--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দৈনন্দিন জীৱনত আমি বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰোঁ৷ পুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে হৰেকৰকমৰ সামগ্ৰী সেয়া লাগিলে প্ৰসাধন সামগ্ৰী, টুথপেষ্ট, চাবোন, চাৰ্ফ, বিস্কুটৰ পেকেট, ঔষধ, খোৱা সামগ্ৰী, পিন্ধা আদি ইমানবোৰ ব্যৱহাৰ হয়, ক’ৰবাত কিবা সংকেট, চিহ্ন আদি থাকিলেও চকুত নপৰে৷ আনহাতে কেতিয়াবা চকুত পৰিলেও এইবোৰৰ অৰ্থ বুজি নোপোৱাৰ ফলত এনেকৈয়ে ব্যৱহাৰ কৰি থকা হয়৷ 

কিন্তু আমি ব্যৱহাৰ কৰা সামগ্ৰীবোৰত যিবোৰ চিহ্ন বা চিম্বল থাকে, সেইবোৰে বিশেষ একো একোটো অৰ্থ প্ৰকাশ কৰে, যাৰ লাভ অথবা লোকচান বা ক্ষতিৰ সম্ভাৱনাও থাকে৷ আনহাতে সেইবোৰৰ বিষয়ে জনাটো এটা মজাৰ কথাও৷ আমি নিতৌ পুৱা ব্যৱহাৰ কৰা টুথপেষ্টটোৰ কথাকে ধৰা হওক৷ পুৱা শুই উঠিয়েই ব্ৰাছত টুথপেষ্ট লগাই দাঁত ঘঁহাটো সকলোৰে কাৰণে এটা নিয়মৰ লেখীয়া৷ তাৰ পাছতে দিনটোৰ অন্য কামবোৰত হাত দিয়া হয়৷ এই আৱশ্যকীয় সামগ্ৰীটোত পিছফালে ৰঙা, নীলা, ক’লা, বগা আদি কিছুমান সৰু গোলাকাৰ চিহ্ন থাকে, যিবোৰৰ অৰ্থ আমি বহুতেই বুজি নাপাওঁ অথবা নাজানো৷

 প্ৰতিটো ৰঙৰে কিন্তু অৰ্থপূৰ্ণ অৰ্থ আছে, যিবোৰ জনাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ৷ আচল কথাটো হ’ল এইবোৰ ৰঙৰ অৰ্থ জানি পেষ্ট কিনাৰ আগতে এই দিশত চকু ৰখা ভাল৷ তেতিয়া পেষ্টত থকা এই চিহ্নবোৰৰ ভাল বেয়া দিশবোৰ অৱগত হ’ব পাৰি৷ ইয়াৰ ফলত আপুনিও ক্ষতি কৰিব নোৱৰা সঠিক পেষ্ট কিনাত সহায়ক হ’ব৷ নহ’লে পেষ্ট কিনাৰ আগতে ইয়াৰ অৰ্থ নাজানিলে দাঁতৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ সেয়ে জানো আহক টুথপেষ্টত পাছফালে থকা ক’লা, ৰঙা, বগা, নীলা আদি ৰঙৰ অৰ্থ কি?

পেষ্টৰ টিউবত ক’লা দাগ থাকিলে বুজিব যে ইয়াত প্ৰচুৰ পৰিমাণে ৰাসায়নিক ব্যৱহাৰ কৰা হৈছে৷ গতিকে এনেধৰণৰ টুথপেষ্ট নিকিনাই ভাল ৷ বিভিন্ন টুথপেষ্টত বৰ্গাকৃতিৰ ৰঙা চিহ্ন বা দাগ দেখা যায়৷ এইধৰণৰ দাগ থকা পেষ্টক নন-ভেজ বোলা হয়৷ তেনেহ’লে পেষ্ট আমিষ নেকি? নহয়, ৰঙা দাগৰ অৰ্থ হ’ল মি৷ ৷ অৰ্থাৎ ইয়াত প্ৰাকৃতিক উপাদানৰ সৈতে বিভিন্ন ধৰণৰ ৰাসায়নিক ব্যৱহাৰ কৰা আছে৷ আকৌ নীলা ৰঙৰ দাগ দেখা পালে বুজিব প্ৰাকৃতিক উপাদানৰ লগত ঔষধ মিহলোৱা হৈছে৷ আনহাতে বগা ৰঙৰ অৰ্থ হ’ল সেই পেষ্টটো নিৰাপদ৷ ইয়াত কোনো ঔষধ অথবা ৰাসায়নিক ব্যৱহাৰ কৰা হোৱা নাই৷

যি আছে সকলোখিনি প্ৰাকৃতিক উপাদান৷ গতিকে দাঁতৰ ক্ষতি কৰিব পৰা কোনো উপাদান নাই. বৰঞ্চ দাঁত তথা এলামেলৰ সুৰক্ষাক দিব পৰা উপাদানহে ইয়াত পোৱা যায়৷ গতিকে দাঁত ঘঁহাৰ আগতে টুথপেষ্টত কি ৰঙৰ চিহ্ন আছে, সেয়া লক্ষ্য কৰাটো আৱশ্যক৷

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ