--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : এজন ধৰ্ষণৰ গোচৰত অভিযুক্ত অপৰাধীয়ে গ্ৰেপ্তাৰৰ পৰা সকাহ বিচাৰি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোহিত সুভাষ চাৱন নামৰ মহাৰাষ্ট্ৰ ষ্টেট ইলেক্ট্ৰিক প্ৰডাকশ্যন কোম্পানীৰ কৰ্মচাৰীজনে অন্তৱৰ্তী জামিনৰ বাবে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অপ্ৰত্যাশিত মত প্ৰকাশ কৰে। লোকজনে প্ৰলোভনেৰে এগৰাকী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰাৰ গোচৰত অভিযুক্ত হৈছিল আৰু প’কছ’ৰ দৰে গুৰুতৰ গোচৰত তেওঁ অভিযুক্ত হৈছিল।

আৰু পঢ়িব পাৰিব : নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা! গঠন হ’ল ‘ফ্লাইং স্কোৱাড’

লোকজনৰ দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ এছ এ ব’বডেই কয়, ‘আপুনি যদি ছোৱালীজনীক বিয়া পাতিব বিচাৰে তেন্তে আমি আপোনাক সহায় কৰিব পাৰোঁ। অন্যথা আপুনি চাকৰি হেৰুৱাব লাগিব আৰু জে’ললৈ যাব লাগিব। আপুনি ছোৱালীজনীক প্ৰলোভিত কৰিছে আৰু ধৰ্ষণ কৰিছে।’

অভিযুক্ত লোকজনে ছ’চিয়েল মিডিয়াত কৰা মন্তব্যৰ আঁত ধৰি লোকজনে কিশোৰীগৰাকীক বিয়া কৰাব নেকি বুলি প্ৰশ্ন কৰে। ন্যায়াধীশ ব’বডেই লগতে কয়, ‘আপুনি কিশোৰীগৰাকীক প্ৰলোভিত কৰা আৰু ধৰ্ষণ কৰাৰ আগতে চিন্তা কৰিব লাগিছিল। আপুনি এজন চৰকাৰী কৰ্মচাৰী।’ ধর্ষিতাক বিয়া কৰাবলৈ ন্যায়ালয়ে জোৰ কৰা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

আৰু পঢ়িব পাৰিব : মুখ্য নিৰ্বাচন আয়ুক্তই প্ৰকাশ কৰিলে নিয়ম নিৰ্দেশনা, জানক সবিশেষ…

লোকজনে ইতিমধ্যে বিয়া কৰোঁৱা বুলিও ন্যায়ালয়ত প্ৰকাশ কৰে যাৰ বাবে ধৰ্ষিতাক বিয়া কৰাবলৈ তেওঁৰ অপাৰগতাৰ কথা প্ৰকাশ কৰে। সৰ্বোচ্চ ন্যায়ালয়খনে অভিযুক্ত লোকজনক চাৰিসপ্তাহৰ বাবে গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰিছে আৰু তেওঁ নিয়মীয়া জামিনৰ বাবে আবেদন কৰিব পাৰিব বুলি ৰায় দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ