ডিজিটেল ডেস্ক: স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰে চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰি বহু দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকল পৰিয়ালে এসময়ত চৰকাৰী চাকৰি এটাৰ সপোন দেখিবলৈও সাহস কৰা নাছিল, সেইসকল পৰিয়ালেও এতিয়া এটা চৰকাৰী চাকৰি সপোন দেখা হল। এনে এক সপোন পূৰণ হৈছিল বঢ়মপুৰ ভেৰভেৰিৰ বৰষা বৰুৱাৰ পৰিয়াল। পিতৃৰ জীৱিকা ঠেলা চলোৱা। ঠেলা চলাই পৰিয়াল পোহপাল দিয়া পিতৃৰ একমাত্ৰ জীয়ৰী বৰষা বৰুৱাই লাভ কৰিছিল অসম আৰক্ষীৰ চাকৰি।
৯ মাহৰ আৰক্ষী প্ৰশিক্ষণ সম্পূৰ্ণ কৰি নিজ গৃহলৈ উভতি অহাৰ পিছতে আনন্দত আত্মহাৰা পৰিয়ালটো।জীয়ৰীয়ে চৰকাৰী চাকৰি লাভ কৰাৰ দিনৰ পৰাই পিতৃয়েও এৰিলে ঠেলা চলোৱা কাম। যেন দৰিদ্ৰতাৰ আন্ধাৰ আঁতৰাই পৰিয়ালটোলৈ নামি আহিল পোহৰৰ বন্যা।
এই সুখৰ মুহূৰ্তত বৰষা বৰুৱাৰ পিতৃ-মাতৃৰ মনত আছে এক বিশেষ আশা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিজ গৃহলৈ আলহী হিচাপে নিমন্ত্ৰণ জনাইছে পৰিয়ালটোৱে। পিতৃ-মাতৃৰ আন্তৰিক ইচ্ছা, মুখ্যমন্ত্ৰীক এদিন ঘৰত এসাজ ভাত খুৱাব। বাৰী-পুখুৰীৰ মাছ আৰু থলুৱা খাদ্যৰে মুখ্যমন্ত্ৰীক আপ্যায়ন কৰাৰ সপোন দেখিছে ঠেলা চালক পিতৃয়ে। মুখ্যমন্ত্ৰীক ঔ-টেঙা মাছ, কচু পাতত দিয়া, গাজ টেঙাৰে আপ্যায়ন কৰিবলৈ মন পৰিয়ালটোৰ।
এসময়ত দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা পৰিয়ালটোৱে এতিয়া দেখিছে নতুন আশাৰ বাট। মুখ্যমন্ত্ৰীৰ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰৰ জীয়ৰীয়ে লাভ কৰা চৰকাৰী চাকৰিয়ে যেন পৰিয়ালটোৰ জীৱনলৈ আনিছে নতুন দিন। দৰিদ্ৰ পৰিয়ালটোৰ মনত এতিয়া অগাধ বিশ্বাস, তেওঁলোকৰ এই আন্তৰিক নিমন্ত্ৰণ নিশ্চয় গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।