--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কিছুদিন ধৰি হত্যাৰ ভাবুকি পাই আহিছে বলীউড ছুপাৰষ্টাৰ ছলমান খানে। যি কথাই টোপনি হৰণ কৰিছে অভিনেতাজনৰ। ছলমান খানে পুনৰ লাভ কৰিছে মৃত্যুৰ ভাবুকি। পুনৰ এক ইমেইল যোগে ছলমান খানক হত্যাৰ ভাবুকি দিয়া হৈছে। বিগত বৰ্ষত হত্যাৰ বলি হোৱা জনপ্ৰিয় পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰে দৰেই জীৱন শেষ কৰি দিয়াৰ ভাবুকি দিয়া হৈছে ছলমান খানক। 

“আপোনাৰ জীৱনো সিদ্ধু মুছেৱালাৰ দৰেই শেষ কৰি দিয়া হ’ব” এনেদৰে এটা ই-মেইল প্ৰেৰণ কৰা হৈছিল ছলমান খানৰ কাৰ্যালয়লৈ। ৰোহিত গাৰ্গ নামৰ এটা মেইল আইডিৰ পৰা আহিছিল এই মেইলটো। হিন্দী ভাষাত লিখা এই ই-মেইলটোত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ বিষয়ে উল্লেখ আছিল।

লগে লগে এই ঘটনা সন্দৰ্ভত প্ৰশান্ত গুঞ্জলকাৰ নামৰ এগৰাকী ব্যক্তিয়ে বান্দ্ৰা থানাত অভিযোগ দাখিল কৰে। আৰক্ষীৰ মতে, গুঞ্জলকাৰে ছলমান খানৰ বান্দ্ৰা বাসগৃহলৈ গৈ চলচ্চিত্ৰ খণ্ডৰ সৈতে জড়িত কোম্পানী এটা চলাই আছে। প্ৰশান্ত গুঞ্জলকাৰৰ এজাহাৰ দাখিলৰ পাছতেই ৰাজস্থান আৰক্ষীৰ সৈতে যৌথ অভিযান চলায় মুম্বাই আৰক্ষীয়ে। ৰাজস্থানৰ যোধপুৰৰ পৰা ঢাকাদ ৰাম বিষ্ণৈ নামৰ এগৰাকী ২১ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

যোধপুৰৰ লুনি আৰক্ষী থানাৰ অন্তৰ্গত ৰোহিচা কলন নামৰ এখন গাঁৱৰ বাসিন্দা বিষ্ণৈ অস্ত্ৰ আইনৰ অধীনত এটা গোচৰত জামিনত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৮ মাৰ্চতো ছলমান খানলৈ প্ৰেৰণ কৰা ভাবুকি ই-মেইলৰ সৈতে জড়িত থকাৰ থকাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে গেংষ্টাৰ লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক