--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰত চৰকাৰৰ দ্বাদশ মুখ্য অর্থনৈতিক উপদেষ্টা আৰু পঞ্চদশ বিত্ত আয়োগৰ এজন সদস্য ড° অশোক কুমাৰ লাহিড়ী বর্তমান পশ্চিম বংগ বিধানসভাৰ বালুঘাট সমষ্টিৰ বিধায়ক।

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে শনিবাৰে নিটি আয়োগ পুনৰ গঠন কৰে। ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ কৰাৰ উপৰি পাঁচজন পূর্ণকালীন সদস্যকো চৰকাৰে নিযুক্তি দিয়ে। 


ভাৰত চৰকাৰৰ দ্বাদশ মুখ্য অর্থনৈতিক উপদেষ্টা আৰু পঞ্চদশ বিত্ত আয়োগৰ এজন সদস্য ড° অশোক কুমাৰ লাহিড়ী বর্তমান পশ্চিম বংগ বিধানসভাৰ বালুঘাট সমষ্টিৰ বিধায়ক। তেওঁ ৩০ এপ্রিলত নিটি আয়োগৰ উপাধ্যক্ষৰ কাৰ্যভাৰ গ্ৰহণ কৰিব।


ইফালে নিটি আয়োগৰ নৱ-নিযুক্ত সদস্যসকলৰ ভিতৰত আছে অর্থনীতিবিদ কে ভি ৰাজু, এইছৰ সঞ্চালক এম শ্রীনিবাস তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অভয় কৰণ্ডীকৰ। এই নিযুক্তিৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাহিড়ী আৰু নতুন পূৰ্ণকালীন সদস্যৰ কাৰ্যকাল ফলদায়ক হোৱাৰ আশা কৰে। 


উক্ত পাঁচজন সদস্যৰ ভিতৰত আন দুজন হৈছে বিজ্ঞানী গোবর্ধন দাস আৰু প্ৰাক্তন কেবিনেট সচিব ৰাজীৱ গৌবা। প্রধানমন্ত্রীয়ে আৰু কয় যে নিটি আয়োগ ভাৰতৰ নীতি ৰচনাৰ স্থাপত্যত এক গুৰুত্বপূৰ্ণ স্তম্ভ, যি সহযোগিতামূলক ফেডাৰেলিজম তথা সংস্কাৰ বৃদ্ধি কৰিছে। তেওঁ আৰু কয়, 'উদ্ভাৱনৰ বাবে তথা বিভিন্ন খণ্ডৰ দীর্ঘম্যাদী কৌশলগত চিন্তাৰ বাবে ই এক গতিশীল মঞ্চ।' উল্লেখযোগ্য যে প্রধানমন্ত্রী হৈছে নিটি আয়োগৰ অধ্যক্ষ।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু