--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যি সকল ব্যক্তিৰ শৰীৰত হিমোগ্লবিনৰ পৰিমাণ কম সেইসকল লোক বহু সময় শুই থাকিব পাৰে৷ উপযুক্ত পৰিমাণে হিমোগ্লবিন নাথাকিলে মানুহ মানসিক অৱসাদত ভোগে৷ এই ৰোগ নিৰাময়ৰ বাবে কি কি খোৱা উচিত  জানো আহক

১/ ভিটামিন চি যুক্ত ফল : শৰীৰত ভিটামিন চি কম পৰিমাণে থাকিলে শৰীৰে সঠিক পৰিমাণে আয়ৰণ গ্ৰহণ কৰিব নোৱাৰে৷ সেয়েহে নিয়মিতভাৱে ফল-মূল খাব লাগে যাতে শৰীৰত উপযুক্ত পৰিমাণে ভিটামিন চি মজুত হৈ থাকে৷ আম, আপেল, আমলখি, নেমু আদিত যথেষ্ট ভিটামিন চি পোৱা যায়৷ 

২/ শাক-পাচলি : শাক-পাচলিয়েও শৰীৰত আয়ৰণৰ  অভাৱ পূৰণ কৰিব পাৰে৷ বিটত যথেষ্ট হিমোগ্লবিন পোৱা যায়৷ বিলাহী,ৰঙালাও, ব্ৰ’কলি, পালেং আদিত যথেষ্ট আয়ৰণ থাকে৷ এই সমূহ শাক-পাচলি খালে ৰক্তহীনতাৰ পৰা মুক্তি পাব পাৰি৷ 

৩/ সামুদ্ৰিক মাছ : সামুদ্ৰিক মাছত যথেষ্ট আয়ৰণ থাকে৷ যি সকলে ৰক্তহীনতাত ভূগিছে তেওঁলোকে এনে মাছ খোৱা উচিত৷ তেওঁলোকে টুনা বা আন সৰু সামুদ্ৰিক মাছো খাব পাৰে,

৪/ শুকান ফল : কেঁচা ফলমূলৰ উপৰিও শুকান ফলমূলেও হিমোগ্লবিনৰ পৰিমাণ বৃদ্ধিত সহায় কৰে৷ কিসমিস , কাজু, খেজুৰত যথেষ্ট আয়ৰণ থাকে৷ 



৫/ তিল : তিলত যথেষ্ট মাত্ৰা আয়ৰণ , কপাৰ, ফ’লিক এচিড, আৰু বহুতো খনিজ উপাদান থাকে৷ এই উপাদান সমূহে ৰক্তহীনতাৰ পৰা মুক্তি পোৱাত সহায় কৰে৷ 

৬/ ডাৰ্ক চ’কলেট :  ডাৰ্ক চ’কলেটে ৰক্তহীনতাৰ পৰা মুক্তি পোৱাত সহায় কৰে৷মিল্ক চ’কলেট বেছিকৈ খালে শৰীৰত শৰ্কৰা বৃদ্ধি হোৱাৰ আশংকা থাকে৷কিন্তু ডাৰ্ক চ’কলেট খালে তেনে কোনো সমস্যা নাই৷ বৰঞ্চ এটা ডাৰ্ক চ’কলেটে কমাব পাৰে বহুকেইটা সমস্যা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ