--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসপ্তাহ পূৰ্বে সীমান্ত পাৰ হৈ ৰাছিয়াৰ মাটিত এই আক্ৰমণ সংঘটিত হৈছিল। তীব্ৰ যুদ্ধৰ অন্তত ইউক্ৰেইনে ৰাছিয়াৰ পশ্চিম দিশৰ কুৰ্স্ক অঞ্চলৰ ১০০০ বৰ্গ কিলোমিটাৰতকৈও অধিক অঞ্চল দখল কৰা বুলি দাবী কৰে। মঙলবাৰে ইউক্ৰেইনৰ সেনাৰ শীর্ষ সেনাপতি অলেকজেণ্ডাৰ চিৰস্কিয়ে কয়- ‘‘আমি প্রথমবাৰৰ বাবে ৰাছিয়াৰ মাটিত আক্রমণ কৰি যথেষ্ট সফলতা লাভ কৰিছো৷ কুৰ্স্ক অঞ্চলৰ ১০০০ বৰ্গ কিলোমিটাৰতকৈও অধিক অঞ্চল এতিয়া আমাৰ নিয়ন্ত্ৰণত আছে। প্ৰচাৰ এতিয়াও শেষ হোৱা নাই।”

পশ্চিমীয়া প্ৰেছৰ এটা অংশই প্ৰকাশ কৰা অনুসৰি কুৰ্স্ক চহৰখন এতিয়া কাৰ্যতঃ ইউক্ৰেইনৰ সেনাই ঘেৰি ধৰিছে। লাগোয়া বেলগ’ৰড আৰু ব্ৰাইয়ানস্ক অঞ্চলতো অহৰহ আক্ৰমণ চলাই আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও কুৰ্স্কত হোৱা সামৰিক দুৰ্যোগক কাৰ্যতঃ মানি লৈছে। তেওঁ কয়, “ইউক্ৰেইনৰ সৈন্যই তেওঁলোকৰ দক্ষিণ সীমান্তৰ সিপাৰে অনুপ্ৰৱেশ কৰিছে।” ৰাছিয়াৰ অখণ্ডতা আৰু স্থিতিশীলতা ধ্বংস কৰাৰ চেষ্টা চলাইছে। অতি সোনকালে তেওঁলোকক উপযুক্ত উত্তৰ দিয়া হ’ব।”

প্ৰসংগক্ৰমে ৬ আগষ্টত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ বাহিনীয়ে ৰাছিয়াৰ কুৰ্স্ক অঞ্চলত সীমান্ত পাৰ হৈ সামৰিক অভিযান আৰম্ভ কৰে। এই অভিযানৰ দায়িত্বত থকা কমাণ্ডাৰ ছিৰস্কিয়ে কয় যে তেওঁলোকে ইতিমধ্যে ৰাছিয়াৰ সীমান্তৰ ৩০ কিলোমিটাৰতকৈও অধিক গভীৰতাত সোমাইছে। মঙলবাৰে কুৰ্স্কৰ ৰাছিয়াৰ গৱৰ্ণৰে কয় যে ইউক্ৰেইনৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰায় ১ লাখ ২১ হাজাৰ ৰাছিয়ান নাগৰিকে নিজৰ ঘৰ এৰি থৈ গৈছে। ইউক্ৰেইনৰ সেনাৰ এই আক্ৰমণত কমেও ১২ জন লোক নিহত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক