--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • একাংশ লোকে মূল্যৱান হাবি-জংঘলৰ লগতে সৰু-বৰ বহু গছ কাটি পবাৰ বক্ষত অবৈধভাৱে কচু খেতি আৰম্ভ কৰি বিশ্ব ৰেকৰ্ড গঢ়াৰ অপচেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে।

ডিজিটেল ডেস্ক : ধেমাজি জিলাৰ জোনাই সমজিলাৰ একমাত্র বৰ্ষাৰণ্য তথা জৈৱ বৈচিত্র্যৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলত মূল্যৱান গছ কাটি ধ্বংসযজ্ঞ চলাই থকাৰ মাৰ নৌযাওঁতেই এইবাৰ পবাৰ বুকুত পৰিছে প্রচণ্ড কোৰৰ কোব। 


একাংশ লোকে মূল্যৱান হাবি-জংঘলৰ লগতে সৰু-বৰ বহু গছ কাটি পবাৰ বক্ষত অবৈধভাৱে কচু খেতি আৰম্ভ কৰি বিশ্ব ৰেকৰ্ড গঢ়াৰ অপচেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে। এই ঘটনাক লৈ জোনাই বন বিভাগৰ নির্লিপ্ত ভূমিকাৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে স্থানীয় একাংশ প্রকৃতিপ্রেমীয়ে। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি প্ৰস্তাৱিত পবা বনাঞ্চলৰ বিভিন্ন অংশত একাংশ বনদস্যুৱে বহু মূল্যৱান প্রকাণ্ড গছ কাটি তহিলং কৰাৰ অভিযোগ উঠি আহিছে। সেই ঘটনাৰ মাৰ নৌযাওঁতেই এইবাৰ পবাৰ বুকুৰ তিনিমাইল বীট খণ্ডৰ একেবাৰে কাষতে একাংশ লোকে পবাৰ মাটি বেদখল কৰি অবৈধভাৱে বিঘাই বিঘাই কচু খেতিৰ লগতে অন্যান্য কৃষিকার্য আৰম্ভ কৰিবলৈ লোৱা কাৰ্যক লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।


বৰ্ষাৰণ্য পবাক অসম চৰকাৰে বন্যপ্রাণী অভয়াৰণ্যলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে জোনাই বন বিভাগৰ চৰম ব্যৰ্থতা আৰু দায়িত্বহীন ভূমিকাই গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। এই ঘটনাক লৈ জোনাইৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় একাংশ প্রকৃতিপ্রেমীয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। উল্লেখযোগ্য যে জোনাইৰ বিভিন্ন দল-সংগঠন আৰু একাংশ সচেতন ৰাইজে বৰ্ষাৰণ্য পবাক বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ লগতে বিশ্বৰ মানচিত্রত চিনাক্তকৰণৰ দাবীত বিভিন্ন কার্যসূচী হাতত লৈ আহিছে। তেনে সময়তে পবাৰ বুকুত মূল্যৱান গছ কাটি ধ্বংসযজ্ঞ চলোৱা, মাটি বেদখল কৰি অবৈধভাৱে খেতি আৰম্ভ কৰা কাৰ্যক লৈ তীব্ৰ গৰিহণা দিছে অঞ্চলটোৰ একাংশ সচেতন প্রকৃতিপ্রেমীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি জোনাই বন বিভাগে দুষ্কৃতিকাৰীসকলৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ কমিছন লাভৰ উদ্দেশ্যে এই ধ্বংসযজ্ঞক মৌন সমর্থন জনোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।


অভিযোগ অনুসৰি, বিয়াগোম জোনাই বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ নির্লিপ্ততাৰ ফলস্বৰূপে প্রতিদিনে পবাৰ বুকুত মূল্যৱান গছ কটা আৰু এফালৰ পৰা মাটি বেদখল কৰি অবৈধ খেতি কৰি চলাই যোৱাৰ সুযোগ পাইছে একাংশ দুষ্কৃতিকাৰীয়ে। এনে পৰিস্থিতিত অতি শীঘ্ৰে পবা বনাঞ্চলৰ সুৰক্ষা আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিব নোৱৰা জোনাই বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক উচ্চ পৰ্যায়ৰ তদন্ত কৰি তাৎক্ষণিকভাৱে বদলিকৰণ কৰাৰ দাবী তুলিছে অঞ্চলটোৰ একাংশ সচেতন আৰু প্রকৃতিপ্রেমীয়ে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ