--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহু ব্যক্তিয়ে টোপনিৰ মাজতেই খোজকঢ়াৰ অভ্যাস আছে। বহুতেই ইয়াক বেয়া অভ্যাস বুলিও কয়। কিন্তু চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক শ্লীপ এপনিয়া বোলা হয়। মনোৰোগ বিশেষজ্ঞ আৰু স্নায়ু বিশেষজ্ঞৰ মতে প্ৰায় ১৭ শতাংশ শিশুৰ টোপনিত খোজ কঢ়াৰ অভ্যাস আছে। বিশেষকৈ ৩ৰ পৰা ৮ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এই ৰোগ দেখা যায় আৰু বয়সৰ লগে লগে আৰোগ্য হয়। কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত এই সমস্যা প্ৰাপ্তবয়স্ক হোৱালৈকে থাকে। বিশ্বত এনে লোকৰ সংখ্যা ২০ৰ পৰা ২৫ শতাংশ।

ই এক প্ৰকাৰৰ টোপনিৰ বিকাৰ। যাক চিকিৎসা ভাষাত শ্লিপ ৱাকিং বোলা হয়। টোপনিত বিভিন্ন ধৰণত বিঘিনি হোৱাৰ বাবেও এনে হয়। টোপনি দুই প্ৰকাৰৰ। এটা ৰেপিড আই মুভমেণ্ট (REM) আৰু এটা নন-ৰেপিড আই মুভমেণ্ট (NREM)। সেইবাবেই টোপনিত খোজ কঢ়া মানুহে প্ৰথম পৰ্যায়ৰ টোপনিতে খোজ কাঢ়ে। আমাৰ টোপনিৰ পৰ্যায়বোৰ ৰাতি বহুবাৰ সলনি হয়। উদাহৰণস্বৰূপে, যদি কোনোবাই ১০ বজাত শুইছে, তেন্তে তেওঁ ১২ বজাৰ ভিতৰত তেওঁ খোজ কাঢ়িবলৈ যাব পাৰে।

টোপনি হৈছে আমাৰ মগজুৰ অৰ্ধচেতন পৰ্যায়। যদি প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত এই ৰোগ হয়, তেন্তে কিছুমান মানুহ বেলকনিলৈ যায়, কোনোবাই আনকি ঘৰৰ পৰা ওলাই যায়। বহু সময়ত গাড়ী চলোৱাটোও কৰিব পাৰি বুলি চৰ্চালৈ আহিছে যদিও টোপনিতে যে গাড়ী চলোৱা হয় সেয়া সম্পূৰ্ণ স্পষ্ট নহয়। গতিকে যদি প্ৰাপ্তবয়স্কৰ এই সমস্যা হয় তেন্তে তেওঁলোকে ৰাতি নিজৰ ঘৰত ভালদৰে তলা মাৰিব লাগে। লগতে অকলে থকাটোও পৰিহাৰ কৰিব লাগে। বেলকনিত তলা লগাই ৰাখক কাৰণ কোনোবাই কেতিয়াবা নিজৰ ক্ষতি কৰিব পাৰে। যদিও ইয়াৰ সম্ভাৱনা কম, কিন্তু এনে পৰিস্থিতিত সাৱধানতা অৱলম্বন কৰাটো বাঞ্ছনীয়।

ৰেষ্টলেগ চিনড্ৰমৰ ক্ষেত্ৰতো এনেকুৱাই হয়। আইৰণ, কেলচিয়ামৰ অভাৱ আৰু ঔষধৰ অভ্যাসৰ বাবেও এনে হ’ব পাৰে। ই সাধাৰণতে জিনীয় ৰোগ। কিন্তু কোনটো জিনৰ বাবেই এনে হৈছে সেয়া ক’ব নোৱাৰি।

চিকিৎসকৰ মতে, এই ৰোগৰ চিকিৎসা সম্পূৰ্ণ সম্ভৱ। চিকিৎসাৰ পিছত এই ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য হয়। লগতে ৰোগীক গভীৰ টোপনিলৈ যাবলৈ ঔষধো দিব পাৰি। যাতে সি ৰাতিপুৱা এবাৰ শুই পোনে পোনে সাৰ পায়। কিন্তু বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৰ পিছতহে এই কামটো কৰক।

এনে ক্ষেত্ৰত কি কৰিব ?

১)পৰিস্থিতি যেনেকুৱাই নহওঁক কিয় ব্যক্তিজনক প্ৰত্যক্ষভাৱে টোপনিৰ পৰা জগাই দিব নালাগে। এনে সময়ত ব্যক্তিজনক ধৰি আনি পুনৰ বিচনাত শুৱাই দিব লাগে।

২) এনে ব্যক্তিক কোঠাত অকলে থাকিবলৈ দিব নালাগে। কাৰণ টোপনিৰ অৱস্থাতেই তেওঁ ঘৰৰ দুৱাৰ খুলি বাটলৈ ওলাই গৈ দূৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা থাকে। লগতে ব্যক্তিজনৰ শুৱা কোঠাত চোকা কটাৰী, কাঁচি বা আন ধৰাল সামগ্ৰী ৰাখিব নালাগে।

৩)উশাহ-নিশাহত বাধাৰ সৃষ্টি হ’লে বহু সময়ত এনে ধৰণৰ ঘটনা ঘটে। এনে ক্ষেত্ৰত উশাহ-নিশাহ সম্বন্ধীয় ৰোগৰ চিকিৎসা কৰি ইয়াৰ পৰা হাত সাৰিব পাৰি।

৪) প্ৰতিদিনেই নিৰ্দিষ্ট সময়ত আৰু পৰ্য্যাপ্ত্ পৰিমাণত টোপনি যোৱাটো নিশ্চিত কৰিব লাগে।

অৱশ্যে এই বিষয়ত অধিক শংকিত হোৱাৰ প্ৰয়োজন নাই। কিছু সচেতনতা আৰু যত্ন ল’লেই আক্ৰান্ত ব্যক্তিক ক্ষতি হোৱাৰ পৰা হাত সৰাই ৰাখিব পাৰে। আৰু লাহে লাহে এই সমস্যাৰ পৰা আঁতৰাই আনিব পৰা যায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু