--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

In Short

  • ১৯৯১ চনৰ পৰা ২০১১ চনলৈ হোৱা তিনিটা লোকপিয়লত ৰাজ্যত অসমীয়া ভাষা কোৱা লোকৰ হাৰ ভয়াবহভাৱে হ্রাস পোৱাৰ কথা পোহৰলৈ আহিছে।

ডিজিটেল ডেস্ক: প্রতিটো লোকপিয়লতে অসমীয়াভাষী লোকৰ সংখ্যা হ্রাস হৈ ধ্রুপদী ভাষাটোৰ অস্তিত্বই সংকটত পৰাৰ ইংগিত দিয়াৰ সময়ত অসম সাহিত্য সভাই চৰবাসীক অসমীয়া ভাষাক নিজৰ ভাষা বুলি স্বীকৃতি দিবলৈ আহ্বান জনাইছে। 


উল্লেখযোগ্য যে অহা এক এপ্ৰিলৰ পৰা লোকপিয়ল আৰম্ভ হ'ব। ৰাজনৈতিক পৰিস্থিতি তথা পৰিৱেশৰ বাবে চৰবাসীয়ে এইবাৰৰ লোকপিয়লত তেওঁলোকৰ ভাষা অসমীয়া বুলি ক'ব নে নকয় বুলি প্ৰশ্নৰ উদয় হোৱাৰ সময়তে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই মন্তব্য কৰিছে যে কোনোৱে প্ৰৰোচনা কৰিলেও যাতে চৰবাসী আন ভাষাৰ সংস্পৰ্শলৈ নাযায়। 


১৯৯১ চনৰ পৰা ২০১১ চনলৈ হোৱা তিনিটা লোকপিয়লত ৰাজ্যত অসমীয়া ভাষা কোৱা লোকৰ হাৰ ভয়াবহভাৱে হ্রাস পোৱাৰ কথা পোহৰলৈ আহিছে। হ'বলগীয়া লোকপিয়লত অসমীয়াভাষী লোকৰ সংখ্যা আগতকৈ কমিল নে বাঢ়িল সেই কথা পোহৰলৈ আহিব। ১৯৯১ চনৰ লোকপিয়লৰ তথ্য মতে, ৰাজ্যত অসমীয়াভাষী লোকৰ হাৰ আছিল ৫৭.৮১ শতাংশ। ২০০১ চনৰ পিয়লত এই হাৰ হ্রাস হ'ল ৪৮.৮০ শতাংশলৈ। প্রতিটো লোকপিয়লতে স্বাভাৱিকতে জনসংখ্যা বৃদ্ধি পায়। জনসংখ্যা বৃদ্ধি হৈছে যদিও সেই অনুসাৰে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱা নাই, বৰং হ্রাসহে হৈছে। কাৰণ ১৯৯১ চনৰ লোকপিয়লত যিখন ৰাজ্যত ৫৭.৮১ শতাংশ লোক অসমীয়াভাষী আছিল যদিও সেই ৰাজ্যখনত দুটা দশকৰ পাছত, অর্থাৎ ২০১১ চনৰ পিয়লত অসমীয়াভাষী লোকৰ হাৰ হ্ৰাস হ'ল ৪৮.৩৮ শতাংশলৈ। 


অসম সাহিত্য সভাৰ উপ-সভাপতি ৰাজখোৱাই অলপতে অনুষ্ঠিত গৰৈমাৰী আঞ্চলিক (স্বর্ণ) শাখা সাহিত্য সভাৰ দ্বি-বার্ষিক অধিৱেশনত উপস্থিত থাকি মন্তব্য কৰে যে ৰাজনীতি পৃথক আৰু সমাজনীতি পৃথক। ৰাজ্যৰ ৰাজনীতিত 'মিঞা' শব্দটোক লৈ ৰাজনৈতিক দলসমূহে বা নেতাসকলে আক্রমণ-প্রত্যাক্রমণত লিপ্ত হৈ থকাৰ সময়ত অসম সাহিত্য সভাৰ উপ-সভাপতিজনে ৰাজহুৱাকৈ কয় যে 'মিঞা' শব্দটো ৰাজনৈতিক ভাষা। ৰাজনৈতিক লাভালাভৰ বাবে সময়ে সময়ে কয়। কিন্তু সমাজনীতিত ঐক্যবদ্ধ, সম্প্ৰীতিৰ বান্ধোন থাকিব লাগে। মানুহক মানুহ হিচাপে চাব লাগিব, সন্মান জনাব লাগিব। অসম সাহিত্য সভাৰ উপ-সভাপতিজনে লগতে কয় যে চৰত ল'ৰা-ছোৱালীয়ে অসমীয়া মাধ্যমত পঢ়িছে, গামোচাক আদৰি লৈছে। চৰ, পাহাৰ, ভৈয়ামত বাস কৰা সকলো ভাৰতীয় লোকেই অসমীয়া। তেওঁলোকে নিজকে অসমীয়া বুলি গণ্য কৰিছে। অসমীয়া হৈ আছে, অসমীয়া হৈ তেওঁলোকক থাকিবলৈও সাহিত্য সভাৰ উপ-সভাপতিজনে আহ্বান জনায়। 


উল্লেখযোগ্য যে এফালে অসমীয়াই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, আনফালে অন্য ভাষী লোকৰ হাৰ বৃদ্ধিয়ে যে অসমীয়া ভাষাক সংকটৰ মাজলৈ নিছে, সেই কথা লোকপিয়লৰ তথ্যত ওলাই পৰিছে। ১৯৯১ চনৰ পিয়লত অসমত বাংলাভাষী লোকৰ হাৰ আছিল ২১.৬৭ শতাংশ। ২০০১ চনৰ পিয়লত বাংলাভাষী লোকৰ হাৰ বৃদ্ধি পালে ২৭.৫৪ শতাংশলৈ। ২০১১ চনৰ পিয়লত বাংলাভাষী লোকৰ হাৰ হ'লগৈ ২৯.৯১ শতাংশ। বাংলাভাষী লোকৰ হাৰ বৃদ্ধি পোৱাৰ বিপৰীতে অসমীয়াভাষীৰ দৰে বড়োভাষী লোকৰ হাৰো বৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাসহে হৈছে। ২০০১ চনত বড়োভাষী লোকৰ হাৰ ৪.৮৬ শতাংশৰ পৰা ২০১১ চনত হ্রাস হ'ল ৪.৫৩ শতাংশলৈ। অসমীয়া, বড়োৰ লগতে ৰাভা, চাওতালীভাষী লোকৰো হাৰ হ্ৰাস হৈছে। ইয়াৰ বিপৰীতে বাংলাভাষী লোকৰ দৰে ৰাজ্যত হিন্দীভাষী লোকৰ হাৰো বৃদ্ধি হোৱাৰ কথা লোকপিয়লৰ তথ্যত প্ৰকাশ হৈছিল। ৰাজ্যত ২০০১ চনত হিন্দীভাষী লোকৰ হাৰ আছিল ৫.৮৯ শতাংশ। আনহাতে, ২০১১ চনত হিন্দীভাষী লোকৰ হাৰ বৃদ্ধি পালে ৬.৭৩ শতাংশ। 


লোকপিয়ল সমাগত, এক এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত লোকপিয়ল সমাপ্ত হ'ব। পূর্বে যিসকল লোকে নিজকে অসমীয়াভাষী বুলি পৰিচয় দি আহিছিল, এইবাৰ সেই লোকসকলে অসমীয়া নিজৰ ভাষা বুলি পৰিচয় দিব নে নিদিয়ে তাৰ ওপৰতে অসমীয়া ভাষাৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে। অসমীয়া ভাষাৰ হকে কাম কৰি অহা ৰাজ্যৰ জাতীয় সংগঠন অসম সাহিত্য সভাই সেয়েহে চৰবাসীক কোনোবাই প্ৰৰোচিত কৰিলেও সেই ভাষাৰ সংস্পৰ্শলৈ নগৈ নিজক অসমীয়া বুলি গৌৰৱ কৰি অসমীয়া নিজৰ ভাষা বুলি স্বীকৃতি দিবলৈ পিয়লৰ প্ৰাকক্ষণত আহ্বান জনাইছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বকাপক লৈ বিতর্ক; ইৰানী অনুৰাগীৰ আবণ্টিত টিকট বাতিল ফিফাৰ
এছ বি আইৰ প্ৰতিবেদন; ২৮% অপৰাধ হ্রাস হৈছে অসমত
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement