--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সেনাৰ দিল্লীৰ ছাউনী আৰু সোণীপত ৰে'ললাইনৰ সমীপত সৌৰচালিত চি চি টিভি কেমেৰা সংস্থাপন কৰিবলৈ চক্ৰটোৰ ১২জন যুৱকে স্থানীয় লোকক প্রলোভন দিয়াৰ অভিযোগত সিহঁতক গ্ৰেপ্তাৰ কৰা হয়।

ডিজিটেল ডেস্ক: ভাৰতীয় সেনাৰ ছাউনীৰ সমীপত চি চি টিভি কেমেৰা সংস্থাপন কৰি পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা দুটা চক্রক নিৰাপত্তা বাহিনীয়ে উৎখাত কাৰিবলৈ সক্ষম হৈছে। দিল্লী, হাৰিয়ানা, পঞ্জাব, ৰাজস্থানৰ পাকিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত চোৰাংচোৱাগিৰিৰ এই নতুন কৌশল অৱলম্বন কৰিছিল চক্র দুটাই।


যোৱা মার্চত উত্তৰ প্রদেশ স্পেচিয়েল টাস্ক ফ'ৰ্চৰ সৈতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত প্রথমটো চোৰাংচোৱাগিৰিৰ তথ্য পোহৰলৈ আহে। সেনাৰ দিল্লীৰ ছাউনী আৰু সোণীপত ৰে'ললাইনৰ সমীপত সৌৰচালিত চি চি টিভি কেমেৰা সংস্থাপন কৰিবলৈ চক্ৰটোৰ ১২জন যুৱকে স্থানীয় লোকক প্রলোভন দিয়াৰ অভিযোগত সিহঁতক গ্ৰেপ্তাৰ কৰা হয়। 


আনহাতে, আনটো চোৰাংচোৱাগিৰি চক্ৰক এপ্রিলৰ মাজভাগত দিল্লী আৰক্ষীৰ বিশেষ শাখাই উৎখাত কৰে। দিল্লী আৰু পঞ্জাবৰ ১১ যুৱকে পঞ্জাব আৰু ৰাজস্থানৰ পাকিস্তান সীমান্তৱর্তী অঞ্চলত থকা ভাৰতীয় সেনাৰ ছাউনীৰ সমীপত নটা সৌৰচালিত চি চি টিভি কেমেৰা সংস্থাপন কৰাৰ সৈতে জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে এই দুটা চোৰাংচোৱাগিৰি চক্ৰৰে জড়িত ৩০জন যুৱকক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছত জেৰা কৰোঁতে এই যুৱককেইটাই পাকিস্তানৰ আই এছ আইৰ হৈ চোৰাংচোৱাগিৰিত লিপ্ত আছিল বুলি স্বীকাৰ কৰিছে। 


আনহাতে, নিৰাপত্তা বাহিনীয়ে দিল্লী, উত্তৰ প্রদেশ, ৰাজস্থান আৰু পঞ্জাবত বর্তমানেও অভিযান চলাই আছে। নিৰাপত্তা বাহিনীয়ে সন্দেহ প্রকাশ কৰিছে যে ৰাজ্যকেইখনত আৰু অধিক যুৱক এই চোৰাংচোৱাগিৰি কাৰ্যত পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰে জড়িত হৈ সক্রিয় কাম-কাজত লিপ্ত আছে। আৰক্ষী বিষয়াসকলৰ মতে এই চক্র দুটাৰ সদস্যবোৰে স্থানীয় যুৱকসকলক বিত্তীয় সাহাৰ্যৰ প্রতিশ্রুতিৰে প্রলোভন দি বিনিময়ত সেনাৰ স্পৰ্শকাতৰ স্থানবোৰত চি চি টিভি কেমেৰা স্থাপনৰ বাবে নিয়োগ কৰিছিল আৰু সিহঁতৰ মুখ্য উদ্দেশ্য আছিল সেনাৰ স্পৰ্শকাতৰ তথ্যবোৰ পাকিস্তানৰ আই এছ আইৰ হেণ্ডলাৰক যোগান ধৰাটো।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু