--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কিছুদিন ধৰি হত্যাৰ ভাবুকি পাই আহিছে বলীউড ছুপাৰষ্টাৰ ছলমান খানে। যি কথাই টোপনি হৰণ কৰিছে অভিনেতাজনৰ। ছলমান খানে পুনৰ লাভ কৰিছে মৃত্যুৰ ভাবুকি। পুনৰ এক ইমেইল যোগে ছলমান খানক হত্যাৰ ভাবুকি দিয়া হৈছে। বিগত বৰ্ষত হত্যাৰ বলি হোৱা জনপ্ৰিয় পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰে দৰেই জীৱন শেষ কৰি দিয়াৰ ভাবুকি দিয়া হৈছে ছলমান খানক। 

“আপোনাৰ জীৱনো সিদ্ধু মুছেৱালাৰ দৰেই শেষ কৰি দিয়া হ’ব” এনেদৰে এটা ই-মেইল প্ৰেৰণ কৰা হৈছিল ছলমান খানৰ কাৰ্যালয়লৈ। ৰোহিত গাৰ্গ নামৰ এটা মেইল আইডিৰ পৰা আহিছিল এই মেইলটো। হিন্দী ভাষাত লিখা এই ই-মেইলটোত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ বিষয়ে উল্লেখ আছিল।

লগে লগে এই ঘটনা সন্দৰ্ভত প্ৰশান্ত গুঞ্জলকাৰ নামৰ এগৰাকী ব্যক্তিয়ে বান্দ্ৰা থানাত অভিযোগ দাখিল কৰে। আৰক্ষীৰ মতে, গুঞ্জলকাৰে ছলমান খানৰ বান্দ্ৰা বাসগৃহলৈ গৈ চলচ্চিত্ৰ খণ্ডৰ সৈতে জড়িত কোম্পানী এটা চলাই আছে। প্ৰশান্ত গুঞ্জলকাৰৰ এজাহাৰ দাখিলৰ পাছতেই ৰাজস্থান আৰক্ষীৰ সৈতে যৌথ অভিযান চলায় মুম্বাই আৰক্ষীয়ে। ৰাজস্থানৰ যোধপুৰৰ পৰা ঢাকাদ ৰাম বিষ্ণৈ নামৰ এগৰাকী ২১ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

যোধপুৰৰ লুনি আৰক্ষী থানাৰ অন্তৰ্গত ৰোহিচা কলন নামৰ এখন গাঁৱৰ বাসিন্দা বিষ্ণৈ অস্ত্ৰ আইনৰ অধীনত এটা গোচৰত জামিনত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৮ মাৰ্চতো ছলমান খানলৈ প্ৰেৰণ কৰা ভাবুকি ই-মেইলৰ সৈতে জড়িত থকাৰ থকাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে গেংষ্টাৰ লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু