--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : এজন ধৰ্ষণৰ গোচৰত অভিযুক্ত অপৰাধীয়ে গ্ৰেপ্তাৰৰ পৰা সকাহ বিচাৰি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোহিত সুভাষ চাৱন নামৰ মহাৰাষ্ট্ৰ ষ্টেট ইলেক্ট্ৰিক প্ৰডাকশ্যন কোম্পানীৰ কৰ্মচাৰীজনে অন্তৱৰ্তী জামিনৰ বাবে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অপ্ৰত্যাশিত মত প্ৰকাশ কৰে। লোকজনে প্ৰলোভনেৰে এগৰাকী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰাৰ গোচৰত অভিযুক্ত হৈছিল আৰু প’কছ’ৰ দৰে গুৰুতৰ গোচৰত তেওঁ অভিযুক্ত হৈছিল।

আৰু পঢ়িব পাৰিব : নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা! গঠন হ’ল ‘ফ্লাইং স্কোৱাড’

লোকজনৰ দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ এছ এ ব’বডেই কয়, ‘আপুনি যদি ছোৱালীজনীক বিয়া পাতিব বিচাৰে তেন্তে আমি আপোনাক সহায় কৰিব পাৰোঁ। অন্যথা আপুনি চাকৰি হেৰুৱাব লাগিব আৰু জে’ললৈ যাব লাগিব। আপুনি ছোৱালীজনীক প্ৰলোভিত কৰিছে আৰু ধৰ্ষণ কৰিছে।’

অভিযুক্ত লোকজনে ছ’চিয়েল মিডিয়াত কৰা মন্তব্যৰ আঁত ধৰি লোকজনে কিশোৰীগৰাকীক বিয়া কৰাব নেকি বুলি প্ৰশ্ন কৰে। ন্যায়াধীশ ব’বডেই লগতে কয়, ‘আপুনি কিশোৰীগৰাকীক প্ৰলোভিত কৰা আৰু ধৰ্ষণ কৰাৰ আগতে চিন্তা কৰিব লাগিছিল। আপুনি এজন চৰকাৰী কৰ্মচাৰী।’ ধর্ষিতাক বিয়া কৰাবলৈ ন্যায়ালয়ে জোৰ কৰা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

আৰু পঢ়িব পাৰিব : মুখ্য নিৰ্বাচন আয়ুক্তই প্ৰকাশ কৰিলে নিয়ম নিৰ্দেশনা, জানক সবিশেষ…

লোকজনে ইতিমধ্যে বিয়া কৰোঁৱা বুলিও ন্যায়ালয়ত প্ৰকাশ কৰে যাৰ বাবে ধৰ্ষিতাক বিয়া কৰাবলৈ তেওঁৰ অপাৰগতাৰ কথা প্ৰকাশ কৰে। সৰ্বোচ্চ ন্যায়ালয়খনে অভিযুক্ত লোকজনক চাৰিসপ্তাহৰ বাবে গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰিছে আৰু তেওঁ নিয়মীয়া জামিনৰ বাবে আবেদন কৰিব পাৰিব বুলি ৰায় দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু