--°C
Loading...
Listen to Article
2 min read
80%

আগ্ৰা : দেশত কোভিড পৰিস্থিতিয়ে সৃষ্টি কৰিছে ভয়াৱহ সংকটৰ। তাৰ মাজতে অক্সিজেনৰ নাটনি হোৱাটোৱে একপ্ৰকাৰ ভূতৰ ওপৰত দানহ পৰাৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এটা ভিডিঅ’ই সকলোৰে অন্তৰ স্পৰ্শ কৰিছে। এজন লোকে এটা অক্সিজেন চিলিণ্ডাৰ বিচাৰি পথৰ ওপৰত আঁঠু কাঢ়ি ভিক্ষা কৰাৰ দৃশ্য বন্দী হৈছে ভিডিঅ’টোত। আৰক্ষীৰ লোক এজনৰ আগত আঁঠুকাঢ়ি অক্সিজেন চিলিণ্ডাৰ বিচাৰি থকা লোকজনৰ ভিডিঅ’টো ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

আৰু পঢ়িব পাৰিব : মুম্বাই আৰক্ষীৰ প্ৰাক্তন মুৰব্বীৰ বিৰুদ্ধে এফআইআৰ

দেশৰ কোভিড পৰিস্থিতিৰ ভয়াৱহতা তথা কাৰুণ্যক এই ভিডিঅ’টো তুলি ধৰা বুলি বিভিন্নজনে মন্তব্য কৰিছে। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে লোকজনে আৰক্ষীৰ লোকজনৰ আগত আঁঠুকাঢ়ি তেওঁ মাতৃৰ বাবে জোগাৰ কৰা অক্সিজেন চিলিণ্ডাৰটো কাঢ়ি নিনিবলৈ কাকুতি-মিনতি কৰিছিল। কিন্তু আৰক্ষীৰ ভাষ্য মতে তেওঁ অক্সিজেন চিলিণ্ডাৰ বিচাৰিহে এনেদৰে কাকুতি কৰিছিল। পিপিই কিট পিন্ধি থকা লোকজনে ভাইৰেল ভিডিঅ’টোত আৰক্ষীৰ লোকজনৰ ভৰিত ধৰি এইবুলি কাকুতি কৰিছিল, ‘আপোনাৰ চৰণত ধৰি মিনতি কৰিছোঁ… ভাই মোৰ মাক ৰক্ষা কৰক।’

তেওঁ আন একাংশ লোকে তাৰ পৰা আঁতৰাই লৈ নোযোৱালৈকে তেওঁ তেনেদৰে কন্দা-কটা কৰি থকা দেখা যায় ভিডিঅ’টোত। আগ্ৰাৰ ‘উপাধ্যায় হাস্পতাল’ নামৰ বেচৰকাৰী চিকিৎসালয়খনৰ বাহিৰত এই ভিডিঅ’টো কোনো লোকে বাণীবদ্ধ কৰিছিল। এই ভিডিঅ’টো শ্বেয়াৰ কৰি যুৱ কংগ্ৰেছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক তীব্ৰ সমালোচনা কৰিছে। আৰু আৰক্ষীৰ আচৰণতো অমানৱীয় আখ্যা দিছে। অনৰূপ ঘটনা সংঘটিত হৈছে দিল্লীতো। দিল্লীত এগৰাকী মহিলাই তেওঁৰ চিকিৎসাধীন মাতৃৰ বাবে অক্সিজেন বিচাৰি দিল্লীৰ পথে পথে হামৰাও কাঢ়ি ফুৰিবলগীয়া হয়।

আৰু পঢ়িব পাৰিব : ক’ভিড পৰিস্থিতিৰ অৱনতি অব্যাহত, প্ৰতিষেধকেই ভৰসা!

এটা অক্সিজেন ৰিফিলিং প্লাণ্টৰ সন্মুখত কেইবাঘণ্টা অপেক্ষা কৰি থকাৰ পাছতো তেওঁ জোগাৰ কৰিব নোৱাৰিলে অক্সিজেন। এটা সময়ত অধৈৰ্য হৈ তেওঁ হাতযোৰ কৰি আঁঠু কাঢ়ি মাতৃৰ বাবে অক্সিজেন ভিক্ষা কৰে। কিন্তু তাৰ পাছতো সেয়া লাভ কৰাটো তেওঁৰ বাবে সম্ভৱ নহ’ল আৰু অক্সিজেন চিলিণ্ডাৰ ৰিফিল কৰিবলৈ শাৰী পাতি থাকোঁতেই তেওঁৰ মাতৃৰ মৃত্যুৰ খবৰ তেওঁ লাভ কৰে। এই দুৰ্ভগীয়া মহিলাগৰাকীৰ নাম শ্ৰুতি সাহা বুলি জানিব পৰা গৈছে। তেওঁ পুঁৱতি নিশা ২বজাৰ পৰা অক্সিজেন সংগ্ৰহৰ বাবে হামৰাও কাঢ়ি ফুৰাৰ পাছতো মাতৃৰ জীৱন ৰক্ষাৰ বাবে অক্সিজেন লাভ কৰিবলৈ সক্ষম নহ’ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ