--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান প্ৰেমৰ সম্পৰ্ক বৰ গভীৰ আৰু কিছুমান প্ৰেমৰ সম্পৰ্ক বৰ ঠুনুকা। প্ৰেমৰ সম্পৰ্ক ধৰি ৰাখিবলৈ বহুতে বহু ধৰণে চেষ্টা কৰে। তাত কোনো সন্দেহ নাই। সৰু সৰু কথাবোৰ কেতিয়া সম্পৰ্ক ভাঙি যোৱাৰ কাৰণ হৈ পৰে সেয়া ধৰিবকে নোৱাৰি। বিশেষকৈ লং ডিচটেন্স ৰিলেশ্যনশ্বিপত প্ৰেমিক-প্ৰেমিকাই বৰ সাৱধানতাৰে সম্পৰ্কটো ধৰি ৰাখিব লগীয়া হয়। সম্পৰ্কৰ আৰম্ভণিতে প্ৰেমিকযুগলে ইজনে সিজনৰ লগত বহুত কথা পাতে, সময় কটায়। কিন্তু যেতিয়া এই সম্পৰ্কটো পুৰণি হ’বলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকে ইজনে সিজনৰ ওচৰত অভিযোগ কৰিবলৈ আৰম্ভ কৰে যে তুমি আৰু আগৰ দৰে হৈ থকা নাই। সম্পৰ্ক বিশেষজ্ঞয়েও বিশ্বাস কৰে যে ‘সম্পৰ্কৰ সমস্যাবোৰ ডাঙৰ নহয় কিন্তু কেতিয়াবা প্ৰেমিক-প্ৰেমিকাৰ ভুল বুজাবুজিয়ে তেওঁলোকৰ মাজত ব্ৰেকআপ ঘটায়।

দীৰ্ঘ দূৰত্বৰ সম্পৰ্ক সফল কৰিবলৈ বহুত ধৈৰ্য্য আৰু বুজাবুজিৰ প্ৰয়োজন। কিন্তু তথাপিও সৰু সৰু কথাবোৰতে প্ৰেমিক-্প্ৰেমিকাই নিজৰ ভাল সম্পৰ্কটো নষ্ট কৰি পেলায়। লং ডিচটেন্স ৰিলেশ্যনশ্বিপত দেখা দিয়া সমস্যাসমূহৰ বিষয়ে জানো আহক। যিবোৰ আপোনাৰ বাবে বহু পৰিমাণে উপযোগী হ’ব পাৰে।

১)কথা-বতৰাৰ অভাৱঃ কথা-বতৰাৰ অভাৱ লং ডিচটেন্স ৰিলেশ্যনশ্বিপত এক ডাঙৰ সমস্যা। যিহেতু ইজনে সিজনক লগ নাপায় সেয়ে কথা পাতিয়ে প্ৰেমাস্পদ কাষত আছে বুলি অনুভৱ কৰিব বিচাৰে। কিন্তু সম্পৰ্কত যদি কথা-বতৰাৰ অভাৱো ঘটে তেন্তে কোনোবা এজন ক্ষোভিত হৈ উঠে।কথা-বতৰাই দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত অক্সিজেনৰ দৰে কাম কৰে। আপুনি যিমানেই ব্যস্ত নাথাকক কিয় আপুনি আপোনাৰ সংগীৰ বাবে অলপ সময় উলিয়াবই। সৰু সৰু কথাবোৰেও মানুহৰ মন ভৰায়। অৱশ্যে এই প্ৰচেষ্টা দুয়োপক্ষৰ পৰা হ’ব লাগে। কাৰণ তেতিয়াহে ইজনে সিজনক বুজিব পাৰিব। যি প্ৰেমিক-প্ৰেমিকাই দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত থাকি নিজৰ বণ্ডিঙৰ প্ৰতি গুৰুত্ব নিদিয়ে, তেওঁলোকৰ সম্পৰ্ক বেছি দিন নাথাকে। 

২)সৰু সৰু কথাবোৰ আওকাণ নকৰিবঃ লং ডিচটেন্স ৰিলেশ্যনশ্বিপত প্ৰায়ে ইজনে সিজনৰ সৰু সৰু কথাবোৰত গুৰুত্ব দিবলৈ পাহৰি যায়। যিবোৰ কথাই তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলাত সহায় কৰে। তেওঁলোকে নাজানে যে গুড মৰ্নিংৰ পৰা গুড নাইটলৈকে দিয়া সৰু সৰু মেছেজেও প্ৰেমৰ গভীৰতা বৃদ্ধি কৰিব পাৰে। এনে কথাবোৰে আপোনাৰ বাবে সংগী যে বহুত গুৰুত্বপূৰ্ণ সেই কথা অনুভৱ কৰোৱায়।

৩)ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীলঃ লং ডিচটেন্স ৰিলেশ্যনশ্বিপত মানুহে নিজৰ সংগীৰ ওপৰত মানসিকভাৱে নিৰ্ভৰশীল হৈ পৰে। ফলত যেতিয়া আপোনাৰ সংগী ব্যস্ত থাকে বা আপোনাক সময় দিব নোৱাৰে তেতিয়া আপুনি অকলশৰীয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰে। কিন্তু এই সময়ছোৱাত আপুনি এটা কথা মনত ৰখাটো অতি প্ৰয়োজনীয় যে আপোনাৰ সংগী আপোনাৰ পৰা বহু দূৰত আছে। গতিকে আপোনাক সকলো সময়তে সুখী কৰি ৰাখিবলৈ তেওঁৰ হয়তো সময় নাথাকিবও পাৰে। 

৪)সমস্যা সমাধান নকৰাঃ এনেকুৱা সম্পৰ্কত মানুহে নাজানে যে আপোনাৰ সংগীয়ে আপোনাক কিবা কথাত বেয়া পাই আছে নেকি। যদি সংগীক লৈ কিবা সমস্যা হয় বা কিবা কথাত বেয়া পাই তেন্তে মুখেৰে খুলি ক'ব লাগে। তাকে নকৰি আপুনি যদি সংগীৰ ফোন, মেছেজ আওকাণ কৰিবলৈ ধৰে তেন্তে আপোনাৰ সংগীৰ মনত আপোনাৰ প্ৰতি বিৰূপ প্ৰভাৱ পৰে। কিছুমানে সমস্যাবোৰক সমাধান কৰি নিজৰ সম্পৰ্কত আগবাঢ়ি যোৱাৰ বিপৰীতে আন কিছুমানে সমস্যা সমাধান কৰাটো প্ৰয়োজনীয় বুলি নাভাবে। ইয়াৰ ফলত সম্পৰ্ক ইমানেই জটিল হৈ পৰে যে তেতিয়া আপোনাৰ সংগীয়ে আপোনাৰ লগত সম্পৰ্কটো বজাই ৰাখিবলৈ অসুবিধা পায়।

৫)বিশ্বাস জন্মাব নোৱাৰাঃ সকলো সম্পৰ্ক বিশ্বাসৰ ওপৰতেই বৰ্তি থাকে। লং ডিচটেন্স ৰিলেশ্যনশ্বিপত বিশ্বাসৰ আটাইতকৈ বেছি প্ৰয়োজন, কিয়নো ইজনে সিজনক দেখি নাথাকে বা লগ কৰো বুলিও কৰিব নোৱাৰে। গতিকে সংগীৰ বিশ্বাস ভংগ হ'বলগীয়া এনে কোনো কাম কৰিব নালাগে যাতে আপোনাৰ প্ৰতি তেওঁৰ সন্দেহ ওপজে। সন্দেহ ওপজিলে কোনো সম্পৰ্ক টিকি নাথাকে গতিকে। গতিকে এইক্ষেত্ৰত সাৱধান হোৱাটো ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ