--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ ভাৰত-পাক সীমান্তত ফুটা নাই এটাও গুলী। দুয়োখন দেশে যুদ্ধবিৰতিৰ চুক্তি সম্পূৰ্ণৰূপে পালন কৰাৰ বাবে সহমত প্ৰকাশ কৰাৰ পাছত এলঅ’চি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰিস্থিতিলৈ চকুত লগা পৰিৱৰ্তন অহা বুলি প্ৰকাশ পাইছে।

আৰু পঢ়িব পাৰিব : আসন বুজাবুজি : অখিল গগৈৰে লুৰিণৰ বৈঠক, শীঘ্ৰেই ঘোষণা

আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে, ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধবিৰতি মানি চলাৰ এই সিদ্ধান্ত দুয়ো দেশৰ লগতে সীমান্তবাসী নাগৰিকসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। বিষয়াগৰাকীয়ে প্ৰকাশ কৰে যে, ‘যুদ্ধবিৰতি মানি চলাৰ বাবে দুয়ো দেশ সন্মত হোৱাৰ পাছৰে পৰা সীমান্তত এটাও গুলী ফুটা নাই।’

আৰু পঢ়িব পাৰিব : আপুনি তেওঁক বিয়া কৰাবনে? ধৰ্ষণকাৰীক ন্যায়ালয়ৰ প্ৰশ্ন

দুয়ো দেশৰ সামৰিক অভিযানৰ সঞ্চালকপ্ৰধানৰ মাজত হোৱা আলোচনামৰ্মে ২৪ ফেব্ৰুৱাৰীৰ মাজনিশাৰ পৰা যুদ্ধবিৰতি মানি চলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল দুয়ো দেশৰ সামৰিক বাহিনীয়ে। সীমান্তৰ শান্তি আৰু সুস্থিৰতাৰ বাবে শেহতীয়া এই কাৰ্যকৰী পদক্ষেপ আশাপ্ৰদ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement