--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • একাংশ লোকে মূল্যৱান হাবি-জংঘলৰ লগতে সৰু-বৰ বহু গছ কাটি পবাৰ বক্ষত অবৈধভাৱে কচু খেতি আৰম্ভ কৰি বিশ্ব ৰেকৰ্ড গঢ়াৰ অপচেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে।

ডিজিটেল ডেস্ক : ধেমাজি জিলাৰ জোনাই সমজিলাৰ একমাত্র বৰ্ষাৰণ্য তথা জৈৱ বৈচিত্র্যৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলত মূল্যৱান গছ কাটি ধ্বংসযজ্ঞ চলাই থকাৰ মাৰ নৌযাওঁতেই এইবাৰ পবাৰ বুকুত পৰিছে প্রচণ্ড কোৰৰ কোব। 


একাংশ লোকে মূল্যৱান হাবি-জংঘলৰ লগতে সৰু-বৰ বহু গছ কাটি পবাৰ বক্ষত অবৈধভাৱে কচু খেতি আৰম্ভ কৰি বিশ্ব ৰেকৰ্ড গঢ়াৰ অপচেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে। এই ঘটনাক লৈ জোনাই বন বিভাগৰ নির্লিপ্ত ভূমিকাৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে স্থানীয় একাংশ প্রকৃতিপ্রেমীয়ে। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি প্ৰস্তাৱিত পবা বনাঞ্চলৰ বিভিন্ন অংশত একাংশ বনদস্যুৱে বহু মূল্যৱান প্রকাণ্ড গছ কাটি তহিলং কৰাৰ অভিযোগ উঠি আহিছে। সেই ঘটনাৰ মাৰ নৌযাওঁতেই এইবাৰ পবাৰ বুকুৰ তিনিমাইল বীট খণ্ডৰ একেবাৰে কাষতে একাংশ লোকে পবাৰ মাটি বেদখল কৰি অবৈধভাৱে বিঘাই বিঘাই কচু খেতিৰ লগতে অন্যান্য কৃষিকার্য আৰম্ভ কৰিবলৈ লোৱা কাৰ্যক লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।


বৰ্ষাৰণ্য পবাক অসম চৰকাৰে বন্যপ্রাণী অভয়াৰণ্যলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে জোনাই বন বিভাগৰ চৰম ব্যৰ্থতা আৰু দায়িত্বহীন ভূমিকাই গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। এই ঘটনাক লৈ জোনাইৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় একাংশ প্রকৃতিপ্রেমীয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। উল্লেখযোগ্য যে জোনাইৰ বিভিন্ন দল-সংগঠন আৰু একাংশ সচেতন ৰাইজে বৰ্ষাৰণ্য পবাক বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ লগতে বিশ্বৰ মানচিত্রত চিনাক্তকৰণৰ দাবীত বিভিন্ন কার্যসূচী হাতত লৈ আহিছে। তেনে সময়তে পবাৰ বুকুত মূল্যৱান গছ কাটি ধ্বংসযজ্ঞ চলোৱা, মাটি বেদখল কৰি অবৈধভাৱে খেতি আৰম্ভ কৰা কাৰ্যক লৈ তীব্ৰ গৰিহণা দিছে অঞ্চলটোৰ একাংশ সচেতন প্রকৃতিপ্রেমীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি জোনাই বন বিভাগে দুষ্কৃতিকাৰীসকলৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ কমিছন লাভৰ উদ্দেশ্যে এই ধ্বংসযজ্ঞক মৌন সমর্থন জনোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।


অভিযোগ অনুসৰি, বিয়াগোম জোনাই বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ নির্লিপ্ততাৰ ফলস্বৰূপে প্রতিদিনে পবাৰ বুকুত মূল্যৱান গছ কটা আৰু এফালৰ পৰা মাটি বেদখল কৰি অবৈধ খেতি কৰি চলাই যোৱাৰ সুযোগ পাইছে একাংশ দুষ্কৃতিকাৰীয়ে। এনে পৰিস্থিতিত অতি শীঘ্ৰে পবা বনাঞ্চলৰ সুৰক্ষা আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিব নোৱৰা জোনাই বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক উচ্চ পৰ্যায়ৰ তদন্ত কৰি তাৎক্ষণিকভাৱে বদলিকৰণ কৰাৰ দাবী তুলিছে অঞ্চলটোৰ একাংশ সচেতন আৰু প্রকৃতিপ্রেমীয়ে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু