--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সেনাৰ দিল্লীৰ ছাউনী আৰু সোণীপত ৰে'ললাইনৰ সমীপত সৌৰচালিত চি চি টিভি কেমেৰা সংস্থাপন কৰিবলৈ চক্ৰটোৰ ১২জন যুৱকে স্থানীয় লোকক প্রলোভন দিয়াৰ অভিযোগত সিহঁতক গ্ৰেপ্তাৰ কৰা হয়।

ডিজিটেল ডেস্ক: ভাৰতীয় সেনাৰ ছাউনীৰ সমীপত চি চি টিভি কেমেৰা সংস্থাপন কৰি পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা দুটা চক্রক নিৰাপত্তা বাহিনীয়ে উৎখাত কাৰিবলৈ সক্ষম হৈছে। দিল্লী, হাৰিয়ানা, পঞ্জাব, ৰাজস্থানৰ পাকিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত চোৰাংচোৱাগিৰিৰ এই নতুন কৌশল অৱলম্বন কৰিছিল চক্র দুটাই।


যোৱা মার্চত উত্তৰ প্রদেশ স্পেচিয়েল টাস্ক ফ'ৰ্চৰ সৈতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত প্রথমটো চোৰাংচোৱাগিৰিৰ তথ্য পোহৰলৈ আহে। সেনাৰ দিল্লীৰ ছাউনী আৰু সোণীপত ৰে'ললাইনৰ সমীপত সৌৰচালিত চি চি টিভি কেমেৰা সংস্থাপন কৰিবলৈ চক্ৰটোৰ ১২জন যুৱকে স্থানীয় লোকক প্রলোভন দিয়াৰ অভিযোগত সিহঁতক গ্ৰেপ্তাৰ কৰা হয়। 


আনহাতে, আনটো চোৰাংচোৱাগিৰি চক্ৰক এপ্রিলৰ মাজভাগত দিল্লী আৰক্ষীৰ বিশেষ শাখাই উৎখাত কৰে। দিল্লী আৰু পঞ্জাবৰ ১১ যুৱকে পঞ্জাব আৰু ৰাজস্থানৰ পাকিস্তান সীমান্তৱর্তী অঞ্চলত থকা ভাৰতীয় সেনাৰ ছাউনীৰ সমীপত নটা সৌৰচালিত চি চি টিভি কেমেৰা সংস্থাপন কৰাৰ সৈতে জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে এই দুটা চোৰাংচোৱাগিৰি চক্ৰৰে জড়িত ৩০জন যুৱকক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছত জেৰা কৰোঁতে এই যুৱককেইটাই পাকিস্তানৰ আই এছ আইৰ হৈ চোৰাংচোৱাগিৰিত লিপ্ত আছিল বুলি স্বীকাৰ কৰিছে। 


আনহাতে, নিৰাপত্তা বাহিনীয়ে দিল্লী, উত্তৰ প্রদেশ, ৰাজস্থান আৰু পঞ্জাবত বর্তমানেও অভিযান চলাই আছে। নিৰাপত্তা বাহিনীয়ে সন্দেহ প্রকাশ কৰিছে যে ৰাজ্যকেইখনত আৰু অধিক যুৱক এই চোৰাংচোৱাগিৰি কাৰ্যত পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰে জড়িত হৈ সক্রিয় কাম-কাজত লিপ্ত আছে। আৰক্ষী বিষয়াসকলৰ মতে এই চক্র দুটাৰ সদস্যবোৰে স্থানীয় যুৱকসকলক বিত্তীয় সাহাৰ্যৰ প্রতিশ্রুতিৰে প্রলোভন দি বিনিময়ত সেনাৰ স্পৰ্শকাতৰ স্থানবোৰত চি চি টিভি কেমেৰা স্থাপনৰ বাবে নিয়োগ কৰিছিল আৰু সিহঁতৰ মুখ্য উদ্দেশ্য আছিল সেনাৰ স্পৰ্শকাতৰ তথ্যবোৰ পাকিস্তানৰ আই এছ আইৰ হেণ্ডলাৰক যোগান ধৰাটো।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ