--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • তেওঁলোকে আশা প্ৰকাশ কৰে যে আগন্তুক দিনত গঠন হ’বলগীয়া NDA চৰকাৰখনে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠী আৰু ধৰ্মৰ লোকক সমানে লগত লৈ আগুৱাই যাব।

ডিজিটেল ডেস্ক: অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি আজি তৃতীয়বাৰৰ বাবে আনুষ্ঠানিকভাৱে গঠন হ’বলৈ গৈ আছে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰ। ড° হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ৰাজ্যখনৰ শাসনভাৰ গ্ৰহণ কৰিব। চৰকাৰ গঠনৰ এই বিশেষ ক্ষণত চামগুৰিৰ পুৰণিগুদামত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী তথা প্ৰেৰণাদায়ক দৃশ্য।


পুৰণিগুদামৰ মুছলিম সম্প্ৰদায়ৰ ৰাইজে অঞ্চলটোৰ প্ৰায় ২০০ বছৰীয়া পুৰণি ঐতিহাসিক মছজিদত সমবেত হৈ নতুন চৰকাৰখনৰ সফলতাৰ বাবে আল্লাহৰ ওচৰত সমূহীয়া দোৱা কৰে। পুৰণিগুদাম ন-আলি মূৰৰ আঞ্জুমান ইছলামীয়াৰ উদ্যোগত আয়োজিত এই প্ৰাৰ্থনা সভাত ধৰ্মীয় ৰীতি-নীতিৰে চৰকাৰৰ মংগল কামনা কৰা হয়।


এই বিশেষ প্ৰাৰ্থনাৰ জৰিয়তে ৰাইজে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰে। তেওঁলোকে আশা প্ৰকাশ কৰে যে আগন্তুক দিনত গঠন হ’বলগীয়া NDA চৰকাৰখনে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠী আৰু ধৰ্মৰ লোকক সমানে লগত লৈ আগুৱাই যাব। ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰাত কোনো ধৰণৰ ভেদাভেদ নোহোৱাকৈ সকলোৱে যাতে সুফল লাভ কৰে, তাৰ বাবে চৰকাৰখন দায়বদ্ধ হ’ব।


সাম্প্ৰতিক সময়ত পুৰণিগুদামৰ ৰাইজে দাঙি ধৰা এই ঐক্য আৰু ভাতৃত্ববোধৰ নিদৰ্শনে অসমৰ সামাজিক পৰিৱেশত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক