--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চীনা মানুহৰ এটা কথা লক্ষ্য কৰেনে ? বয়স যিমানেই নহওক কিয়, মুখখন চাই ধৰিব নোৱাৰি। চীনা মানুহৰ ছাল চীনামাটিৰ দৰে মসৃণ আৰু টান। এওঁলোকৰ  ছালৰ আঁৰত অলপ জেনেটিক্স আছে। বাকীখিনি তেওঁলোকৰ জীৱনশৈলীৰ প্ৰভাৱ। জানি লওক, চীনাসকলে মানি চলা নিয়মসমূহ : 

স্ব-মালিচ বা মাচাজ: ফেচিয়েল কৰিবলৈ পাৰ্লাৰলৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰতে মালিচ কৰক। মইশ্ব’ৰাইজাৰ লগাওঁতে আঙুলিৰে লঘু চাপ দিব লাগে। ফলত ছালখনে মইশ্ব’ৰাইজাৰটো শোষণ কৰিব। লগতে তেজ চলাচল ভাল হ’ব।

অলপ ভিজা কাপোৰেৰে ঘঁহিব লাগে: ছালৰ ওপৰৰ তৰপত মৃত কোষ জমা হয়। তাৰ বাবে ছালখন অধিক নিস্তেজ দেখা যায়। গতিকে ছালৰ জিলিকনি ধৰি ৰাখিবলৈ ভিজা টাৱেলেৰে লাহে লাহে ঘঁহিব লাগে। সপ্তাহত ২ দিন। ইয়াৰ ফলত ব্ৰণৰ সমস্যাও কমি যাব।

অধিক শাক-পাচলি খাওক: চাইনিজ ৰন্ধন প্ৰণালী লক্ষ্য কৰিছেনে? প্ৰকৃত চীনা খাদ্যত বিভিন্ন ধৰণৰ শাক-পাচলি ব্যৱহাৰ কৰা হয়। আৰু সেই শাক-পাচলিবোৰ কেতিয়াও অতিমাত্ৰা ৰন্ধা নহয়, কেতিয়াও সম্পূৰ্ণ কোমল নহয়। সেইবাবেই তেওঁলোকে আমাতকৈ বেছি ভিটামিন পায়। গতিকে নিশ্চিতভাৱে এই কথা মনত ৰাখিব।

চাহ : গাখীৰৰ চাহ আমাৰ দৰে গাখীৰ আৰু চেনিৰ লগত সিজোৱা নহয়। পানী উতলাৰ আগতে ষ্ট’ভটো বন্ধ কৰি দিব লাগে। তাৰ পিছত চাহপাত তিয়াই দিব লাগে। গ্ৰীণ টিও ভাল। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট পাব।

মনে বিচৰা কৰ্ম: চীনা মানুহে কঠোৰ পৰিশ্ৰম কৰে। কিন্তু তাৰ পিছত সেই মানসিক চাপৰ পৰা মুক্তি পাবলৈ তেওঁলোকে বেছি সময় নালাগে। বাগিচাত কাম কৰা, চিত্ৰকলা, গান গোৱা, নৃত্য,  কলা আদি ছবিৰ লগত জড়িত। ফলত মনটো ভাল হয়। আৰু ই ৰূপৰ ওপৰত প্ৰভাৱ পেলায়। গান গোৱা, চিত্ৰ অংকন কৰা, নৃত্য কৰা, বাগিচা কৰা - যি ভাল লাগে। চেষ্টা কৰক।

টোপনি: চীনাসকল সময়ৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ। টোপনিৰ লগতো একেই কথা। নিয়মীয়াকৈ ৮ ঘণ্টা টোপনিয়ে আপোনাৰ ছালখনক কিমান উপকৃত কৰিব পাৰে সেয়া আপোনাৰ কল্পনাৰ বাহিৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ