--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰত চৰকাৰৰ দ্বাদশ মুখ্য অর্থনৈতিক উপদেষ্টা আৰু পঞ্চদশ বিত্ত আয়োগৰ এজন সদস্য ড° অশোক কুমাৰ লাহিড়ী বর্তমান পশ্চিম বংগ বিধানসভাৰ বালুঘাট সমষ্টিৰ বিধায়ক।

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে শনিবাৰে নিটি আয়োগ পুনৰ গঠন কৰে। ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ কৰাৰ উপৰি পাঁচজন পূর্ণকালীন সদস্যকো চৰকাৰে নিযুক্তি দিয়ে। 


ভাৰত চৰকাৰৰ দ্বাদশ মুখ্য অর্থনৈতিক উপদেষ্টা আৰু পঞ্চদশ বিত্ত আয়োগৰ এজন সদস্য ড° অশোক কুমাৰ লাহিড়ী বর্তমান পশ্চিম বংগ বিধানসভাৰ বালুঘাট সমষ্টিৰ বিধায়ক। তেওঁ ৩০ এপ্রিলত নিটি আয়োগৰ উপাধ্যক্ষৰ কাৰ্যভাৰ গ্ৰহণ কৰিব।


ইফালে নিটি আয়োগৰ নৱ-নিযুক্ত সদস্যসকলৰ ভিতৰত আছে অর্থনীতিবিদ কে ভি ৰাজু, এইছৰ সঞ্চালক এম শ্রীনিবাস তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অভয় কৰণ্ডীকৰ। এই নিযুক্তিৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাহিড়ী আৰু নতুন পূৰ্ণকালীন সদস্যৰ কাৰ্যকাল ফলদায়ক হোৱাৰ আশা কৰে। 


উক্ত পাঁচজন সদস্যৰ ভিতৰত আন দুজন হৈছে বিজ্ঞানী গোবর্ধন দাস আৰু প্ৰাক্তন কেবিনেট সচিব ৰাজীৱ গৌবা। প্রধানমন্ত্রীয়ে আৰু কয় যে নিটি আয়োগ ভাৰতৰ নীতি ৰচনাৰ স্থাপত্যত এক গুৰুত্বপূৰ্ণ স্তম্ভ, যি সহযোগিতামূলক ফেডাৰেলিজম তথা সংস্কাৰ বৃদ্ধি কৰিছে। তেওঁ আৰু কয়, 'উদ্ভাৱনৰ বাবে তথা বিভিন্ন খণ্ডৰ দীর্ঘম্যাদী কৌশলগত চিন্তাৰ বাবে ই এক গতিশীল মঞ্চ।' উল্লেখযোগ্য যে প্রধানমন্ত্রী হৈছে নিটি আয়োগৰ অধ্যক্ষ।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ