প্ৰতিষ্ঠাপক ডাঃ পুৰু ধাৱনে কয় যে বৃক্কৰ কাৰ্যক্ষমতা তীব্ৰভাৱে হ্ৰাস পালে তেজত বিষাক্ত পদাৰ্থ আৰু অশুদ্ধি জমা হ’ব পাৰে। ইয়াৰ ফলত মানুহে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে।

২. ছালৰ খজুৱতি আৰু শুকান হোৱাঃ-ডাঃ পুৰু ধাৱনৰ মতে সুস্থ বৃক্কয়ে বহুতো গুৰুত্বপূৰ্ণ কাম কৰে। ই আপোনাৰ শৰীৰৰ পৰা আৱৰ্জনা আৰু অতিৰিক্ত তৰল পদাৰ্থ আঁতৰাই ৰক্তকণিকা গঠন কৰাত সহায় কৰে, হাড়ক শক্তিশালী কৰি ৰখাত সহায় কৰে আৰু তেজত সঠিক পৰিমাণৰ খনিজ পদাৰ্থ বজাই ৰাখিবলৈ কাম কৰে। শুকান আৰু খজুৱতি হোৱা ছালখন খনিজ আৰু হাড়ৰ ৰোগৰ লক্ষণ হ’ব পাৰে যিটো প্ৰায়ে বৃক্কৰ ৰোগৰ লগত দেখা দিয়ে, যেতিয়া বৃক্কই তেজত খনিজ পদাৰ্থ আৰু পুষ্টিকৰ উপাদানৰ সঠিক ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে।

৩. প্ৰস্ৰাৱত তেজ নিৰ্গত হোৱাঃ-ডাঃ ধাৱানে লগতে কয় যে সুস্থ বৃক্কই সাধাৰণতে শৰীৰত ৰক্তকণিকা ধৰি ৰাখে আৰু তেজৰ পৰা আৱৰ্জনা ফিল্টাৰ কৰি প্ৰস্ৰাৱ তৈয়াৰ কৰে, কিন্তু যেতিয়া বৃক্কৰ ফিল্টাৰে সঠিকভাৱে কাম কৰিব নোৱাৰা হয় তেতিয়া এই ৰক্তকণিকাবোৰ প্ৰস্ৰাৱত ‘লিক’ হ’বলৈ আৰম্ভ কৰে। ই অসুস্থ বৃক্কৰ সংকেত দিয়াৰ উপৰি প্ৰস্ৰাৱত তেজ টিউমাৰ, বৃক্কৰ পাথৰ বা সংক্ৰমণৰ লক্ষণ হ’ব পাৰে।

৪. ফেনাযুক্ত প্ৰস্ৰাৱঃ-প্ৰস্ৰাৱত ফেন ওলোৱাঃ-প্ৰস্ৰাৱে প্ৰটিনক সূচায়, এই ফেনটো কণী ফাটিলে দেখা ফেনৰ দৰে হ’ব পাৰে, কাৰণ প্ৰস্ৰাৱত পোৱা এটা সাধাৰণ প্ৰ’টিন এলবুমিন হৈছে কণীত পোৱা একেটা প্ৰ’টিন।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক