--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসপ্তাহ পূৰ্বে সীমান্ত পাৰ হৈ ৰাছিয়াৰ মাটিত এই আক্ৰমণ সংঘটিত হৈছিল। তীব্ৰ যুদ্ধৰ অন্তত ইউক্ৰেইনে ৰাছিয়াৰ পশ্চিম দিশৰ কুৰ্স্ক অঞ্চলৰ ১০০০ বৰ্গ কিলোমিটাৰতকৈও অধিক অঞ্চল দখল কৰা বুলি দাবী কৰে। মঙলবাৰে ইউক্ৰেইনৰ সেনাৰ শীর্ষ সেনাপতি অলেকজেণ্ডাৰ চিৰস্কিয়ে কয়- ‘‘আমি প্রথমবাৰৰ বাবে ৰাছিয়াৰ মাটিত আক্রমণ কৰি যথেষ্ট সফলতা লাভ কৰিছো৷ কুৰ্স্ক অঞ্চলৰ ১০০০ বৰ্গ কিলোমিটাৰতকৈও অধিক অঞ্চল এতিয়া আমাৰ নিয়ন্ত্ৰণত আছে। প্ৰচাৰ এতিয়াও শেষ হোৱা নাই।”

পশ্চিমীয়া প্ৰেছৰ এটা অংশই প্ৰকাশ কৰা অনুসৰি কুৰ্স্ক চহৰখন এতিয়া কাৰ্যতঃ ইউক্ৰেইনৰ সেনাই ঘেৰি ধৰিছে। লাগোয়া বেলগ’ৰড আৰু ব্ৰাইয়ানস্ক অঞ্চলতো অহৰহ আক্ৰমণ চলাই আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও কুৰ্স্কত হোৱা সামৰিক দুৰ্যোগক কাৰ্যতঃ মানি লৈছে। তেওঁ কয়, “ইউক্ৰেইনৰ সৈন্যই তেওঁলোকৰ দক্ষিণ সীমান্তৰ সিপাৰে অনুপ্ৰৱেশ কৰিছে।” ৰাছিয়াৰ অখণ্ডতা আৰু স্থিতিশীলতা ধ্বংস কৰাৰ চেষ্টা চলাইছে। অতি সোনকালে তেওঁলোকক উপযুক্ত উত্তৰ দিয়া হ’ব।”

প্ৰসংগক্ৰমে ৬ আগষ্টত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ বাহিনীয়ে ৰাছিয়াৰ কুৰ্স্ক অঞ্চলত সীমান্ত পাৰ হৈ সামৰিক অভিযান আৰম্ভ কৰে। এই অভিযানৰ দায়িত্বত থকা কমাণ্ডাৰ ছিৰস্কিয়ে কয় যে তেওঁলোকে ইতিমধ্যে ৰাছিয়াৰ সীমান্তৰ ৩০ কিলোমিটাৰতকৈও অধিক গভীৰতাত সোমাইছে। মঙলবাৰে কুৰ্স্কৰ ৰাছিয়াৰ গৱৰ্ণৰে কয় যে ইউক্ৰেইনৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰায় ১ লাখ ২১ হাজাৰ ৰাছিয়ান নাগৰিকে নিজৰ ঘৰ এৰি থৈ গৈছে। ইউক্ৰেইনৰ সেনাৰ এই আক্ৰমণত কমেও ১২ জন লোক নিহত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ