--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে বাংলাদেশৰ সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰে। তেওঁ ক'লে, "ধৈৰ্য্য ধৰক। চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে। ধৈৰ্য্য ধৰি চাওক চৰকাৰে কি কৰিব পাৰে। আমি যদি ভুল কৰো তেন্তে আপুনি নিশ্চয় সমালোচনা কৰিব, কিন্তু আমি প্ৰথমে কিবা এটা কৰোঁ!''

মঙলবাৰে ঢকেশ্বৰী মন্দিৰ পৰিদৰ্শন কৰি ইউনুছে কয় যে দেশত মানৱ অধিকাৰ আৰু বাক স্বাধীনতা সুনিশ্চিত হ’ব লাগিব। এই পৰিস্থিতিত এইটোৱেই আমাৰ মূল লক্ষ্য৷ সকলো পৰিচয়ৰ ওপৰত উঠি নিজকে মানুহ বুলি ভাবিব। নিজকে দেশৰ সন্তান বুলি গণ্য কৰক। এইবোৰ আপোনাৰ সাংবিধানিক অধিকাৰ, যিটো আমি নিশ্চিত কৰিম।'' 

সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে পূজা উদজাকাৰ পৰিষদৰ সভাপতি বাসুদেৱ ধৰ আৰু সাধাৰণ সম্পাদক সন্তোষ শৰ্মা। ৰাজহুৱা পূজা সমিতিৰ হৈ জয়ন্তকুমাৰ দেৱ আৰু তপশচন্দ্ৰ পাল। ইয়াৰ বাহিৰেও হিন্দু-বৌদ্ধ-খ্ৰীষ্টান ঐক্য সভাৰ হৈ কাজল দেৱনাথ আৰু মনিন্দ্ৰকুমাৰ নাথ আছিল। অনুমান কৰা হৈছে যে সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধিয়ে ইউনুছৰ আগত আঠ দফা দাবী দাখিল কৰিছিল। এই দাবীসমূহৰ ভিতৰত আক্ৰমণৰ লগত জড়িত লোকসকলক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ, সংখ্যালঘুৰ বাবে সুকীয়া মন্ত্ৰালয় গঠন ইত্যাদি।

সোমবাৰে আবুল ফৈজ মহম্মদ খালিদ হোছেইনে কয় যে মঙলবাৰে ইউনুছে দেশৰ সংখ্যালঘু জনগোষ্ঠীৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ’ব। খালিদে লগতে কয়, ‘সংখ্যালঘু লোকক আক্ৰমণ কৰা সকল দুস্কৃতিকাৰী। সকলোকে আইনৰ অধীনলৈ অনা হ’ব। বাংলাদেশৰ বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰে সাম্প্ৰদায়িক সম্প্ৰীতিত বিশ্বাস কৰে আৰু সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।'' সংখ্যালঘুৰ ঘৰত আক্ৰমণৰ খবৰ দিবলৈ হটলাইন আৰম্ভ কৰা হ’ব বুলি খালিদে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন