--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি চৰ্চাৰ কেন্দ্ৰ হৈ পৰা মুম্বাইৰ পূৰ্বৰ শীৰ্ষ বিষয়া পৰম বীৰ সিঙৰ বিৰুদ্ধেও উঠিছে অনুৰূপ অভিযোগ। মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বোমা উদ্ধাৰ হোৱা ঘটনাৰ পাছত অপসাৰিত হোৱা সিঙৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে মহাৰাষ্ট্ৰৰে এগৰাকী আৰক্ষী বিষয়াই।

আৰু পঢ়িব পাৰিব : ক’ভিড পৰিস্থিতিৰ অৱনতি অব্যাহত, প্ৰতিষেধকেই ভৰসা!

তেওঁৰ বিৰুদ্ধে আন এজন অভিযুক্তক সহায়ৰ কৰা তথা আন দুৰ্নীতিৰ অভিযোগ অনা হৈছে। একেটা গোচৰতে তেওঁ অভিযোগকাৰীক হাৰাশাস্তি কৰা বুলিও অভিযোগ উঠিছে। ভীমাৰাও ঘাৰ্গে নামৰ আৰক্ষী পৰিদৰ্শকগৰাকী আৰু আন ৩৩গৰাকী আৰক্ষীৰ লোকে তেওঁৰ বিৰুদ্ধে আকোলা জিলাত এফআইআৰ দাখিল কৰিছে। তেওঁৰ বিৰুদ্ধে অপৰাধিক ষড়যন্ত্ৰ, গোচৰৰ প্ৰমাণৰ হেৰফেৰ কৰা, আৰু অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আইন ১৯৮৯ৰ অধীনত অনা অভিযোগকে ধৰি মুঠ ২৭টা ধাৰাত গোচৰ তৰা হৈছে।

আৰু পঢ়িব পাৰিব : ২ মে’ত কোন দলৰ হাতত পাঁচ ৰাজ্যৰ শাসনৰ বাঘজৰী?

অভিযোগকৰ্তাসকলৰ ভিতৰত অৰ্থনৈতিক অপৰাধ শাখাৰ ডিচিপি পৰাগ মানেৰেও আছে। আনহাতে ঘাৰ্গেই অভিযোগ কৰা অনুসৰি সিঙে এফআইআৰ দাখিল হোৱা এজন অভিযুক্তৰ বিৰু্দ্ধে চাৰ্জশ্বিট প্ৰস্তুত নকৰিবলৈ তেওঁক নিৰ্দেশ দিছিল। তেওঁ লগতে অভিযোগ কৰে যে, সিঙৰ তলতীয়া বহু বিষয়াই তেওঁৰ কাৰ্যকালত দুৰ্নীতিত লিপ্ত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ