--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিৰ যুৱপ্ৰজন্মৰ মাজত টাটু বহুলভাৱে প্ৰচাৰিত। সেয়েহে বহুত লোকে টাটু কৰি খুব ভালপায়। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত টাটু অধিক জনপ্ৰিয়। যদি আপুনিও টাটু কৰা ভালপায়, তেন্তে তাৰ আগতে নিশ্চিতভাৱে জানি লওক ইয়াৰ ফলত শৰীৰত হোৱা ক্ষতিৰ বিষয়ে। হয়, শৰীৰত টাটু কৰাটোৱে আপোনাক আকৰ্ষণীয় কৰি তুলিব পাৰে, কিন্তু ই আপোনাৰ শৰীৰৰ বহু ক্ষতিও কৰিব পাৰে। আজি এই লেখাটোত আমি আপোনালোকক টাটুৰ ক্ষতিসমূহৰ বিষয়ে জনাম।

 ১. বিষাক্ত চিয়াঁহী-

অষ্ট্ৰেলিয়া চৰকাৰৰ পৃষ্ঠপোষকতাত কৰা এক অধ্যয়নত দেখা গৈছে যে প্ৰতি পাঁচটা টাটু চিয়াঁহীৰ ভিতৰত এটাত কাৰ্চিনোজেনিক ৰাসায়নিক পদাৰ্থ থাকে, যিটো স্বাস্থ্যৰ বাবে অতি গুৰুতৰ হ’ব পাৰে। টাটুৰ চিয়াঁহীত এলুমিনিয়াম আৰু কোবাল্ট থাকে। ই আপোনাৰ ছালৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে।

 ২. পেশীবোৰৰ ক্ষতি কৰে-

যদি আপুনি ছালত টাটু কৰি ভালপায়, তেন্তে ই আপোনাৰ ছাল আৰু পেশীৰ বহু ক্ষতি কৰিব পাৰে। আচলতে এনে কিছুমান ডিজাইন আছে, য’ত বেজীয়ে আপোনাৰ শৰীৰৰ গভীৰতা বিন্ধে। ইয়াৰ ফলত আপোনাৰ মাংসপেশীৰ বহুত ক্ষতি হয়। বিশেষজ্ঞসকলে কয় যে শৰীৰৰ যিটো তিল থাকে তাত টাটু নকৰিব।

 ৩. হেপাটাইটিছ-‘বি’ৰ আশংকা-

যদি আপুনি টাটু কৰিবলৈ গৈ আছে, তেন্তে আপুনি প্ৰথমে হেপাটাইটি-‘বি’ৰ ভেকচিন ল’ব লাগিব। সদায় মনত ৰাখিব যে কেৱল অভিজ্ঞ বিশেষজ্ঞৰ পৰাহে টাটু কৰিব। দৰাচলতে বিশেষজ্ঞসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সঁজুলিসমূহৰ বিশেষভাৱে যত্ন লয়। একে সময়তে য’ত টাটু কৰাইছে তাত প্ৰতিদিনে এন্টিবায়টিক ক্ৰীম লগাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement