--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে বাংলাদেশৰ সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰে। তেওঁ ক'লে, "ধৈৰ্য্য ধৰক। চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে। ধৈৰ্য্য ধৰি চাওক চৰকাৰে কি কৰিব পাৰে। আমি যদি ভুল কৰো তেন্তে আপুনি নিশ্চয় সমালোচনা কৰিব, কিন্তু আমি প্ৰথমে কিবা এটা কৰোঁ!''

মঙলবাৰে ঢকেশ্বৰী মন্দিৰ পৰিদৰ্শন কৰি ইউনুছে কয় যে দেশত মানৱ অধিকাৰ আৰু বাক স্বাধীনতা সুনিশ্চিত হ’ব লাগিব। এই পৰিস্থিতিত এইটোৱেই আমাৰ মূল লক্ষ্য৷ সকলো পৰিচয়ৰ ওপৰত উঠি নিজকে মানুহ বুলি ভাবিব। নিজকে দেশৰ সন্তান বুলি গণ্য কৰক। এইবোৰ আপোনাৰ সাংবিধানিক অধিকাৰ, যিটো আমি নিশ্চিত কৰিম।'' 

সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে পূজা উদজাকাৰ পৰিষদৰ সভাপতি বাসুদেৱ ধৰ আৰু সাধাৰণ সম্পাদক সন্তোষ শৰ্মা। ৰাজহুৱা পূজা সমিতিৰ হৈ জয়ন্তকুমাৰ দেৱ আৰু তপশচন্দ্ৰ পাল। ইয়াৰ বাহিৰেও হিন্দু-বৌদ্ধ-খ্ৰীষ্টান ঐক্য সভাৰ হৈ কাজল দেৱনাথ আৰু মনিন্দ্ৰকুমাৰ নাথ আছিল। অনুমান কৰা হৈছে যে সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধিয়ে ইউনুছৰ আগত আঠ দফা দাবী দাখিল কৰিছিল। এই দাবীসমূহৰ ভিতৰত আক্ৰমণৰ লগত জড়িত লোকসকলক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ, সংখ্যালঘুৰ বাবে সুকীয়া মন্ত্ৰালয় গঠন ইত্যাদি।

সোমবাৰে আবুল ফৈজ মহম্মদ খালিদ হোছেইনে কয় যে মঙলবাৰে ইউনুছে দেশৰ সংখ্যালঘু জনগোষ্ঠীৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ’ব। খালিদে লগতে কয়, ‘সংখ্যালঘু লোকক আক্ৰমণ কৰা সকল দুস্কৃতিকাৰী। সকলোকে আইনৰ অধীনলৈ অনা হ’ব। বাংলাদেশৰ বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰে সাম্প্ৰদায়িক সম্প্ৰীতিত বিশ্বাস কৰে আৰু সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।'' সংখ্যালঘুৰ ঘৰত আক্ৰমণৰ খবৰ দিবলৈ হটলাইন আৰম্ভ কৰা হ’ব বুলি খালিদে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক