--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি চৰ্চাৰ কেন্দ্ৰ হৈ পৰা মুম্বাইৰ পূৰ্বৰ শীৰ্ষ বিষয়া পৰম বীৰ সিঙৰ বিৰুদ্ধেও উঠিছে অনুৰূপ অভিযোগ। মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বোমা উদ্ধাৰ হোৱা ঘটনাৰ পাছত অপসাৰিত হোৱা সিঙৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে মহাৰাষ্ট্ৰৰে এগৰাকী আৰক্ষী বিষয়াই।

আৰু পঢ়িব পাৰিব : ক’ভিড পৰিস্থিতিৰ অৱনতি অব্যাহত, প্ৰতিষেধকেই ভৰসা!

তেওঁৰ বিৰুদ্ধে আন এজন অভিযুক্তক সহায়ৰ কৰা তথা আন দুৰ্নীতিৰ অভিযোগ অনা হৈছে। একেটা গোচৰতে তেওঁ অভিযোগকাৰীক হাৰাশাস্তি কৰা বুলিও অভিযোগ উঠিছে। ভীমাৰাও ঘাৰ্গে নামৰ আৰক্ষী পৰিদৰ্শকগৰাকী আৰু আন ৩৩গৰাকী আৰক্ষীৰ লোকে তেওঁৰ বিৰুদ্ধে আকোলা জিলাত এফআইআৰ দাখিল কৰিছে। তেওঁৰ বিৰুদ্ধে অপৰাধিক ষড়যন্ত্ৰ, গোচৰৰ প্ৰমাণৰ হেৰফেৰ কৰা, আৰু অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আইন ১৯৮৯ৰ অধীনত অনা অভিযোগকে ধৰি মুঠ ২৭টা ধাৰাত গোচৰ তৰা হৈছে।

আৰু পঢ়িব পাৰিব : ২ মে’ত কোন দলৰ হাতত পাঁচ ৰাজ্যৰ শাসনৰ বাঘজৰী?

অভিযোগকৰ্তাসকলৰ ভিতৰত অৰ্থনৈতিক অপৰাধ শাখাৰ ডিচিপি পৰাগ মানেৰেও আছে। আনহাতে ঘাৰ্গেই অভিযোগ কৰা অনুসৰি সিঙে এফআইআৰ দাখিল হোৱা এজন অভিযুক্তৰ বিৰু্দ্ধে চাৰ্জশ্বিট প্ৰস্তুত নকৰিবলৈ তেওঁক নিৰ্দেশ দিছিল। তেওঁ লগতে অভিযোগ কৰে যে, সিঙৰ তলতীয়া বহু বিষয়াই তেওঁৰ কাৰ্যকালত দুৰ্নীতিত লিপ্ত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা