--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰৰ মতে ৰাশিফলত ৯টা গ্ৰহ আৰু ২৭টা নক্ষত্ৰমণ্ডল আছে। যদি এই গ্ৰহবোৰৰ এটাও অশুভ অৱস্থাত থাকে, তেন্তে মানুহৰ জীৱনত কেৱল বিপদৰ সৃষ্টি হয়। এনে পৰিস্থিতিত ৯টা গ্ৰহৰ অৱস্থা উন্নত কৰিবলৈ কিছুমান গছ-গছনিৰ কথা উল্লেখ কৰা হৈছে, যিয়ে গ্ৰহৰ দোষ দূৰ কৰি ব্যক্তিজনৰ ভাগ্যক জিলিকাই তোলে।

 ১. জ্যোতিষশাস্ত্ৰত কেতু গ্ৰহক ছাঁয়া গ্ৰহ বুলি গণ্য কৰা হয়। ৰাশিফলত কেতুৰ বেয়া অৱস্থানে এজন ব্যক্তিৰ জীৱনত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। কেতুৰ অৱস্থা শুধৰাবলৈ অশ্বগন্ধা গছত পূজা কৰিব লাগে। কোৱা হয় যে এই গছত পূজা কৰিলে মানুহৰ মানসিক সমস্যাবোৰ নাইকিয়া হয়। কেৱল এয়াই নহয়, এই উদ্ভিদক পূজা কৰিলে এজন ব্যক্তিৰ সকলো ইচ্ছা পূৰণ হয়।

 ২. জ্যোতিষশাস্ত্ৰৰ মতে শামি গছ শনি গ্ৰহৰ সৈতে সম্পৰ্কিত। সেয়েহে শনিবাৰে শামি গছত জল অৰ্পণ আৰু পূজা কৰিলে শনি গ্ৰহৰ আশীৰ্বাদ লাভ কৰাৰ লগতে জীৱনলৈ অহা বাধাবোৰো দূৰ হয়।

 ৩. ৰাহুৱে যদি কোনো ব্যক্তিৰ ৰাশিত অশুভ ফল দি আছে বা ৰাহু খঙাল হয়, তেন্তে সেই ব্যক্তিজনে জীৱনত বহুত কষ্টৰ সন্মুখীন হ’বলগীয়া হয়। এই যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ চন্দন গছত পূজা কৰাটো অত্যন্ত শুভ মনা হয়।

 ৪. কোৱা হয় যে আঁহত গছত ভগৱান বিষ্ণুয়ে বাস কৰে। সেয়েহে বৃহস্পতি গ্ৰহৰ শুভ ফলাফলৰ বাবে আঁহত গছক নিয়মিতভাৱে পানী আগবঢ়াব লাগে। আনহাতে বৃহস্পতিবাৰে আঁহত গছক পূজা কৰিলে ভগৱান বিষ্ণুৰ আশীৰ্বাদ পোৱা যায়।

 ৫. ৰাশিফলত বুধৰ বেয়া অৱস্থান শুধৰণি কৰিবলৈ আপামৰ্গ উদ্ভিদ পূজা কৰিব লাগে। ৰাশিফলত বুধৰ বেয়া অৱস্থানে ব্যক্তিজনৰ শাৰীৰিক সমস্যা বৃদ্ধি কৰে।এই ধৰণে আপামৰ্গ উদ্ভিদক পূজা কৰিলে ৰাশিফলত বুধ গ্ৰহ শান্ত হয়।

 ৬. খেৰ উদ্ভিদ মংগল গ্ৰহৰ লগত সম্পৰ্কিত। ইয়াক কঠা বুলিও জনা যায়। এই উদ্ভিদৰ নিয়মীয়া পূজা কৰিলে তেজৰ বিকাৰ আৰু ছালৰ লগত জড়িত ৰোগ নিৰাময় হয় বুলি কোৱা হয়। মানুহৰ প্ৰতিপত্তি বাঢ়ি যায়। জ্যোতিষৰ মতে মংগল গ্ৰহক শান্ত কৰিবলৈ এই উদ্ভিদৰ পূজা শুভ আৰু ফলদায়ক বুলি প্ৰমাণিত হয়।

 ৭. পলাশ গছ চন্দ্ৰ গ্ৰহৰ সৈতে সম্পৰ্কিত। চন্দ্ৰক মনৰ কাৰক হিচাপে গণ্য কৰা হৈছে। কোৱা হয় যে এই উদ্ভিদক পূজা কৰিলে মনটো শান্ত হয়, ইয়াৰ লগতে ব্যক্তিজনে মানসিক ৰোগৰ পৰাও মুক্তি পায়। এই উদ্ভিদক পূজা কৰিলে ব্যক্তিজনে শুভ ফল লাভ কৰে।

 ৮. জ্যোতিষশাস্ত্ৰৰ মতে মদাৰ গছ সূৰ্য্যৰ সৈতে সম্পৰ্কিত। ইয়াক আক বা আকন্দ উদ্ভিদ বুলিও কোৱা হয়। শাস্ত্ৰ মতে এই উদ্ভিদ পূজা কৰিলে ব্যক্তিৰ বৌদ্ধিক বিকাশ হয়। ৰাশিফলত সূৰ্য্যৰ অৱস্থান অনুকূল কৰিবলৈ দেওবাৰে পূজা কৰি সূৰ্য্যৰ মহিমা লাভ কৰাটো ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু