--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে ফিট হৈ থাকিবলৈ ভাল পায়। কিন্তু ফিট হৈ থাকিবৰ বাবে একাংশই বহুত কষ্ট কৰে আৰু একাংশই কেৱল মনতে ভাবে, কাৰ্যত একো নকৰে। যি মানুহে ৰাতিপুৱা সাৰ পাই ব্যায়াম কৰে, যোগাসন কৰে তেওঁলোকৰ শৰীৰ ফিট আৰু সুস্থ হৈ থাকে। কিছুমান মানুহে পুৱা শুই উঠি শৰীৰত বিষ অনুভৱ কৰে। 

কিছুমানে নতুনকৈ ব্যায়াম আৰম্ভ কৰিলেও পেশীৰ যথেষ্ট বিষ হয়। এনে ক্ষেত্ৰত ষ্ট্ৰেচিং কৰাটো অতি উপকাৰী। ষ্ট্ৰেচিং কৰিলে পেশীবোৰে সকাহ পায়, লগতে শৰীৰত নমনীয়তাও বৃদ্ধি পায়। ষ্ট্ৰেচিং কৰিলে শৰীৰত হোৱা বিষ হ্ৰাস পায়। ষ্ট্ৰেচিং কৰিলে শৰীৰত ৰক্ত সঞ্চালন উন্নত হয়। ইয়াৰ উপৰিও ই টেনচন আৰু মানসিক চাপ আঁতৰাই ৰখাৰ কাম কৰে, যাৰ ফলত ব্যক্তিজনৰ মনটোও শীতল হৈ থাকে। ষ্ট্ৰেচিঙৰ বিষয়ে জানো আহক। যিটো কৰিলে আপোনাৰ শৰীৰ ফিট হ’ব আৰু আপুনিও সকাহ পাব।

সম্পূৰ্ণ শৰীৰ ষ্ট্ৰেচিংঃ সম্পূৰ্ণ শৰীৰ ষ্ট্ৰেচিং কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰে এটা হ’ল অধোমুখ আসন। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এই কামটো কৰাটো অতি প্ৰয়োজনীয়।

ভৰিৰ ষ্ট্ৰেচিংঃ ভৰিৰ ষ্ট্ৰেচিঙক অঞ্জন্যাসন নামেৰেও জনা যায়। ভৰিৰ ষ্ট্ৰেচিঙে নিতম্বৰ পেশীবোৰ মুকলি কৰাৰ লগতে পিণ্ডলি, হামষ্ট্ৰিং আৰু গ্লুটছৰ পেশীবোৰো টনাৰ কাম কৰে। এই ব্যায়ামত কষ্টও কম হয় আৰু গোটেই ভৰিখনে ৱৰ্কআউট পায়।

কোৰ ষ্ট্ৰেচিংঃ কোৰ ষ্ট্ৰেচিঙে হাতৰ লগতে হাতৰ হাড় শক্তিশালী কৰি তোলে। এই ষ্ট্ৰেচিঙে ব্যায়াম আৰু ৱৰ্কআউটৰ ফলত হোৱা পেশীৰ বিষ কম কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ