--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহুতে  পাৰ চৰাইক সৌভাগ্যৰ সূচক বুলি গণ্য কৰে, আনহাতে বহুতে ঘৰখন লেতেৰা হোৱাৰ আশংকা কৰি ইহঁতক ঘৰৰ পৰা আঁতৰাই পেলায়। এনে অৱস্থাত ঘৰত পাৰ চৰাইৰ বাহ থকাটো শুভ নে অশুভ জানো আহক।

সচাকৈয়ে পাৰ এবিধ সুন্দৰ চৰাই । বহু‌লোকে পাৰ ডাঙৰ-দীঘল কৰিও ভাল পায়। শান্ত স্বভাৱৰ বাবেই হয়তো মানুহে পাৰ চৰাইক বহুত আদৰ কৰে। আমি সকলোৱে জানো যে বাসস্থানৰ বাবে পাৰ চৰাইয়ে বহু লোকৰ ঘৰত বাহ সাজে। কিছুমানে পাৰ চৰাইৰ ঘৰত বাহ সাজিলে ভাল বুলি ভাবে, কিছুমানে আকৌ দুৰ্ভাগ্য বুলি ভাবে। এনে অৱস্থাত বাস্তু শাস্ত্ৰই এই বিষয়ে কি কৈছে সেয়া জনাটো প্ৰয়োজনীয়।

বাস্তু শাস্ত্ৰৰ মতে ঘৰত পাৰ চৰায়ে ঘৰত নিজে নিজে বাহ বনোৱাটো দুৰ্ভাগ্যৰ লক্ষণ। ইয়াৰ ফলত আৰ্থিক বাধাৰ লগতে ঘৰটোত অস্থিৰতাও আহি পৰে। এনে অৱস্থাত যদি পাৰ চৰাইয়ে ঘৰত বাহ সাজিছে, তেন্তে তাৰ কোনো ক্ষতি নকৰাকৈ এৰি থৈ যোৱাটো প্ৰয়োজনীয়। 

যদিও বাস্তু শাস্ত্ৰই ঘৰত পাৰ চৰায়ে বাহ সজাক অশুভ বুলি গণ্য কৰিছ কিন্তু একে সময়তে যদি ঘৰত পাৰ চৰাই সঘনাই আহে, তেনেহ’লে সেয়া আকৌ অতি শুভ সংকেত বুলি বাস্তু শাস্ত্ৰই উল্লেখ কৰিছে। ঘৰত পাৰ চৰাই অহাৰ লগে লগে কম সময়ৰ ভিতৰতে বৃহৎ সফলতা লাভ কৰিব পৰা যায় আৰু ক’ৰবাৰ পৰা টকাও লাভ কৰিব পৰা যায়।

বাস্তু শাস্ত্ৰই পাৰ চৰাইক আহাৰ দিয়াটো এটা গুণৰ কাৰ্য্য বুলি গণ্য কৰিছে । এনে কৰিলে বহু ধৰণৰ গ্ৰহৰ দোষ আঁতৰ হয়। এনে অৱস্থাত পাৰবোৰক দৈনিক খুৱাব পৰাকৈ চেষ্টা কৰক। ইয়াৰ ফলত ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি হ’ব আৰু বহু সমস্যা দূৰ হ’ব।

পাৰ চৰাই লক্ষ্মী দেৱীৰ ভক্ত বুলি বিশ্বাস কৰা হয়, যাৰ বাবে ইহঁতক মাতৃয়ে অতিকৈ ভাল পায়। এনে অৱস্থাত যদি পাৰ চৰাইটো ঘৰলৈ আহে, তেন্তে তাক দেৱী লক্ষ্মীৰ আগমনৰ লগত সংযোগ কৰি দেখা যায়। ইয়াৰ ফলত ধন-সম্পৰ্কীয় সমস্যা দূৰ হয় আৰু দুৰ্ভাগ্য সৌভাগ্যলৈ পৰিণত হয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক