--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহু ব্যক্তিয়ে টোপনিৰ মাজতেই খোজকঢ়াৰ অভ্যাস আছে। বহুতেই ইয়াক বেয়া অভ্যাস বুলিও কয়। কিন্তু চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক শ্লীপ এপনিয়া বোলা হয়। মনোৰোগ বিশেষজ্ঞ আৰু স্নায়ু বিশেষজ্ঞৰ মতে প্ৰায় ১৭ শতাংশ শিশুৰ টোপনিত খোজ কঢ়াৰ অভ্যাস আছে। বিশেষকৈ ৩ৰ পৰা ৮ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এই ৰোগ দেখা যায় আৰু বয়সৰ লগে লগে আৰোগ্য হয়। কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত এই সমস্যা প্ৰাপ্তবয়স্ক হোৱালৈকে থাকে। বিশ্বত এনে লোকৰ সংখ্যা ২০ৰ পৰা ২৫ শতাংশ।

ই এক প্ৰকাৰৰ টোপনিৰ বিকাৰ। যাক চিকিৎসা ভাষাত শ্লিপ ৱাকিং বোলা হয়। টোপনিত বিভিন্ন ধৰণত বিঘিনি হোৱাৰ বাবেও এনে হয়। টোপনি দুই প্ৰকাৰৰ। এটা ৰেপিড আই মুভমেণ্ট (REM) আৰু এটা নন-ৰেপিড আই মুভমেণ্ট (NREM)। সেইবাবেই টোপনিত খোজ কঢ়া মানুহে প্ৰথম পৰ্যায়ৰ টোপনিতে খোজ কাঢ়ে। আমাৰ টোপনিৰ পৰ্যায়বোৰ ৰাতি বহুবাৰ সলনি হয়। উদাহৰণস্বৰূপে, যদি কোনোবাই ১০ বজাত শুইছে, তেন্তে তেওঁ ১২ বজাৰ ভিতৰত তেওঁ খোজ কাঢ়িবলৈ যাব পাৰে।

টোপনি হৈছে আমাৰ মগজুৰ অৰ্ধচেতন পৰ্যায়। যদি প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত এই ৰোগ হয়, তেন্তে কিছুমান মানুহ বেলকনিলৈ যায়, কোনোবাই আনকি ঘৰৰ পৰা ওলাই যায়। বহু সময়ত গাড়ী চলোৱাটোও কৰিব পাৰি বুলি চৰ্চালৈ আহিছে যদিও টোপনিতে যে গাড়ী চলোৱা হয় সেয়া সম্পূৰ্ণ স্পষ্ট নহয়। গতিকে যদি প্ৰাপ্তবয়স্কৰ এই সমস্যা হয় তেন্তে তেওঁলোকে ৰাতি নিজৰ ঘৰত ভালদৰে তলা মাৰিব লাগে। লগতে অকলে থকাটোও পৰিহাৰ কৰিব লাগে। বেলকনিত তলা লগাই ৰাখক কাৰণ কোনোবাই কেতিয়াবা নিজৰ ক্ষতি কৰিব পাৰে। যদিও ইয়াৰ সম্ভাৱনা কম, কিন্তু এনে পৰিস্থিতিত সাৱধানতা অৱলম্বন কৰাটো বাঞ্ছনীয়।

ৰেষ্টলেগ চিনড্ৰমৰ ক্ষেত্ৰতো এনেকুৱাই হয়। আইৰণ, কেলচিয়ামৰ অভাৱ আৰু ঔষধৰ অভ্যাসৰ বাবেও এনে হ’ব পাৰে। ই সাধাৰণতে জিনীয় ৰোগ। কিন্তু কোনটো জিনৰ বাবেই এনে হৈছে সেয়া ক’ব নোৱাৰি।

চিকিৎসকৰ মতে, এই ৰোগৰ চিকিৎসা সম্পূৰ্ণ সম্ভৱ। চিকিৎসাৰ পিছত এই ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য হয়। লগতে ৰোগীক গভীৰ টোপনিলৈ যাবলৈ ঔষধো দিব পাৰি। যাতে সি ৰাতিপুৱা এবাৰ শুই পোনে পোনে সাৰ পায়। কিন্তু বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৰ পিছতহে এই কামটো কৰক।

এনে ক্ষেত্ৰত কি কৰিব ?

১)পৰিস্থিতি যেনেকুৱাই নহওঁক কিয় ব্যক্তিজনক প্ৰত্যক্ষভাৱে টোপনিৰ পৰা জগাই দিব নালাগে। এনে সময়ত ব্যক্তিজনক ধৰি আনি পুনৰ বিচনাত শুৱাই দিব লাগে।

২) এনে ব্যক্তিক কোঠাত অকলে থাকিবলৈ দিব নালাগে। কাৰণ টোপনিৰ অৱস্থাতেই তেওঁ ঘৰৰ দুৱাৰ খুলি বাটলৈ ওলাই গৈ দূৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা থাকে। লগতে ব্যক্তিজনৰ শুৱা কোঠাত চোকা কটাৰী, কাঁচি বা আন ধৰাল সামগ্ৰী ৰাখিব নালাগে।

৩)উশাহ-নিশাহত বাধাৰ সৃষ্টি হ’লে বহু সময়ত এনে ধৰণৰ ঘটনা ঘটে। এনে ক্ষেত্ৰত উশাহ-নিশাহ সম্বন্ধীয় ৰোগৰ চিকিৎসা কৰি ইয়াৰ পৰা হাত সাৰিব পাৰি।

৪) প্ৰতিদিনেই নিৰ্দিষ্ট সময়ত আৰু পৰ্য্যাপ্ত্ পৰিমাণত টোপনি যোৱাটো নিশ্চিত কৰিব লাগে।

অৱশ্যে এই বিষয়ত অধিক শংকিত হোৱাৰ প্ৰয়োজন নাই। কিছু সচেতনতা আৰু যত্ন ল’লেই আক্ৰান্ত ব্যক্তিক ক্ষতি হোৱাৰ পৰা হাত সৰাই ৰাখিব পাৰে। আৰু লাহে লাহে এই সমস্যাৰ পৰা আঁতৰাই আনিব পৰা যায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ